নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰৰ ২৬ জাতি–জনগোষ্ঠীৰ আশা-আকাংক্ষাক লৈ কমিউনিটী ভিজন ডকুমেণ্ট প্রকাশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ ডিচেম্বৰঃ বিটিআৰ অঞ্চলত বসবাস কৰা ২৬টা জাতি–জনগোষ্ঠীৰ আশা–আকাংক্ষাক লৈ বিটিআৰ প্রশাসনে কমিউনিটী ভিজন ডকুমেণ্ট প্রকাশ কৰে৷ গুৱাহাটীৰ মাছখোৱাস্থিত প্রাগজ্যোতি সাংস্কৃতিক প্রকল্পত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে আনুষ্ঠানিকভাৱে এই কমিউনিটী ভিজন ডকুমেণ্ট প্রকাশ কৰি সংশ্লিষ্ট জাতি–জনগোষ্ঠীসমূহ হাতত অর্পণ কৰে৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই মুখ্য অতিথি হিচাপে আৰু মন্ত্রী ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, উর্খাও গৌৰা ব্রহ্ম, অশোক সিংহল, ডাঃ ৰণোজ পেগু, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া, জয়ন্ত বসুমতাৰী, বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰী, বিটিচি বিধান পৰিষদৰ অধ্যক্ষ, উপাধ্যক্ষ প্রমুখ্যে বিধায়ক, বিটিচিৰ কার্যবাহী সদস্য, এমচিএলএ, অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটা, আৰক্ষী সঞ্চালক প্রধান জি পি সিং, বিশ্ববিদ্যালয়সমূহ উপাচার্য, অধ্যাপক–ধ্যাপিকা, জ্যেষ্ঠ সাংবাদিক, জ্যেষ্ঠ বিষয়া আৰু অঞ্চলটোৰ বিভিন্ন জনগোষ্ঠীয় সম্প্রদায়ক প্রতিনিধিত্ব কৰা ৭০টা সংগঠনৰ প্রতিনিধিও উপস্থিত থাকে৷ ৰাজ্যপাল আচার্যকে ধৰি প্রতিগৰাকী বক্তাই প্রমোদ বড়ো নেতৃত্বাধীন বিটিআৰে অঞ্চলটোত বসবাস কৰা ২৬টা জাতি–জনগোষ্ঠীৰ আশা–আকাংক্ষা আৰু দাবীক লৈ যুগুতোৱা কমিউনিটী ভিজন ডকুমেণ্টৰ বাবে ভূয়সী প্রশংসা কৰে৷ অঞ্চলটোৰ সকলোৰে বিকাশ আৰু আশা–আকাংক্ষা ৰূপায়ণত এই ডকুমেণ্টে সহায় কৰিব বুলিও আশা প্রকাশ কৰে৷ আনহাতে, এই অনুষ্ঠানত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ভাষণত কয়– আমি যেতিয়া নিজৰ জনগোষ্ঠীটোৰ বর্তমানৰ অৱস্থালৈ চাওঁ আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিলে অন্ধকাৰ যেন দেখা পাওঁ৷ আমাক যেনেদৰে চাব লাগিছিল, তেনেদৰে শাসকপক্ষই চোৱা নাই যেন অনুভৱ হয়৷ নির্বাচনৰ সময়ত বহুতো কথা কোৱা হয় যদিও কিন্তু পাছত একোৱেই হৈ নুঠে৷ সেয়ে বিটিআৰ কর্তৃপক্ষই অঞ্চলটোত বসবাস কৰা ২৬টা জাতি–জনগোষ্ঠীৰ মানসিক অৱস্থালৈ চাই পৱিত্র মনেৰে এই কমিউনিটী ভিজন ডকুমেণ্ট যুগুতাইছে৷ এই ভিজন ডকুমেণ্টৰ লগত অহা ২০২৫ চনত