নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যজুৰি ক’ৰোনাৰ সামাজিক সংক্রমণৰ আশংকা

গুৱাহাটীৰ পিছত গোৱালপাৰা–তেজপুৰত্ ট্রেভেল হিষ্ট্রী নথকা লোক আক্রান্ত

নিয়মীয়া বাৰ্তা ১৫ জুনঃ ভয়াৱহ ক’ৰোনা ভাইৰাছৰ সংক্রমণ দিনক দিনে বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যজুৰি সৃষ্টি হৈছে আতংক৷ দ্রুত সংক্রমণে প্রতিদিনে ৰাজ্যবাসীক উদ্বিগ্ণ কৰি তুলিছে৷ বিশেষকৈ ৰে’ল, বাছ আৰু বিমানযোগে বহিঃৰাজ্যৰ পৰা হাজাৰ হাজাৰ লোক অহাৰ লগে লগে ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যাও ব্যাপক হাৰত বৃদ্ধি হৈছে৷ তৎসত্ত্বেও কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা লোকসকলৰ মাজৰ পৰা ক’ৰোনা ৰোগী চিনাক্ত হোৱাটোৱে ৰাজ্যবাসীয়ে স্বস্তিৰ কাৰণ হৈ আছে৷ কিন্তু শেহতীয়াকৈ কোৱাৰেণ্টাইন চেণ্টাৰৰ বাহিৰৰ সাধাৰণ লোক ক’ৰোনাত আক্রান্ত হোৱাৰ খবৰে পুনৰ উদ্বিগ্ণ কৰি তুলিছে ৰাজ্যবাসীক৷ কিয়নো কোনো ভ্রমণ বৃত্তান্ত নোহোৱাকৈ ক’ৰোনা ভাইৰাছত এজনৰ পিছত আন এজন লোক আক্রান্ত হোৱাৰ তথ্যই এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ কোনো ভ্রমণ বৃত্তান্ত নথকাকৈ ক’ৰোনাত কেইবাজনো লোক আক্রান্ত হোৱাৰ পিছত এই মাৰাত্মক ভাইৰাছবিধৰ সবাতোকৈ ভয়াৱহ পর্যায় সামাজিক সংক্রমণ আৰম্ভ হোৱাৰ আশংকা কৰা হৈছে৷

ৰাজধানী চহৰ গুৱাহাটীৰ সমান্তৰালকৈ ৰাজ্যৰ আন প্রান্ততো ভ্রমণ বৃত্তান্ত নোহোৱা বহু লোক আক্রান্ত হৈছে মাৰাত্মক ক’ৰোনা ভাইৰাছত৷ মহানগৰীখনত ২৫জন লোক ভ্রমণ বৃত্তান্ত নোহোৱাকৈ তথা জ্ঞাত ক’ৰোনা ভাইৰাছৰ উৎসৰ সংস্পর্শলৈ নহাকৈ আক্রান্ত হোৱাত উদ্বিগ্ণতা প্রকাশ কৰিছিল স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে৷ ইয়াৰ লগে লগে তেজপুৰত ভ্রমণ বৃত্তান্ত নোহোৱাকৈয়ে কেইবাজনো লোক আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ তেজপুৰৰ উপায়ুক্তৰ কার্যালয়ত জেৰক্স মেচিন ভাল কৰিবলৈ যোৱা বুবুল ডেকা নামৰ এজন লোক আক্রান্ত হোৱাৰ পিছত তেওঁৰ সংস্পর্শলৈ আহি আন তিনিজন লোক আক্রান্ত হৈছে৷ সেইদৰে তেজপুৰত গাখীৰ বিক্রী কৰা এগৰাকী ব্যক্তিৰ শৰীৰতো ধৰা পৰিছে ক’ভিড–১৯ৰ উপস্থিতি৷ এই লোককেইজনৰ নাছিল কোনো ভ্রমণ বৃত্তান্ত৷ যাৰ বাবে তেজপুৰত সামাজিক সংক্রমণৰ আশংকা কৰিছে সাধাৰণ ৰাইজে৷ সেইদৰে গোৱালপাৰাৰ এগৰাকী ক্ষুদ্র ব্যৱসায়ী দুলাল সাহাও কোনো বৃত্তান্ত নোহোৱাকৈ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ কৃষ্ণাইৰ আসুডুবিৰ এই ব্যক্তিগৰাকী কর্কট ৰোগৰ চিকিৎসাৰ বাবে এসপ্তাহ পূর্বে গুৱাহাটীলৈ আহিছিল৷ সেই সময়তে তেওঁৰ ছোৱাবৰ নমুনাও সংগ্রহ কৰা হৈছিল আৰু তেওঁৰ ফলাফল পজিটিভ আহে৷ ইতিমধ্যে তেওঁৰ পৰিয়ালৰ ১৩গৰাকী সদস্যক কোৱাৰেণ্টাইনত ৰখা হৈছে৷ ইপিনে, তেজপুৰ কেন্দ্রীয় কাৰাগাৰত এটা চোৰ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ পিছত হাহাকাৰ লাগিছে জে’ল কর্তৃপক্ষৰ৷ অৱশ্যে এই চোৰটোক কৰায়ত্ত কৰিছিল গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে৷ গুৱাহাটীৰ বশিষ্ঠপুৰৰ চাৰি নম্বৰ উপপথৰ এটা বাসগৃহৰ পৰা দিন দুপৰতে চিলিণ্ডাৰ চুৰি কৰি আৰক্ষীৰ জালত পৰা এই চোৰটো হৈছে গগন ৰাজবংশী৷ যোৱা ৯ জুনত গগনক হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল৷ ইয়াৰ পিছত তেওঁৰ নমুনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংগ্রহ কৰা হৈছিল৷ পৰৱর্তী সময়ত চোৰটোক আদালতত হাজিৰ কৰোৱাই তেজপুৰৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰা হৈছিল৷ বর্তমান গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰ কণ্টেইমেইণ্ট জ’ন হৈ থকাৰ বাবে গগনক তেজপুৰলৈ প্রেৰণ কৰা হৈছিল৷ কিন্তু এই চোৰটোৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে লটিঘটিৰ সন্মুখীন হ’বলগীয়া হৈছে হাতীগাঁও আৰক্ষী৷ চোৰটোক ধৰি অনা আৰক্ষীসহ থানাখনৰ মুঠ ১১জনক কোৱাৰেণ্টাইনত ৰখা হৈছে৷ তদুপৰি গগনক ধৰাত সহায় কৰি দিয়া এজন সাধাৰণ ব্যক্তিকো ৰখা হৈছে কোৱাৰেণ্টাইনত৷ অধিকাংশ আৰক্ষী জোৱান কোৱাৰেণ্টাইনলৈ যোৱাৰ ফলত ৫জন কর্মচাৰীৰে কাম–কাজ চলাই নিবলগীয়া হৈছে হাতীগাঁও আৰক্ষী থানাই৷ ইপিনে, গগন ৰাজবংশী নামৰ চোৰটোৰ পৰা আন বহু লোকৰ দেহলৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বুলি আশংকা কৰা হৈছে৷ কিয়নো চিলিণ্ডাৰ চোৰ কৰাৰ এসপ্তাহ পূর্বে লালমাটিৰ পৰা ৰাজধানী মছজিদলৈ গগনে চলাইছিল ই–ৰিক্সা৷ সেয়েহে গগনৰ ই–ৰিক্সাত অহা লোকসকলো তেওঁৰ প্রত্যক্ষ সংস্পর্শলৈ আহিছিল৷

