বিশেষ বাৰ্তা, ১১ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আমিনগাঁৱত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কার্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ডিব্রুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয় নির্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল৷ এই সিদ্ধান্ত অনুসৰি কার্যালয়টো নির্মাণত প্রায় ৩.৬৬ কোটি টকা ব্যয় কৰা হব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে কামৰূপ জিলা আৰক্ষীৰ দৃষ্টিভংগীৰ পৰা অতিশয় পুৰণি জিলা৷ ১৪খন থানা, ১২খন আউট পোষ্ট আৰু ৫টা পেট্ৰল পোষ্টেৰে কামৰূপ জিলাৰ আৰক্ষী বাহিনীটো গঠিত হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে যোৱা দুটা বছৰত কামৰূপ জিলাৰ আৰক্ষীয়ে বিভিন্ন ক্ষেত্রত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কয় যে এই জিলাখনত আৰক্ষীয়ে ৫ বাৰ ড্রাগছ বিনষ্ট কৰিছে যাৰ পৰিমাণ ৪০ কোটি টকাতকৈও অধিক৷ তেওঁ আশা প্রকাশ কৰে যে কামৰূপ জিলা আৰক্ষীয়ে আৰু অধিক গতিশীলভাৱে কাম কৰিব৷ তেওঁ লগতে কয় যে মৈত্রী আঁচনিৰ জৰিয়তে আৰক্ষী বাহিনীৰ ৰূপান্তৰৰ যাত্রাত অগ্রসৰ হৈছে৷ বর্তমানলৈকে প্রায় ২০০ কোটি টকা ব্যয় সাপেক্ষে ৭৩ খন আৰক্ষী থানা নির্মাণ কৰা হৈছে৷ ৪৬ খন আৰক্ষী থানাৰ কামো দ্বিতীয় পর্যায়ত চলি আছে আৰু ১৭ খন থানাৰ নির্মাণ কার্য প্রায় সম্পূর্ণ হৈছে৷ তেওঁ লগতে কয় যে শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ১৬২ খন থানা নির্মাণৰ বাবে ৫২৩.৬৯ কোটি টকা অনুমোদন দিছে৷ কামৰূপ জিলাৰ পলাশবাৰীত এখন আৰক্ষী থানা ৰাজ্য চৰকাৰে নির্মাণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এটা অট্টালিকাতে থানাৰ লগতে আৰক্ষী বিষয়াসকল থাকিব পৰা আৱাসগৃহ নির্মাণৰ জৰিয়তে এখন মডেল থানা নির্মাণ কৰা হব৷ মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্যৰ আৰক্ষী বাহিনীক অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ তেওঁ কয় যে কিছুদিনৰ ভিতৰতে অসম আৰক্ষী বাহিনীত ৫ টা নতুন কামাণ্ডো বেটেলিয়নে কামত যোগদান কৰিব৷ এই সকলৰ প্রশিক্ষণ সেনাবাহিনীয়ে প্রদান কৰিছে৷ তেওঁ লগতে কয় যে আউট পোষ্ট আৰু পেট্ৰল পোষ্টসমূহ প্রয়োজন ভিত্তিত ৰাজ্য চৰকাৰে থানালৈ ৰূপান্তৰ সাধন কৰিব আৰু কামৰূপ জিলাৰ সৰহ সংখ্যক এনেধৰণৰ আউট পোষ্ট আৰু পেট্ৰল পোষ্ট থানালৈ পৰিৱর্তন সাধন কৰা হব বুলিও তেওঁ কয়৷ অনুষ্ঠানত বিধায়ক ক্রমে ভৱেশ কলিতা, দিগন্ত কলিতা, সুমন হৰিপ্রিয়া, হেমাংগ ঠাকুৰীয়া, আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, উপ আৰক্ষী মহাপৰিদর্শক ব্রজেনজিৎ সিনহা, কামৰূপ জিলাৰ আয়ুক্ত কীর্তি জল্লী, জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্র ৰয় প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