নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইলৰ পাইপ ফুটা কৰি কণ্ডেনছেট চুৰি : এজনক আটক

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰ : দুলীয়াজান আৰক্ষীয়ে কালি নিশা অইলৰ কণ্ডেনছেট চুৰি সংক্ৰান্তত এজনক আটক কৰাৰ লগতে মটৰচাইকেলসহ চোৰাং কণ্ডেনছেট জব্দ কৰিছে। আটকাধীন অভিযুক্তজন হৈছে কঁঠালগুৰি কাটানী নিৱাসী সঞ্জয় গড় (৩৫)। দুলীয়াজান আৰক্ষী থানাৰ বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত উপ-পৰিদৰ্শকসহ অভিযানকাৰী আৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা খবৰ অনুসৰি দিহিং পাটকাইৰ সংৰক্ষিত এলেকাত অভিযান চলাই উক্ত অভিযুক্তক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীক দিয়া ভাষ্য অনুসৰি অভিযুক্তই সংৰক্ষিত এলেকাৰ মাজেদি যোৱা অইলৰ তেল পৰিবাহী পাইপ কৌশলেৰে ফুটা কৰি কণ্ডেনছেট চুৰি কৰি বিক্ৰী কৰি আহিছিল। ঘটনাৰ দিনাও ধৃত অভিযুক্তই এ এছ-০৬ ডব্লিউ-৩৯০৭ নম্বৰৰ মটৰচাইকেলত ২০ লিটাৰ গিলানভৰ্তি চোৰাং কণ্ডেনছেট কঢ়িয়াই কোনো স্হানত দিয়াৰ পৰিকল্পনা কৰিছিল । তেনেতে অভিযানকাৰী আৰক্ষী দলে ডিগবৈ এলেকাৰ পৰা ভাদৈ দিশে আহি থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় ধৃত অভিযুক্তক। অভিযুক্তই আৰক্ষীৰ বেষ্টনী ফালি পলাবলৈ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ জালত পৰে অভিযুক্ত। ইতিমধ্যে তদন্তকাৰী আৰক্ষীয়ে অভিযুক্তক অধিক সোধা-পোছোৰ বাবে নিজৰ জিম্মাত ৰখাৰ লগতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে জে’ল-হাজোতলৈ প্ৰেৰণ কৰাৰ যো-জা চলাইছে।

প্ৰেৰক কৃষ্ণা গগৈ

You might also like