নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বন্ধ বাণিজ্যিক বাহনৰ চলাচল

🔹 ‘হিট এণ্ড ৰান’ আইন : ৪৮ ঘণ্টীয়া প্রতিবাদ

ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জানুৱাৰী : কেন্দ্রীয় চৰকাৰৰ নতুন আইন ভাৰতীয় ন্যায় সংহিতা ২০২৩ৰ অধীনৰ হিট এণ্ড ৰান ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈছে ৰাজ্যৰ মটৰ শ্রমিক সংগঠনসমূহ৷ কঠোৰ শাস্তি সন্নিৱিষ্ট কৰা এই ব্যৱস্থাপনাৰ বিৰুদ্ধে ৰাজ্যৰ মটৰ শ্রমিক সংগঠনসমূহে প্রতিবাদী কার্যসূচী ঘোষণা কৰে৷ সেই অনুসৰি আজি পুৱা ৫ বজাৰ পৰা ৪৮ ঘণ্টীয়া কর্মবিৰতি ঘোষণা কৰিছে অসমৰ মটৰ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চই৷ কালি দিছপুৰ প্রেছ ক্লাবত যৌথ মঞ্চৰ নেতৃবৃন্দই এখন সংবাদ মেলত সদৰী কৰা অনুসৰি, আজি পুৱা ৫ বজাৰ পৰা ৰাজ্যৰ সকলো বাণিজ্যিক যান–বাহনৰ চলাচল বন্ধ থাকিব৷ দিবা–নৈশ বাছসেৱাকে ধৰি সকলোধৰণৰ বাণিজ্যিক বাহন এই সময়ছোৱাত বন্ধ থাকিব বুলি উল্লেখ কৰি যৌথ মঞ্চৰ হৈ এ ৰেজ্জাক আহমেদে কয় যে এয়া মাথোঁ আৰম্ভণি৷ শীঘ্রে এই ব্যৱস্থাপনা চৰকাৰে প্রত্যাহাৰ নকৰিলে দীঘলীয়া আন্দোলনৰ কার্যসূচী গ্রহণ কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰৰ এই পদক্ষেপৰ তীব্র বিৰোধিতা কৰি তেওঁ কয়– ‘কেন্দ্রীয় চৰকাৰে ৰোড ট্রেন্সপ’ৰ্ট এণ্ড ছেফ্টী বিল–২০১৪ৰ জৰিয়তে মটৰ পৰিবহণ শ্রমিক, ক্ষুদ্র মালিক আৰু স্বনিয়োজিত পৰিবহণ শ্রমিককে ধৰি সামগ্রিকভাৱে পৰিবহণ খণ্ডটোক ব্যক্তিগত কৰাৰ লক্ষ্যৰে বিভিন্ন শ্রমিকবিৰোধী আইন প্রণয়নৰ চেষ্টা চলাই আহিছে৷ ২০১৭ চনত এম ভি আইনখনত বিভিন্ন সংশোধনী কৰি ২০১৯ চনত উক্ত বিধেয়কখন আইনত পৰিণত কৰে৷ এই সংশোধনীত চালক–কর্মচাৰী আৰু সাধাৰণ গাড়ীৰ মালিকৰ ক্ষতিকাৰক বহু বিষয় সন্নিৱিষ্ট হৈ আছে৷ এনে অৱস্থাত কেন্দ্রীয় চৰকাৰে অন্যান্য ২৯খন আইন মাত্র চাৰিটা ক’ড অর্থাৎ সংহিতা কৰি কাৰখানা শ্রমিক, ৰাজহুৱা খণ্ডৰ শ্রমিকবিৰোধী বিষয় অন্তর্ভুক্ত কৰিছে৷ হিট এণ্ড ৰান বিষয়টোৰ অর্থ হৈছে যে এগৰাকী চালকৰ দ্বাৰা যদি কোনো দুর্ঘটনা হয় আৰু তাত কোনো পথচাৰী অথবা বাইকচালক আহত হয় বা মৃত্যু হয়, তাৰ পাছত চালকজনে পলায়ন কৰিলে ১০ বছৰ জে’ল আৰু ১০ লাখ টকাপর্যন্ত জৰিমনা বিহা হ’ব৷ যদিহে চালকজনে পলায়ন নকৰি ওচৰৰ থানাত খবৰ দিয়াৰ লগতে জখম হোৱা লোকক চিকিৎসালয়লৈ লৈ যায়, তেনেহ’লে তেওঁৰ শাস্তি আধা হ’ব৷ চালকজনৰ কোনো ভুল নাথাকিলেও তেওঁকেই শাস্তি প্রদান কৰা হ’ব৷ এনে বিধিৰ বাবেই গাড়ীচালকসকলে এতিয়া গাড়ী চলাবলৈ ভয় কৰা হৈছে৷ কিবা কাৰণত দুর্ঘটনা সংঘটিত হ’লে জে’ললৈ গ’লে তেওঁলোকৰ পৰিয়াল কোনে চলাব, তাক লৈ আশংকাত ভুগিছে৷ সামান্য দৰমহাৰে গাড়ী চলাই পৰিয়াল পোহপাল দিয়া চালকসকলে ইমান বৃহৎ পৰিমাণৰ জৰিমনা কেনেদৰে আদায় দিব?’ একেদৰে কোনো দুর্ঘটনা সংঘটিত হ’লে চালকজনৰ দোষ নাথাকিলেও তেওঁ গণপ্রহাৰৰ বলি হোৱা ঘটনাও প্রায়ে সংঘটিত হৈ আহিছে বুলি তেওঁ উল্লেখ কৰে৷ এইক্ষেত্রত এনে কঠোৰ আইনে চালকসকলক চিন্তিত কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে চৰকাৰে বাট–পথ উন্নীত কৰাৰ দায়িত্ব এৰি কেৱল চালকসকলক দোষী সাব্যস্ত কৰাৰ প্রৱণতা গঢ়ি তুলিছে৷ পথৰ ওপৰেৰে পাৰ হৈ যোৱা এডাল সাপ অথবা এটা ভেকুলীও নমৰা চালকসকলে ভুলক্রমেও দুর্ঘটনা কৰি মানুহ মৰাৰ কথা নাভাবে৷ কেতিয়াবা যাত্রীক বচাবলৈ গৈ গাড়ীৰ নিয়ন্ত্রণ হেৰুৱাই চালকে নিজেই প্রাণ হেৰুৱায়৷ গুৱাহাটী–শিলচৰ পথৰ প্রায় ৩০ কিলোমিটাৰ পথৰ অৱস্থা অত্যন্ত শোচনীয়৷ এই পথছোৱাত যিকোনো মুহূর্তত দুর্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি৷ একেদৰে ডিব্রুগড়লৈ যোৱা পথছোৱাও অত্যন্ত বিধ্বস্ত৷ চৰকাৰে বাট–পথৰ উন্নয়নৰ দায়িত্ব পালনৰ সলনি শ্রমিক–কর্মচাৰীক দোষাৰোপ কৰাৰ অভ্যাস ত্যাগ কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰে৷ লগতে কেৱল চালকেই নহয়, সাধাৰণ ৰাইজকো এই আইনখনৰ বিৰোধিতা কৰিবলৈ যৌথ মঞ্চই আহ্বান জনাইছে৷ তেওঁলোকে সংবাদ মেলত সদৰী কৰা অনুসৰি, কেৱল চালকেই নহয়, সাধাৰণ ৰাইজো এই আইনৰ অধীনলৈ আহিব৷ ইফালে, আজিৰ পৰা আহ্বান জনোৱা ৪৮ ঘণ্টীয়া কর্মবিৰতিলৈ সমর্থন জনাইছে নিখিল ভাৰত ট্রেড ইউনিয়ন কংগ্রেছৰ অসম ৰাজ্যিক কমিটীয়ে৷ এক বিবৃতিত ট্রেড ইউনিয়ন কংগ্রেছৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি মুনীন মহন্তই কয় যে অনতিবিলম্বে মটৰ শ্রমিকৰ ওপৰত চৰকাৰে জাপি দিয়া ক’লা আইন প্রত্যাহাৰ কৰিব লাগে৷ এই আইনখনৰ জৰিয়তে চালকসকলৰ ওপৰত অমানুষিক নির্যাতন আৰু অন্যায় জাপি দিয়া হৈছে ৷

