ক’ৰোনাৰ ভয়াৱহ সামাজিক সংক্রমণৰ দিশে গুৱাহাটী মহানগৰী
ট্রেভেল হিষ্ট্রী নথকা এজনৰ পাছত আন এজন আক্রান্ত
নিয়মীয়া বাৰ্তা ১৩ জুনঃ লকডাউন শিথিল হোৱাৰ লগে লগে ৰাজ্যজুৰি বৃদ্ধি পাইছে মাৰাত্মক ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা লোকসকল অসমলৈ উভতি আহিবলৈ ধৰাৰ সমান্তৰালভাৱে দ্রুতগতিত ক’ৰোনা আক্রান্তৰ সংখ্যা বাঢ়িবলৈ আৰম্ভ কৰিছে৷ অৱশ্যে কোৱাৰেণ্টাইন চেণ্টাৰত থকাৰ সময়ত ক’ৰোনা আক্রান্ত ধৰা পৰাত ৰাজ্যবাসীয়ে কিছু সকাহ লাভ কৰিছিল৷ কিন্তু ৰাজ্যখনত শেহতীয়া পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে সাধাৰণ ৰাইজক৷ মূলতঃ ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দা অধিক শংকিত হৈ পৰিছে৷ কিয়নো ক’ৰোনা ভাইৰাছৰ ভয়াৱহ পর্যায় সামাজিক সংক্রমণৰ দিশে গতি কৰিছে গুৱাহাটী৷ ট্রেভেল হিষ্ট্রী নথকাকৈ মহানগৰীত এজনৰ পাছত আন এজন ব্যক্তি ক’ৰোনাত আক্রান্ত হোৱাত সামাজিক সংক্রমণৰ আশংকাও দিনক দিনে বৃদ্ধি পাইছে৷ গেলামাল দোকানী, আলু–পিঁয়াজৰ গুদামত কর্মৰত শ্রমিক, শাক–পাচলিৰ ব্যৱসায়ী, কর্তব্যৰত আৰক্ষী জোৱান আদি ক’ৰোনাত আক্রান্ত হোৱাত সামাজিক সংক্রমণে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ কালিৰ দিনটোতে মহানগৰীত ১৫জন লোকৰ শৰীৰত ধৰা পৰিছে মাৰাত্মক ভাইৰাছৰ উপস্থিতি৷ ইয়াৰে ভিতৰত আছে চিকিৎসা কর্মী, আৰক্ষী জোৱানো৷
প্রাপ্ত তথ্য অনুসৰি ক’ৰোনাত আক্রান্ত হোৱা জোৱানজন হৈছে অষ্টম আৰক্ষী বেটেলিয়নৰ অনিল চন্দ্র ৰায়৷ অভয়াপুৰীৰ পৰা জোৱানজনক মহানগৰীৰ আইন–শৃংখলা নিয়ন্ত্রণৰ কর্তব্যত নিয়োজিত কৰা হৈছিল৷ আন ৬৬জন জোৱানৰ সৈতে অনিল চন্দ্র ৰায় মালিগাঁৱৰ নেতাজী বিদ্যাপীঠত স্থাপন কৰা অস্থায়ী শিবিৰত থাকি গুৱাহাটীৰ বিভিন্ন স্থানত কর্তব্য পালন কৰিছিল৷ সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰকে ধৰি মালিগাঁও, পাণবজাৰ আদি অঞ্চলত তেওঁলোকক কর্তব্যত নিয়োজিত কৰা হৈছিল৷ এমাহ পূর্বে জোৱানকেইজনক মহানগৰীলৈ অনা হৈছিল৷ যোৱা ৬ জুনত প্রথমে জোৱানজন অসুস্থ হৈ পৰাত মালিগাঁৱৰ গোশালাত এখন ফার্মাচীত এজন চিকিৎসকক দেখুৱায়৷ কিন্তু জ্বৰ ভাল নোহোৱাত তেওঁক মহেন্দ্রমোহন