হ’বলগীয়া বিটিআৰ নির্বাচন বা আন কোনো নির্বাচনৰ সম্পর্ক নাই৷ প্রতিটো জাতি–জনগোষ্ঠীয়ে যাতে নিজৰ জনগোষ্ঠীটোৰ বাবে কিবা এটা কৰাৰ বাবে দিশ এটা লাভ কৰে তাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ২০২০ চনত বিটিচি চৰকাৰ গঠনৰ পাছত বিভিন্ন জাতি–জনগোষ্ঠীয়ে দিয়া স্মাৰক–পত্রৰ আধাৰত আৰু সেই স্মাৰক–পত্রসমূহ বিস্তৃতভাৱে অধ্যয়ন কৰি তেওঁলোকৰ আশা–আকাংক্ষা আৰু দাবীলৈ চাই এই ভিজন ডকুমেণ্ট যুগুতোৱা হৈছে৷ এই ভিজন ডকুমেণ্ট আজি প্রতিটো জাতি–জনগোষ্ঠীৰ ওপৰত অর্পণ কৰা হৈছে আৰু তেওঁলোকে ইয়াক লৈ বিটিচি চৰকাৰক পৰামর্শও দিব পাৰিব৷ ভিজন ডকুমেণ্টত উল্লেখিত বিষয়সমূহৰ কিছু বিটিচি প্রশাসনে ৰূপায়ণ কৰিব পাৰিব, কিছু ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আৰু কিছু কিছু বিষয় কেন্দ্রীয় চৰকাৰে ৰূপায়ণ কৰিব লাগিব, য’ত সংবিধান সংশোধনৰ প্রয়োজনীয়তা আছে৷ অহা মার্চ মাহত বিটিচি চৰকাৰে এই ভিজন ডকুমেণ্ট সম্পর্কত চৰকাৰীভাৱে কি কি কৰিব সেই বিষয়ে আন এক ডকুমেণ্টৰ জৰিয়তে প্রকাশ কৰিব৷ ইয়াৰ বাবে অহা ৩ মাহত বিটিআৰ চৰকাৰে কমিউনিটী ভিজন ডকুমেণ্ট ৰূপায়ণ আৰু কমিউনিটী ডেভেলপমেণ্ট নামৰ নতুন বিভাগ এটা গঠন কৰা হ’ব৷ এই প্রসংগতে তেওঁ পূর্বৰ বিপিএফ নেতৃত্বাধীন চৰকাৰক সমালোচনা কৰি পূর্বৰ চৰকাৰৰ ১৭ বছৰীয়া শাসনকালত তেওঁলোকে এনেধৰণৰ কোনো পৰিকল্পনা কৰা নাছিল৷ কিন্তু আমি বিচাৰিছোঁ বিটিআৰক অনাগত দিনত আগুৱাই নিয়াৰ বাবে এতিয়াৰে পৰা পৰিকল্পনাৰে আগবাঢ়িব লাগিব৷ পূর্বৰ বিটিচি চৰকাৰে কেন্দ্র আৰু ৰাজ্যৰ পৰা অহা টকা সূতা বিতৰণকে ধৰি সামগ্রী যোগানৰ নামতে খৰচ কৰিছিল৷ আমি বিচাৰিছোঁ অহা ২০ৰ পৰা ৫০ বছৰৰ ভিতৰত বিটিআৰত কি কি প্রয়োজন হ’ব৷ আমি কিছু আন্তঃগাঁথনি উন্নয়ন কৰিব বিচাৰিছোঁ৷ইয়াৰ পাছতে এখন সংবাদ মেল সম্বোধন কৰি প্রমোদ বড়োৱে কয় যে বিটিআৰ অঞ্চলত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ আশা–আকাংক্ষা আৰু দাবীক লৈ সুকীয়া সুকীয়াকৈ একোখনকৈ ভিজন ডকুমেণ্ট যুগুতোৱাটো এক দীঘলীয়া সপোন আছিল৷ আজি সেই সপোন প্রকাশ হ’ল৷ আজি অঞ্চলটোত বসবাস কৰা ২৬টা জাতি–জনগোষ্ঠীৰ ওপৰত ভিজন ডকুমেণ্ট যুগুতাই তেওঁলোকৰ হাতত গতাই দিয়া হ’ল৷ বিগত সময়ছোৱাত আমাৰ মাজত চলি অহা ব্যৱধান এই ব্যৱস্থাই আঁতৰ কৰিব বুলি আশা প্রকাশ কৰি কয়– আমি বিটিআৰত সকলোৰে বহনক্ষম উন্নতি বিচাৰিছোঁ৷ যোৱা চাৰিটা বছৰত বিটিআৰত স্থায়ী শান্তি উভতি আহিছে৷ শিক্ষাখণ্ডৰ বিকাশৰ ক্ষেত্রতো বিটিচি চৰকাৰে যথেষ্ট গুৰুত্ব দিয়াৰ উল্লেখ কৰি বড়োৱে কয় যে কেজিৰ পৰা পিজিলৈকে শিক্ষাখণ্ডৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে৷ ২০২০ চনতকৈ এতিয়া প্রাথমিক শিক্ষাত আধাতে শিক্ষানুষ্ঠান এৰা ছাত্র–ছাত্রীৰ সংখ্যা কমিছে৷ মাধ্যমিক শিক্ষাত আধাতে শিক্ষানুষ্ঠান এৰা ছাত্র–ছাত্রীৰ সংখ্যা এতিয়াও যিদৰে কমিব লাগিছিল, তেনেদৰে কমা নাই৷ কিন্তু যোৱা দুই–তিনিটা বছৰৰ ভিতৰত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিটিআৰৰ জিলাকেইখন ৰাজ্যৰ ভিতৰতে ৩ৰ পৰা ৫ম স্থানত আছে৷ বিটিআৰত ইতিমধ্যে ১০খন ভেঞ্চাৰ কলেজ প্রাদেশিকীকৰণ কৰা হ’ল৷ যোৱাবাৰ ইউপিএছচিত ৫০জনৰো অধিক ছাত্র–ছাত্রী উত্তীর্ণ হোৱাৰ লগতে ইঞ্জিনীয়াৰিং আৰু মেডিকেলত অঞ্চলটোৰ ছাত্র–ছাত্রীসকলে যাতে স্থান পাব পাৰে তাৰ বাবে ছুপাৰ ৫০ আৰম্ভ কৰা হৈছে৷ শিক্ষানুষ্ঠানৰ খালী পদ পূৰণৰ ক্ষেত্রতো বিটিচি চৰকাৰে গুৰুত্ব দিছে৷ অহা জানুৱাৰী মাহত ১,৪০০ স্নাতক আৰু স্নাতকোত্তৰ উত্তীর্ণ শিক্ষক নিয়োগৰ লগতে ৬০০ প্রাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তি দিয়া হ’ব৷ বিটিআৰত বেদখলৰ প্রসংগত বড়োৱে কয় যে কেৱল বিটিআৰেই নহয়, নামনি অসম, মধ্য অসমত বহুদিনৰ পৰা বেদখল চলি আছে৷ কিন্তু যোৱা ৪টা বছৰত বিটিআৰৰ আটাইকেইখন জিলাত ভূমি নথি ১০০ শতাংশ ডিজিটাইলাইজ কৰা হৈছে৷ এতিয়া বিটিচিৰ প্রশাসনৰ হাতত প্রত্যেকখন জিলাৰ ভূমি সম্পর্কীয় বিস্তৃত তথ্য আছে৷ উত্তৰ–পূবৰ ভিতৰতে ভূমি ডিজিটাইলাইজ কৰা বিটিআৰেই একমাত্র পৰিষদ বুলি উল্লেখ কৰি তেওঁ কয় যে অসম চৰকাৰে মিছন বসুন্ধৰা কৰাৰ দৰে বিটিআৰে বসুমতী সেৱাৰে অঞ্চলটোৰ জনসাধাৰণৰ মুঠ ২,৪৩,০০০ লোকৰ ভূমিৰ সমস্যা সমাধান কৰিছে৷ সেইদৰে বিটিআৰতো হাতী–মানুহৰ সংঘাত চলি থকাৰ প্রসংগত তেওঁ কয় যে এই সংঘাত ৰোধ কৰাৰ বাবে বিটিআৰৰ বন বিভাগে এনজি’ৰ লগত যোৱা দুটা বছৰে আলোচনা কৰি আছে৷ অনাগত দিনত ইয়াক লৈ এক নীতি যুগুতোৱা হ’ব৷ ইফালে, বিটিআৰত জেহাদীৰ কার্যকলাপ আৰম্ভ হোৱাৰ সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত বড়োৱে কয় যে কোনো জেহাদী কার্যকলাপ অসমত সফল নহয়, ভাৰততো সফল নহয়৷ তেওঁ আৰু কয় যে যোৱা চাৰিটা বছৰত বিটিআৰত শান্তি অহাৰ পাছত এতিয়া অঞ্চলটোৰ পৰা ড্রেগন, নেমু আদি বাহিৰলৈ ৰপ্তানি হৈ আছে৷ অহা ৫–১০ বছৰত বড়োলেণ্ড বহু বিষয়ত ৰাষ্ট্রীয় পর্যায়লৈ আহিব৷

You might also like