বন্ধ নাথাকে পেট্র’ল পাম্প

সদৌ অসম মটৰ পৰিবহণ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চই আজিৰ পৰা ৪৮ ঘণ্টীয়া কর্মবিৰতি ঘোষণা কৰিলেও এই সময়ছোৱাত ৰাজ্যৰ পেট্র’ল পাম্পসমূহ বন্ধ নাথাকে৷ এই কথা সদৰী কৰিছে নর্থ–ইষ্ট পেট্র’লিয়াম ডিলার্ছ এছ’চিয়েচনৰ গ্রেটাৰ গুৱাহাটী ইউনিয়নৰ যুটীয়া সচিব অৰূপ গোস্বামীয়ে৷ তেওঁ প্রকাশ কৰা অনুসৰি, শ্রমিক সংগঠনসমূহৰ কর্মবিৰতি ঘোষণা হ’লেও ৰাজ্যত পর্যাপ্ত ইন্ধন মজুত আছে৷ যাৰ বাবে তেওঁ ৰাজ্যবাসীক শংকিত নহ’বলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে আজি পেট্র’ল ডিপোসমূহো বন্ধ হ’ব বুলি এক উৰাবাতৰি বিয়পি পৰাৰ পাছতে কালি সন্ধিয়াৰে পৰা ডিপোসমূহত অত্যধিক ভিৰ পৰিলক্ষিত হৈছে৷

You might also like