চৌধুৰী হাস্পতাললৈ প্রেৰণ কৰা হয়৷ ৯ জুনত হাস্পতালখনত ৰায়ৰ ছোৱাবৰ নমুনা সংগ্রহ কৰা হয়৷ কালি এজন পৰিদর্শক আৰু দুজন জোৱানসহ তেওঁ মহেন্দ্রমোহন চৌধুৰী হাস্পতাললৈ আহে ৰিপ’ট সংগ্রহ কৰিবলৈ৷ ৰিপ’ট পজিটিভ লাভ কৰাত তেওঁক হাস্পতালত ভর্তি কৰোৱা হয়৷ লগে লগে নেতাজী বিদ্যাপীঠত থকা আন জোৱানসকলৰ মাজতো হাহাকাৰৰ সৃষ্টি হয়৷ প্রশাসনে ইতিমধ্যে উক্ত অঞ্চলটো ছীল কৰি আন জোৱানসকলৰ ছোৱাবৰ নমুনা সংগ্রহ কৰিছে৷
ইফালে, পাণবজাৰৰ হৰিসভাৰ জৈন ফার্মা নামৰ প্রতিষ্ঠানখনত ৪৮ ঘণ্টাৰ ভিতৰত পাঁচজন কর্মচাৰীৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাত সমগ্র অঞ্চলটোত হাহাকাৰৰ সৃষ্টি হৈছে৷ ক’ৰোনাত আক্রান্ত জৈন ফার্মাৰ কর্মচাৰীকেইজন হৈছে মিথুন দাস, প্রদীপ দাস, ৰাজু সাহা, বিজু দাস আৰু শুভ্রজিৎ সূত্রধাৰ৷ ইতিমধ্যে তেওঁলোকে কাম কৰা অঞ্চলসমূহ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ আটাইকেইজনেৰ নাই কোনো ট্রেভেল হিষ্ট্রী৷ সমান্তৰালভাৱে কোন ক’ৰোনা আক্রান্তৰ সংস্পর্শলৈ আহি তেওঁলোক আক্রান্ত হ’ল, সেই তথ্যও স্পষ্ট হোৱা নাই৷ মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত পাণবজাৰৰ হৰিসভাৰ জৈন ফার্মাৰ কর্মচাৰীৰ দেহত ক’ৰোনা ধৰা ঘটনাই মহানগৰবাসীক উদ্বিগ্ন কৰি তুলিছে৷ বহুসংখ্যক ঔষধ প্রতিষ্ঠানৰ কার্যালয় আৰু গুদাম থকাৰ বাবে উক্ত অঞ্চলটোলৈ দৈনিক কেইবাশ লোকৰ আগমন ঘটে৷
সমান্তৰালভাৱে কালিৰ দিনটোত শিলপুখুৰীৰ নৱগ্রহ পথৰ ৰশ্মি মালাকাৰ নামৰ মহিলাগৰাকীৰ শৰীৰতো ধৰা পৰিছে ক’ভিড–১৯৷ মহিলাগৰাকী কিদৰে ক’ৰোনাত আক্রান্ত হ’ল তাৰ তথ্য এতিয়ালৈ লাভ কৰা নাই জিলা প্রশাসনে৷ ইফালে, ৰূপনগৰৰ ৰূপালী পথত এটি ১১মহীয়া কণমানিৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ভাইৰাছ৷ অৱশ্যে শিশুটি পিতৃ–মাতৃৰ সৈতে ৰাজস্থানৰ পৰা বিমানযোগে গুৱাহাটীলৈ আহিছিল৷ কিন্তু উদ্বেজনকভাৱে শিশুটি পিতৃ–মাতৃসহ ৰূপালী পথৰ আত্মীয়ৰ ঘৰত আছিল৷ আত্মীয়ই ৰাজস্থানৰ পৰা অহা পৰিয়ালটো তেওঁলোকৰ ঘৰত থকা বুলি স্থানীয় লোকক অৱগত কৰা নাছিল৷ বৰঞ্চ ৰূপালী পথত বাস কৰা মহিলাগৰাকীৰ কন্যাই স্থানীয় অঞ্চলটোৰ কেইবাগৰাকী শিক্ষার্থীক টিউচন