খৈৰাবাৰীৰ কালজুৰিত বিহুনাচ, বিহুনাম, বিহুবাদ্যৰ আখৰাৰ সামৰণি
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ
🔸খৈৰাবাৰীৰ ওচৰৰ কালজুৰি আৱাহন সংঘৰ উদ্যোগত ২৭ মাৰ্চৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিহু নাচ, বিহু নাম আৰু বিহু বাদ্যৰ আখৰা শিবিৰৰ আজি সামৰণি পৰে ।
🔸সামৰণী অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক আনুষ্ঠানিকভাৱে অংশ গ্ৰহণৰ প্ৰমাণ পত্ৰসমুহ প্ৰদান কৰা হয় ।
🔸সামৰণী অনুষ্ঠানত অংশ লৈ প্ৰশিক্ষক দীপু ডেকা আৰু ত্ৰৈলোক্য বৰুৱাই অসমীয়াৰ প্ৰাণৰ পৰম্পৰাগত বিহুটিক পৰিশীলিত, পৰিশুদ্ধ ৰূপত আগবঢ়াই নিয়াত গুৰুত্ব আৰোপ কৰে আৰু বিহু নাচৰ ভংগীমা সমুহ নিখুঁত ৰূপত প্ৰদৰ্শন কৰাৰ বাবে অনুশীলন কৰিবলৈ প্ৰশিক্ষাৰ্থী সকলক পৰামৰ্শ আগবঢ়ায় ।
🔸কালজুৰি আৱাহন সংঘৰ প্ৰাক্তন সম্পাদক অপূৰ্ব কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সামৰণি অনুষ্ঠানত সংঘৰ সভাপতি প্ৰবীণ কলিতা, উপ সভাপতি ৰবীন্দ্ৰ ভূঞা, উপদেষ্টা নৰেন কাকতি, সাংবাদিক দ্বীপেন ডেকা, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা সুৱৰ্ণ দেৱীকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
🔸পাঁচ দিনীয়া এই আখৰা শিবিৰত দীপু ডেকা, ত্ৰৈলোক্য বৰুৱা, হিমাশ্ৰী দাস, দীপান্বিতা ডেকা, ভূপেন বৰুৱা আৰু ভবেশ ডেকাই প্ৰশিক্ষক হিচাপে অংশ গ্ৰহণ কৰে ।
প্ৰেৰক ধীৰেন মহলীয়া