নিয়মীয়া বাৰ্তা, ৩ ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ বালিপৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ অগ্ৰণী গুণগত শিক্ষানুষ্ঠান খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত “সম্প্ৰদায় উৎসৱ”ৰ আজি সফল সামৰণি পৰে। বিদ্যালয় প্ৰাংগণত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰজী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানৰ সামৰণী অনুষ্ঠানত ১০খনৰো অধিক বিদ্যালয়ৰ কণ কণ শিশুৱে বিহুনৃত্য, চাহ জনগোষ্ঠীয় নৃত্য, গোৰ্খালী নৃত্য ইত্যাদি প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক, সাহিত্যিক ছত্ৰমান চুব্বাই আঁত ধৰা অনুষ্ঠানটোত বালিপৰা উন্নয়ন খণ্ডৰ অৱসৰপ্ৰাপ্ত সহকাৰী খণ্ড উন্নয়ন বিষয়া খগেন তামুলী, নেতাজী বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক স্বপন মৈত্ৰ, বালিপৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বাবুল শীল, সমন্বয় সাহিত্য গোষ্ঠী, অসমৰ মুখ্য সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক ধ্ৰুৱ দেৱনাথৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, ৰাইজৰ প্ৰতিনিধি, বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰু, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । মূল সভাৰ অন্তত ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰা হয়। উল্লেখ্য যে অনুষ্ঠানৰ প্ৰথম দিনা পতাকা উত্তোলন, বিভিন্ন প্ৰকাৰৰ খেলো অনুষ্ঠিত কৰা হয় ।
প্ৰেৰক প্ৰাঞ্জল প্ৰতিম