নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিপাঝাৰত বিহপান কৰি প্ৰেমিকযুগলৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ : ইপুৰীত নোৱাৰিলেও সিপুৰীত গৈ হ’লেও এক হোৱাৰ সপোন লৈয়ে একেলগে প্ৰেমিক যুগলে জীৱনৰ চৰম পন্থা বাছি লোৱাৰ এটা ঘটনাই ছিপাঝাৰৰ সুক্টাগুৰি অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চা়ঞ্চল্য। ছিপাঝাৰ থানাৰ অন্তৰ্গত ২নং সুক্টাগুৰীত যোৱানিশা সংঘটিত হয় কৈশোৰ প্ৰেমৰ এই ভয়াৱহ পৰিণতিৰ ঘটনা। গাঁওখনৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়ন কৰি থকা এটি কিশোৰৰে প্ৰেমৰ সম্পৰ্ক আছিল একেখন গাঁৱৰে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কিশোৰীগৰাকীৰ। আনকি দুটা সপোনক এটা সপোন কৰাৰ বাবে ব্যগ্ৰ হৈ পৰিছিল দুয়োগৰাকী। অৱশ্যে দুয়োটা পৰিয়ালে প্ৰেমৰ সম্পৰ্কক মানি লৈছিল যদিও বয়সে বাধা দিছিল বিবাহত। যাৰ বাবে বিবাহৰ বয়সলৈ অপেক্ষা কৰিবলৈ দিছিল দুয়োটা পৰিয়ালে। কিন্তু প্ৰেমিকযুগল যেন হৈ পৰিছিল ব্যগ্ৰ। অথচ উপায়ো নাছিল একোকে। যাৰ বাবে এই জনমত একেলগ হোৱাৰ আশা বাদ দি যোৱানিশা প্ৰেমিকৰ ঘৰতেই একেলগে বিহপান কৰে দুয়োৱে। অৱশ্যে নিশাই পৰিয়ালৰ দৃষ্টিগোচৰ হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে মৃত্যু হোৱাটো পোহৰলৈ আহে। প্ৰেম আৰু ভালপোৱাৰ কৰুণ পৰিণতিৰ এই ঘটনাৱে সচেতন ৰাইজক বাৰুকৈয়ে জোকাৰি যোৱাৰ লগতে কৈশোৰ অপৰাধপ্ৰৱণতাৰেই যেন এখন ছবিও দাঙি ধৰিলে।

প্ৰেৰক ৰণজিত কুমাৰ নাথ

You might also like