কৰিছিল৷ এদিন পূর্বলৈ তেওঁ টিউচন অব্যাহত ৰাখিছিল৷ ৰাজস্থানৰ পৰিয়ালটো থকা আত্মীয়ই নিতৌ দর্শন কৰিছিল লাচিত নগৰৰ হনুমান মন্দিৰ৷ যাৰ বাবে তেওঁলোক বহু লোকৰ সংস্পর্শলৈ অহাৰ আশংকা কৰা হৈছে৷ মহানগৰীৰ বিভিন্ন প্রান্তত আজি আক্রান্ত ৰূপে চিনাক্ত হোৱাসকলৰ ভিতৰত আছে আদাবাৰী কলনীৰ প্রিয়াদেৱ নাথ, গীতানগৰ স্বাগত এপার্টমেণ্টৰ ৰজনী বাজপেয়ী, আই আই টি গুৱাহাটীৰ স্বস্তিত ৰাজ, পল্টন বজাৰৰ কপিল কুমাৰ, বেলতলাৰ বিনয় কুমাৰ প্রসাদ, ছলাপাৰাৰ উত্তম কুমাৰ গুপ্তা, টকৌবাৰীৰ প্রকাশ জৈন, উজান বজাৰৰ কামেশ্বৰ শ্বাহ, নুনমাটিৰ ৰামকুমাৰ ভগত৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ইয়াৰ পূর্বে শিলপুখুৰীৰ বৰদা দাস, মালিগাঁৱৰ গোশালাৰ স্বপ্ণা বৰা নামৰ গেলামালৰ দোকানী, গীতানগৰৰ মুনীন ছেত্রী, ফাঁচীবজাৰৰ আলু–পিঁয়াজৰ গুদামত কর্মৰত শ্রমিক মুংৰু সাহানীকে ধৰি কেইবাজনো ব্যক্তিৰ ট্রেভেল হিষ্ট্রী নথকাকৈ আক্রান্ত হোৱাত মহানগৰীৰ বাসিন্দাসকলক উদ্বিগ্ণ কৰি তুলিছিল৷ এনেদৰে মহানগৰীত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাত স্বাভাৱিকতে শীঘ্রে ক’ৰোনাৰ হটস্পটত পৰিণত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে মহানগৰীত কনটেইনমেণ্ট জ’নৰ সংখ্যা ক্রমাৎ বৃদ্ধি পাইছে৷ আজিপর্যন্ত মহানগৰীত মুঠ ৫৭টা অঞ্চল কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ ইয়াৰে ২১টা অঞ্চলৰ পৰা কনটেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷ অর্থাৎ মহানগৰীত বর্তমান সক্রিয় হৈ থকা কনটেইনমেণ্ট জ’নৰ সংখ্যা হৈছে ৩৬টা৷ কালিৰ দিনটোত ৯টা কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ কালি লেম্ব ৰোড, কুশল নগৰ, বিৰুবাৰী, আঠগাঁৱৰ পুখুৰীপাৰ, বর্ষাপাৰা, ৰূপনগৰ, নেতাজী বিদ্যাপীঠ, ফটাশিল চাৰিআলি, শিলপুখুৰীক কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ শুকুৰবাৰে ঘোঁৰামাৰাৰ হাউছিং কলনী ঘোষণা কৰা হৈছে কনটেইনমেণ্ট জ’ন৷ মুম্বাইৰ পৰা অহা এগৰাকী যুৱতী ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত হাউছিং কলনীৰ এম ব্লক কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