নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত ৰাস উপলক্ষে যুৱ চামৰ মাজত মুখা নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা

🔹 মুখাশিল্পৰ প্ৰতি আগ্ৰহ বাঢ়িছে নৱপ্ৰজন্মৰ
নিয়মীয়া বাৰ্তা, ১৯  নৱেম্বৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম সৃষ্টি  মুখাশিল্প অসমীয়া জাতিৰ বাবে অনবদ্য অৱদান ৷ এই মুখাশিল্প এক সীমিত ব্যৱহাৰৰ মাজেৰে পৰম্পৰাগতভাৱে জীয়াই আছিল যদিও সম্প্ৰতি মাজুলীৰ অন্যতম মুখাশিল্প খ্যাত চামগুৰি সত্ৰৰ বিশিষ্ট মুখাশিল্পী তথা ভিন্ন বঁটাৰ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডঃ হেমচন্দ্ৰ গোস্বামী আৰু প্ৰয়াত সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক সত্ৰাধিকাৰ কোষকান্ত গোস্বামীৰ পুত্ৰ প্ৰদীপ গোস্বামীৰ নতুন চিন্তনত নতুনত্বৰে সমগ্ৰ বিশ্বতে সমাদৰ বুটলিবলৈ সক্ষম হোৱা মুখাশিল্পৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বৃদ্ধি হৈছে নতুন প্ৰজন্মৰ । চামগুৰি সত্ৰৰ শিল্পী দুগৰাকীয়েও নৱপ্ৰজন্মৰ মাজত মুখা নিৰ্মাণৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতীসকলক বিভিন্ন সময়ত কৰ্মশালাৰ জৰিয়তে মুখা নিৰ্মাণত পাৰ্গত কৰি তুলিছে । মাজুলীত আগন্তুক ৰাস উৎসৱক লৈ মুখা নিৰ্মাণৰ ক্ষেত্ৰখনত যেন সমগ্ৰ মাজুলীত এক আঘোষিত প্ৰতিযোগিতা চলিছে। শিশুৰ পৰা বৃদ্ধলৈকে বয়স নিৰ্বিশেষে মুখা নিৰ্মাণ কাৰ্যত জড়িত কৰিছে শিল্পীসকলে। অতি আচৰিতভাৱে হেমচন্দ্ৰ গোস্বামী আৰু প্ৰদীপ গোস্বামীৰ পৰিয়ালে মুখাক আৰ্থিক স্বাৱলম্বিতাৰ এক সমল হিচাপে নতুনত্ব দি নতুন প্ৰজন্মক আকৰ্ষণ কৰিবলৈ গ্ৰহণ কৰা ভিন্ন কাৰ্যসূচীৰ পিছতে প্ৰতিবছৰেই মুখা নিৰ্মাণকাৰ্যত নতুনকৈ জড়িত হৈছে শতাধিক যুৱক-যুবতী । এয়া কেৱল  সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বাবেই এক শুভ লক্ষণ নহয়, কৰ্মসংস্থাপনহীন যুৱপ্ৰজন্মৰ বাবেও ইতিবাচক খবৰ। সম্প্ৰতি মাজুলীৰ প্ৰায় ৬৫খন মঞ্চত হ’ব লগা ৰাস উৎসৱত ব্যৱহাৰৰ বাবে আঘাসুৰ, বকাসুৰ, পুটনা, ধেনুকাসুৰ আদি মুখা নিৰ্মাণ কৰি দৰ্শকক আমোদ আৰু মনোৰঞ্জনেই নহয়, মাজুলী ৰাস মঞ্চত মুখা ব্যৱহাৰৰ এক অন্যন্য দিশক অধিক আকৰ্ষণৰ চেষ্টা অব্যাহত ৰাখিছে শিল্পীসকলে । মুখা নিৰ্মাণ যেন এক জীৱিকাও হৈ পৰিছে এচাম শিল্পীৰ বাবে। বৰ্তমান ৰাসোৎসৱৰ মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে হৰেন, খগেন, কৃষ্ণ, অনন্ত, গৌতম, প্ৰণৱ, দিব্য, অৰুণ, জিন্তু, হৃষীকেশ, সৌৰভ, আদিত্য আদি হেমচন্দ্ৰ গোস্বামী আৰু প্ৰদীপ গোস্বামীৰ ছাত্ৰসকল । এওঁলোকৰ উপৰি মাজুলীৰ ভিন্ন অঞ্চলৰ দুই শতাধিক যুৱক, শিশু বৰ্তমান মুখা নিৰ্মাণ কলাত পাৰ্গত হৈ পৰিছে আৰু সকলোৱে বিভিন্ন ৰাসমঞ্চৰ মুখা নিৰ্মাণত জড়িত হৈ পৰিছে । উল্লেখযোগ্য যে শেহতীয়াকৈ মুখা নিৰ্মাণত জড়িত হৈ পৰা যুৱক-যুৱতীসকলৰ গৰিষ্ঠসংখ্যকেই হাইস্কুলৰ পৰা কলেজ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকে মুখা নিৰ্মাণৰ জৰিয়তে লাভ কৰা টকাৰে নিজৰ পঢ়াৰ খৰচ যোগাৰ কৰাৰ লগতে পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হৈছে ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like