নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবোধ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম বাৰ্তাজীৱী সংঘৰ শোক প্ৰকাশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জুনঃ অসম বাৰ্তাজীৱী সংঘৰ প্ৰাক্তন কোষাধ্যক্ষ তথা সক্ৰিয় সদস্য প্ৰবোধ কুমাৰ ভট্টাচাৰ্যৰ যোৱানিশা ১০ বজাত পৰলোকপ্ৰাপ্তি হয় । ১৯৬৪ চনৰ ৭ এপ্ৰিল তাৰিখে দৰং জিলাৰ ছিপাঝাৰ নায়কপাৰা গাঁৱত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্য মঙলদৈ মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী মহানগৰত অফচেট প্ৰেছ খুলি ব্যৱসায় আৰম্ভ কৰে। পিছত তেওঁ ২০০০ চনত আমাৰ অসম কাকতত যোগদান কৰি সংবাদ সেৱাৰ সৈতে জড়িত হয়। পিছত নিয়মীয়া বাৰ্তা কাকতৰ জন্মলগ্নৰে পৰা জড়িত হয় মৃত্যুৰ সময়লৈকে সেৱা আগবঢ়ায়। তেওঁ গুৱাহাটীত ভাড়াঘৰত থাকি নিয়মীয়া বাৰ্তা কাকতৰ ছিনিয়ৰ প্ৰুফ ৰীডাৰ হিচাপে কৰ্মৰত হৈ আছিল। প্ৰয়াত ভট্টাচাৰ্য অসম বাৰ্তাজীৱী সংঘৰ ২০২০-২০২১ বৰ্ষৰ কোষাধ্যক্ষ হিচাপে সেৱা আগবঢ়াই সংগঠনটিক শক্তিশালী কৰি তুলিছিল। আজি তেওঁৰ শৱদেহ গুৱাহাটীৰ পৰা মঙলদৈৰ স্বগৃহলৈ নি শেষকৃত্য সম্পন্ন কৰা হয়। অসম বাৰ্তাজীৱী সংঘৰ হৈ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা, প্ৰচাৰ সম্পাদক অখিল কলিতা, দৰং জিলা সমিতিৰ সম্পাদক লক্ষীনন্দন কলিতা আৰু সহকাৰী সম্পাদক প্ৰাঞ্জল মহন্তই ভট্টাচাৰ্যক গামোচা আৰু ফুলৰে শেষ শ্ৰদ্ধা জনায়। প্ৰবোধ কুমাৰ ভট্টাচাৰ্যৰ অকাল বিয়োগত অসম বাৰ্তাজীৱী সংঘই গভীৰ শোক প্ৰকাশ কৰে। এক শোকবাৰ্তাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধি, উপ-সভাপতি অঞ্জন কুমাৰ শৰ্মা আৰু সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই ভট্টাচাৰ্যৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে ডাঙৰ ক্ষতি হোৱাৰ লগতে অসম বাৰ্তাজীৱী সংঘৰ অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে। অতি অমায়িক ভট্টাচাৰ্যই নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছিল। তদুপৰি সাংবাদিকসকলৰ অধিকাৰ আৰু ন্যায্যপ্ৰাপ্তিৰ হকে সদায় মাত আহিছিল বুলিও কয়। আনহাতে ভট্টাচাৰ্যৰ মৃত্যুত সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ উপ-সভাপতি ফণীধৰ দাস আৰু সচিব বিশ্বজিৎ দাসেও গভীৰ শোক প্ৰকাশ কৰিছে।

You might also like