নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটৰ বনমালী কলাকৃষ্টি সংঘৰ মহাৰজত জয়ন্তীৰ সামৰণি

বিশেষ বাৰ্তা, ২ আগষ্টঃ ১৯৪২ চনতে প্ৰতিষ্ঠিত দক্ষিন যোৰহাট অঞ্চলৰ সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ উন্নয়নত প্ৰভূত বৰঙণি আগবঢ়াই অহা কৰঙাৰ বনমালী কলাকৃষ্টি সংঘৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠান ২৯-৩০ জুলাইত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হৈ যায়। প্ৰথম দিনা পুৱা পতাকা উত্তোলনৰ পাছতে জিলা ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতা অনুষ্ঠিত হয়। জিলাখনৰ প্ৰায় অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশলোৱা প্ৰতিয়োগীতাত অবয়ব কলিতাই প্রথম স্থান লাভ কৰি সৰোজ দত্ত সোৱৰণী বঁটাৰ লগতে নগদ ৫০০০ টকা, দ্বিতীয় স্থান প্রাপ্ত জষ্মিষ্টা কলিতাই নগদ ৩০০০ টকা আৰু তৃতীয় স্থানপ্রাপ্ত ডিয়া টাইয়ে নগদ ২০০০ টকা লাভ কৰে। সন্ধা স্থানীয় শিল্পীসকলে এক বনাঢ্য সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। দ্বিতীয় দিনা বিয়লি ১ বজাৰ পৰা অনুস্থিত মুকলি সভাত সভাপতিত্ব কৰে মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি মুনিন্দ্র নাথ দত্তই। গৃহলক্ষী মহিলা সমিতিৰ সদস্যাসকলে পৰিবেশন কৰা সংঘৰ শীৰ্ষ গীতেৰে আৰম্ভ হোৱা সভাত নিৰ্দিষ্ট বক্তা হিচাপে সাহিত্যিক ইছমাইল হোছেইন, বিশিষ্ট অতিথি হিচাপে যোৰহাট জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী, সাংবাদিক যোগেশ ওজা, জিলা পৰিষদৰ অভিযন্ত্ৰা বিকাশ বৰদলৈ উপস্থিত থাকে। গোপাল হাজৰিকা আৰু ধ্ৰূবজিত দত্তৰ সম্পাদনাত জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ বনমালী উন্মোচন কৰে বিকাশ বৰদলৈয়ে। নিমন্ত্ৰীত অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতাই বক্তব্য ৰাখে। প্ৰশান্ত গোস্বামীয়ে সভাতে বনমালী মইনা পাৰিজাত আৰু গৃহলক্ষ্মী মহিলা সমিতিলৈ দহ হেজাৰকৈ অনূদানৰ ঘোষনা কৰে। ইয়াতে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ দহগৰাকী লোকক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিযোগীতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। শলাগৰ শৰাই আগবঢ়াই উদযাপন সমিতিৰ সম্পাদক ৰঞ্জন হাজৰিকাই। নিশালৈ মঞ্চস্থ কৰা দুখনকৈ নাটক উদ্ধোধন কৰে অভিনেতা যাদব পাছনীয়ে। অমৃত বিৰাজ দত্তৰ ৰচনা আৰু ৰাজীৱ দত্ৰ পৰিচালনাৰে শিশু নাট উত্তৰণ আৰু জেষ্ঠ্যসকলৰ দ্বাৰা যুগল দাসৰ ৰচনা আৰু ৰুবুল কলিতাৰ পৰিচালনাত বায়নৰ খোল নাটকৰ অভিনয়ে সকলোকে আপ্লুত কৰে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like