বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলে এতিয়াৰে পৰা যাত্ৰাৰ তিনি ঘন্টা আগতে বিমানবন্দৰত উপস্থিত হব লাগিব। আজি এক জাননীযোগে বিমানবন্দৰ কৰ্তৃপক্ষই এই বিষয়ে সদৰি কৰে। জাননী অনুসৰি এতিয়াৰে পৰা যাত্ৰীসকলে বিমানকোঠত বিমান উৰণৰ নিৰ্দ্ধাৰিত সময়সূচীৰ প্ৰায় ৩ ঘন্টাৰ পূৰ্বেই আহি উপস্থিত হব লাগিব। আগন্তক নতুন বছৰত বৃদ্ধি হবলগীয়া যাত্ৰীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিমানকোঠ কৰ্তৃপক্ষই এই জাননী জাৰি কৰিছে। উল্লেখযোগ্য যে গুৱাহাটী বিমানকোঠত এঘন্টাত কেৱল ৪৫০ যাত্ৰীয়েহে সুচাৰুৰূপে প্ৰস্থান আৰু আগমন কৰিব পাৰে। কিন্তু বৰ্তমান ইয়াৰ প্ৰায় তিনিগুন অধিক যাত্ৰীয়ে প্ৰতি ঘন্টাত অহা-যোৱা কৰি আছে। যাত্ৰীসকলৰ আৰামদায়ক যাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিমানকোঠ কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি বিমানকোঠ মুখপাত্ৰই জানিবলৈ দিয়ে।