নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়া সত্ৰৰ সভা মহোৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰী : দক্ষিণ কুলীয়া শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ থান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰত সামৰণি পৰিল সভা মহোৎসৱৰ। সামৰণিৰ দিনা সত্ৰবাসীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৰাম বিজয় ভাওনাক বাটৰ নাট হিচাপে প্ৰদৰ্শন কৰে। ৰাম-সীতাৰ বিয়া হিচাপে অভিহিত বাটৰ নাট চাবলৈ সত্ৰত ভিৰ কৰে হাজাৰ হাজাৰ ভক্তই।ফাগুন মাহৰ শুক্লা দ্বিতীয়াত ছমৰীয়া সত্ৰত পালিত হয় সত্ৰৰ মহোৎসৱ তথা ছমৰীয়া সভাৰ। সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰীশ্ৰীবৰবিষ্ণু আতাৰ তিৰোভাৱ তিথিত ধুমধামেৰে উদযাপিত হয় এই মহোৎসৱৰ। এইবেলি ২০ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ পালন কৰা হয় মহোৎসৱৰ। ৰাম-সীতাৰ বিয়া হিচাপে অভিহিত বাটৰ নাট চাবলৈ সত্ৰ চৌহদত ভিৰ কৰে অগনন ভক্তপ্ৰাণ লোকে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমৱেত হয় অগণন ভকত, আই মাতৃ। ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ মহোৎসৱ তথা ছমৰীয়া সভাত বহিঃৰাজ্যৰ পৰাও সমাগম ঘটে ভকতৰ। জাতীয় জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ মহোৎসৱত অগণন ভকতৰ হৰিনামৰ ধ্বনিত মহামিলনৰ পুণ্যভূমিত পৰিণত হয় ছমৰীয়া সত্ৰ গাঁওখনি। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হয় আধ্যাত্মিকতাৰ পৱিত্ৰ স্থান ঐতিহ্যমণ্ডিত ছমৰীয়া‌ সত্ৰ।
প্ৰেৰক প্ৰীতম বায়ন
You might also like