তদুপৰি মহানগৰীত দিনে দিনে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়ে আছে৷ লালমাটিৰ গেম ভিলেজৰ এগৰাকী আৱাসীৰ শৰীৰতো ধৰা পৰিছে ক’ভিড–১৯৷ অৱশ্যে ৭৫ বছৰীয়া ৰাম কিশোৰ গার্গ নামৰ ব্যক্তিগৰাকী বিমানযোগে যোৱা মঙলবাৰে চণ্ডীগড়ৰ পৰা গুৱাহাটীলৈ আহিছিল বুলি জানিব পৰা গৈছে৷ বয়সৰ প্রতি লক্ষ্য ৰাখি তেওঁক হোম কোৱাৰেণ্টাইনত থাকিবলৈ নির্দেশ দিছিল জিলা প্রশাসনে৷ সেই অনুসৰি পুত্র–বোৱাৰীৰ সৈতে তেওঁ আছিল গেম ভিলেজৰ ফ্লেটত৷ তেওঁৰ শৰীৰত ক’ৰোনা ধৰা পৰাৰ পিছতে গেম ভিলেজৰ এ ছিক্স ব্লক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ তদুপৰি ছেৰাপভাতী অঞ্চলৰ এটা কণ্টেইনমেণ্ট জ’নৰ আন ১৪জন ব্যক্তিৰ শৰীৰতো দেওবাৰে ক’ৰোনাৰ সংক্রমণ ধৰা পৰিছে৷ কেৱল সেয়াই নহয়, পাণবজাৰৰ জৈন ফার্মা নামৰ প্রতিষ্ঠানখনৰ আন ৫জন কর্মচাৰীৰ শৰীৰতো ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰিছে৷ ইয়াৰ পূর্বেও প্রতিষ্ঠানটোৰ ৫জন কর্মচাৰীৰ দেহত ধৰা পৰিছিল ক’ভিড–১৯৷ তদুপৰি পাণ্ডুৰ দুজন লোকো ক’ৰোনাত দেওবাৰে আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ ইপিনে, আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত পাটগাঁও, যোগীপাৰা, উমছুৰ আৰু ভিআইপিৰ কিশোৰ–মহিলাসহ ৬গৰাকীৰ শৰীৰত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে৷

