নিয়মীয়া বাৰ্তা ১৫ মেঃ নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত বানেকুছি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ঘৰৰ চালি ধুমুহাই উৰুৱাই নিয়াৰ এবছৰ পূৰ্ণ হল৷ সমষ্টিটোৰ নতুন দেহৰ মৌজাৰ ডাঙ্গুৱাপাৰা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ জন্ম গৃহ গাঁও যদিও স্বাস্থ্যকেন্দ্ৰৰ এনে পয়ালগা ৰূপ ৷ ডাঙ্গুৱাপাৰাৰ ৰাইজৰ লগতে বৃহত্তৰ অঞ্চলটোৰ আন ৪-৫খন গাঁৱৰ ৰাইজৰ প্ৰথমিক চিকিৎসাৰ আশা ভৰসাৰ স্থলী হৈছে বানেকুছি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো ৷ এবছৰে টিনপাত নোহোৱা স্বাস্থ্য কেন্দ্ৰটোত ৰাইজে চিকিৎসা সেৱা গ্ৰহণ কৰি আহিছে। এইক্ষেত্ৰত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰা দেখা গৈছে ।
প্ৰেৰক শ্বাহ আলম আহমেদ