নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যৌন নিৰ্যাতনৰ অভিযোগঃ নগাঁৱৰ এডিপি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ কুমাৰ ভাগৱতীক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

বিশেষ বাৰ্তা, ১৩এপ্ৰিলঃ এগৰাকী অস্থায়ী সহযোগী অধ্যাপিকাই যৌন নিৰ্যাতনৰ অভিযোগ তুলি নগাঁও সদৰ আৰক্ষী থানাত ৰুজু কৰা এক গোচৰ মৰ্মে আজি নগাঁও আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় অধ্যক্ষ ড°সুৰজিৎ কুমাৰ ভাগৱতীক গ্ৰেপ্তাৰ কৰিছে।আজি বিয়লি নগাঁৱৰ পৰা যোৱা এটা আৰক্ষীৰ দলে ড°ভাগৱতীক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে।আজি নগাঁও আৰক্ষী চাউনীৰ সভাকক্ষত আয়োজিত এক সঃবাদমেলত এই কথা প্ৰকাশ কৰে নগাঁও জিলাৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক লীনা দলেই। তেওঁ আৰু কয় যে,সদ্যহতে অধ্যক্ষ জনক নগাঁৱলৈ লৈ অহা হৈছে। নগাঁও সদৰ আৰক্ষী থানাত তেওঁক সোধপোচ কৰা হ’ব। উল্লেখ্য যে, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ হাৰ্বেল চাইঞ্চ এণ্ড টেকনলজি বিভাগৰ এগৰাকী অস্থায়ী সহযোগী অধ্যাপিকাই অধ্যক্ষ ড°ভাগৱতীৰ বিৰুদ্ধে যৌন নিৰ্যাতন গুৰুত্বৰ অভিযোগ উত্থাপিত কৰি নগাঁও সদৰ আৰক্ষী থানাত যোৱা আঠ এপ্ৰিলত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(এ)/৩৭৬/৫১১ধাৰাৰ অধীনত ৪৩০/২০২২ নম্বৰত এক গোচৰ পঞ্জীভুক্ত কৰিছিল। ইপিনে, মহাবিদ্যালয় খনৰ আন এগৰাকী অধ্যাপিকা তথা এক নম্বৰ ছোৱালী হোষ্টেলৰ ৱাৰ্ডেনেও অধ্যক্ষ জনৰ বিৰুদ্ধে অনুৰূপ অভিযোগ উত্থাপিত কৰি তেওঁৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছিল। অধ্যক্ষ ড°ভাগৱতীৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হোৱাৰ পাছৰে পৰা তেওঁ জামিন বিচাৰি নগাঁও আদালতত আবেদন জনাইছিল যদিও সেই আবেদন খাৰিজ কৰা হৈছিল।তাৰ পাছতেই তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা জামিনৰ বাবে তৎপৰতা অব্যাহত ৰাখিছিল।

প্ৰেৰক কনক হাজৰিকা

You might also like