প্রাপ্ত তথ্য অনুসৰি উমছুৰৰ পদুমী ৰাভা নামৰ এগৰাকী ৫৫ বছৰীয়া মহিলা ক’ৰোনাত আক্রান্ত হৈছে৷ তেওঁৰ নাই কোনো ভ্রমণ বৃত্তান্ত৷ অৱশ্যে কর্কট ৰোগত আক্রান্ত মহিলাগৰাকী প্রায়ে চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অহা–যোৱা কৰিছিল৷ কিছুদিন পূর্বে তেওঁ অসুস্থ হোৱাত ছোৱাবৰ নমুনা সংগ্রহ কৰা হৈছে৷ মহিলাগৰাকী আক্রান্ত হোৱাৰ পিছত সমগ্র অঞ্চলটোত তীব্র আতংক সৃষ্টি হৈছে৷ কিয়নো এই মহিলাগৰাকী বহু লোকৰ সংস্পর্শলৈ আহিছিল৷ আনহাতে, আজাৰাৰ ভিআইপিৰ যোগীপাৰা অঞ্চলৰ একেটা পৰিয়ালৰ তিনিজন সদস্য ক্রমে প্রণয় নিশাদ, প্রিয়ংকা নিশাদ আৰু তেওঁলোকৰ ছমহীয়া সন্তান ক’ৰোনাত আক্রান্ত হৈছে৷ একেদৰে পাটগাঁৱৰ লালমোহন ঠাকুৰ নামৰ বিএছএফ কেম্পৰ এজন লোকো ক’ৰোনাত আক্রান্ত হৈছে৷ অৱশ্যে এওঁলোক বহিঃৰাজ্যৰ পৰা কোৱাৰেণ্টাইন হৈ আছিল৷ এয়াৰপ’ট গেষ্ট হাউছত কোৱাৰেণ্টাইন হৈ থকা হাজোৰ মুছা আলী নামৰ আন এজন ব্যক্তিও ক’ৰোনাত আক্রান্ত হোৱাত তেওঁক শিঙিমাৰী আদর্শ হাস্পতালত ভর্তি কৰোৱা হৈছে৷ উল্লেখ্য যে বহিঃৰাজ্যৰ পৰা বিভিন্ন খাদ্যসামগ্রী কঢ়িয়াই অনা ট্রাকসমূহৰ পৰা অসমত সংক্রমণ হোৱা বুলি আশংকা কৰা হৈছে৷ সেয়েহে অত্যাৱশ্যকীয় খাদ্যসামগ্রীকে ধৰি বিভিন্ন সামগ্রী কঢ়িয়াই অনা ট্রাকসমূহৰ চালক–হেণ্ডিমেনৰ পৰা যাতে স্থানীয় পৰিবহণ সংস্থা, পার্কিঙৰ কর্মচাৰী, শ্রমিকলৈ এই ৰোগৰ সংক্রমণ ঘটিব নোৱাৰে, তাৰ বাবে ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে জিলা উপায়ুক্তই৷

ইফালে, দেওবাৰে গুৱাহাটীৰ ২০টা অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ গুৱাহাটীৰ সৰুমটৰীয়া, গাৰোবস্তি, সৰুমটৰীয়াৰ এছবিআইৰ গেষ্ট হাউছ গেমছ ভিলেজ, জু–তিনিআলি, পাঞ্জাবাৰীৰ নৱজ্যোতি নগৰ, আহোম গাঁও, বামুনীমৈদামৰ বি পি চলিহা নগৰ, আকাশী নগৰ, পাণ্ডুৰ লক’ কলনী, আঠগাঁৱৰ সাগৰ এপার্টমেণ্ট, হেঙেৰাবাৰী, পাণ্ডুৰ জয়মতী নগৰ, ভৰলুমুখৰ নাৰায়ণ নগৰ, মালিগাঁৱৰ বৰিপাৰা, উলুবাৰী, পল্টন বজাৰ, ছোলাপাৰা, শ্রীমন্তপুৰ আৰু বীৰুবাৰীৰ উদয়পুৰক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ লক্ষণীয় যে ডিব্রুগড়ৰ প্রথমজন ক’ৰোনা ৰোগীৰ কালি চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ পিছতে সমগ্র জিলাখনতে আতংকৰ পৰিৱেশে বিৰাজ কৰিছে৷ ৰাজু চন্দ্র দেৱ নামৰ জোৱানজনৰ মৃত্যু ঘটাৰ সমান্তৰালকৈ দিনজান সেনা ছাউনীৰ আন তিনিজন জোৱানৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ এই জোৱানকেইজনৰ কোনো ভ্রমণ বৃত্তান্ত নথকাকৈয়ে আক্রান্ত হোৱাত স্বাভাৱিকতেই জিলাখনৰ বাসিন্দাসকল উদ্বিগ্ণ হৈ পৰিছে৷ ইতিমধ্যে তেওঁলোকৰ সংস্পর্শলৈ অহা আন ১৭জনক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে৷ সেয়েহে ৰাজ্যৰ প্রান্তে প্রান্তে ভ্রমণ বৃত্তান্ত নোহোৱাকৈ লোক আক্রান্ত হোৱাৰ তথ্যই সামাজিক সংক্রমণৰ ভয়াৱহ ইংগিত দিয়াটো একপ্রকাৰ নিশ্চিত৷

You might also like