ৰূপম, জাণ্টুমণি, মিলি, অনন্যা, ৰিয়াৰ গীতত মন্ত্ৰমুগ্ধ শিৱসাগৰীয়া, দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ বসন্ত উৎসৱৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ শিৱসাগৰৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই বিভিন্ন সামাজিক কাম-কাজ কৰি অহাৰ উপৰি বাপতি সাহোন ৰঙালী বিহুটি উদ্যাপন কৰি আহিছে৷ বসন্ত উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰে বিভিন্ন প্ৰতিযোগিতা৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে সংঘৰ ভাৰপ্ৰাপ্ত সভাপতি জেহিৰুদ্দিন খানে আৰু স্মৃতি তৰ্পণ অনুষ্ঠানটি মুকলি কৰে সংঘৰ উপদেষ্টা ক্ষীৰোদ নাথ দাসে৷ তাৰ পাছতেই দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ মাজৰ পৰা হেৰাই যোৱা ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটো মুকলি কৰে সংঘৰ উপদেষ্টা ত্ৰৈলোক্য দাসে৷ আনহাতে শিৱসাগৰৰ সমাজ জীৱনৰ এজন জ্যেষ্ঠ নাগৰিক তথা সন্মিলিত ব্যৱসায়ী সন্থাৰ সভাপতি বকুল বৰঠাকুৰে মঞ্চ মুকলি কৰি দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই বিগত সময়ছোৱাত কৰি অহা বিভিন্ন উন্নয়নমূলক কাম-কাজৰ কথা উল্লেখ কৰাৰ লগতে প্ৰতিজন ব্যক্তিকেই অসমীয়া বাপতি সাহোন বিহুটো ধৰি ৰাখিবলৈ আহ্বান জনায়৷ দিনৰ ১১ বজাৰ পৰা কণী যুঁজ আৰু বিহু কুঁৱৰী প্ৰতিযোগিতাত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ সন্ধিয়া সাত বজাত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা ৩৫ গৰাকী ব্যক্তিৰ লগতে সংঘৰ প্ৰতিষ্ঠাপক ত্ৰৈলোক্য দাস, জোনা দাসৰ লগতে সংবাদ মাধ্যমৰ লগত জড়িত সাংবাদিকসকলকো বিহুববীয়া ওলগ আৰু সম্বদ্ধৰ্না জনোৱা হয়৷ আনহাতে সাংস্কৃতিক সন্ধিয়া ‘বসন্তৰ এনিশা’ উদ্বোধন কৰে গড়গাঁও কলেজৰ অধ্যক্ষ তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি ড০ সব্যসাচী মহন্তই উদ্ধোধনি ভাষণত অসমীয়াৰ শিৰে শিৰে বিহু সোমাই আছে৷ বিহু অতীত আৰু বৰ্তমানক লৈ তেওঁ এটি তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে৷ আজিকালি কিছু বিহু সমিতিৰ উদ্যোক্তাই মঞ্চত বিহুৰ পৰিৱৰ্তে কেৱল সাংস্কৃতিক অনুষ্ঠানতহে গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে জ্যেষ্ঠ সাংবাদিক অতনু বৰা, কৌস্তৱমণি কাকতি, ড০ উৎপল দত্ত, মুখ্যমন্ত্ৰীৰ লোকসেৱা বঁটাপ্ৰাপক ভাস্কৰজ্যোতি দাসে বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া দেৱব্ৰত শৰ্মাৰ লগতে বহুকেইজন গন্য-মান্য ব্যক্তি উপস্থিত থাকে৷ তাৰ পাছতেই নিমাইজান কহুঁৱা হুচৰি দলে বিহু ৰংপুৰীয়া জনগোষ্ঠী দল, সদৌ অসম ভোজপুৰি মহিলা পৰিষদৰ যুৱতীসকলে বিহু নৃত্য প্ৰদৰ্শন, ৰাজেন্দ্ৰ যোশী, ৰিদ্ধী হাজৰিকাৰ গীত পৰিবেশনৰ লগতে কণমানি সুকন্যা দাসৰ বিহু নিত্য প্ৰদৰ্শন কৰে। আনহাতে সংঘৰ প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়োৱা শিৱসাগৰ প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সম্পাদক হিমাংশু নেওগ, সাংবাদিক মুক্তাব হুছেইন, মুস্তাফিজ আহমেদ, সমাজকৰ্ম্মী হেমন্ত কেজৰিৱাল, সমীৰণ বৰদলৈ, প্ৰেছ ক্লাৱৰ প্ৰাক্তন সম্পাদক খলিলুৰ ৰহমান হাজৰিকাক বিশেষ ভাৱে সম্বদ্ধৰ্না জনোৱা হয়৷ অনুষ্ঠানত জনপ্ৰিয় গায়ক ৰূপম বৰা, ৰিয়া কোঁৱৰ, অন্যন্যা গগৈ, জাণ্টুমনি শইকীয়া দাস, মিলি দৌল্লা, বৰ্ণিল নয়ন শইকীয়া, আৰিয়ান বৰাকে ধৰি বহুকেইজন নবীন-প্ৰবীন কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰি উপস্থিত দৰ্শকক মুগ্ধ কৰে৷ সমগ্ৰ অনুষ্ঠানটো পৰিচালনা কৰে জনপ্ৰিয় ঘোষিকা পপী দাসে৷ ইফালে অনুষ্ঠানত সংঘৰ সমূহ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক এখন ফুলাম গামোচাৰে মৰম যঁচা হয়৷ উক্ত অনুষ্ঠানতেই অসম অলিম্পিক সংস্থাৰ নৱ নিৰ্বাচিত সহকাৰী সম্পাদক তথা এসময়ৰ দিখৌপৰীয়াৰ সদস্য দাদুমনি বৰাক উষ্ম আদৰণি জনোৱা হয়৷
প্ৰেৰক প্ৰশান্ত বৰগোহাঁই