নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নেহবন্ধনৰ চাৰিদিনীয়া গ্রীষ্মকালীন শিবিৰৰ সামৰণি

🔹 বন্দ্যা ইণ্টাৰনেচনেল স্কুলত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : গুৱাহাটীৰ বেলতলা জয়ানগৰৰ ত্রিপুৰা পথত অৱস্থিত জনপ্রিয় সাহিত্যিক কৈলাশ নাথ শর্মা সোঁৱৰণী শিশুগৃহ ‘স্নেহবন্ধন’ৰ উদ্যোগত ছাত্র–ছাত্রীসকলৰ মাজত চাৰিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত গ্রীষ্মকালীন শিবিৰৰ কালি সামৰণি পৰে ৷ গ্রীষ্মকালীন শিবিৰত ২০গৰাকী শিশুৱে অংশগ্রহণ কৰে ৷ শিবিৰত যোগা, জুম্বা, দবা, চিত্রাংকন, নৃত্য, ডিজিটেল ক্লাছ, নন ফ্রেম কুকিং ক্লাছ আদিৰ শিক্ষা প্রদান কৰা হয় ৷ প্রতিটো বিভাগতে অভিজ্ঞ প্রশিক্ষকৰ জৰিয়তে ছাত্র–ছাত্রী তথা শিশুসকলক প্রশিক্ষণ প্রদান কৰা হয় ৷ প্রশিক্ষণকালত ছাত্র–ছাত্রীসকলে তেওঁলোকৰ প্রতিভা দাঙি ধৰে ৷

প্রশিক্ষণৰ শেষত কালি আমিনগাঁৱৰ বন্দ্যা ইণ্টাৰনেচনেল স্কুলৰ প্রেক্ষাগৃহত অনুষ্ঠিত হয় এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ৷ অনুষ্ঠানত ছাত্র–ছাত্রীসকলে পৰিৱেশন কৰে সত্রীয়া নৃত্য, চুটি নাটক, বিহু, জুম্বা আদি ৷ শিশুসকলৰ মনোমোহা সাংস্কৃতিক অনুষ্ঠানে দর্শকৰ বিপুল সঁহাৰি আৰু ভূয়সী প্রশংসা লাভ কৰিবলৈ সক্ষম হয় ৷ সাংস্কৃতিক অনুষ্ঠানৰ শেষত অংশগ্রহণকাৰী শিশু দিশা শর্মাক শ্রেষ্ঠ প্রশিক্ষার্থী হিচাপে ঘোষণা কৰা হয় ৷ অনুষ্ঠানত অংশগ্রহণকাৰী ছাত্র–ছাত্রীসকলক একোখনকৈ মানপত্র প্রদান কৰা হয় ৷ ছাত্র–ছাত্রীসকলৰ গ্রীষ্মকালীন শিবিৰৰ সৈতে সংগতি ৰাখি কৈলাশ নাথ শর্মা ন্যাসৰ স্নেহবন্ধন আৰু আছাম হেল্থকেয়াৰ কো–অপাৰেটিভ ছ’চাইটীৰ উদ্যোগত ১৯ জুলাইত অনুষ্ঠিত হয় বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ ৷ স্বাস্থ্য শিবিৰত বহুসংখ্যক শিশুকে ধৰি ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ৷ স্বাস্থ্য শিবিৰত শিশু আৰু মেডিচিন বিভাগৰ কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় ৷

You might also like