নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুত সংঘাত! সমুজ্জ্বল ভট্টাচাৰ্যৰ মত প্ৰকাশত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ আছুৰ মজিয়াত এলাগি হৈ পৰিছে নেকি আছুৰ শীৰ্ষ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য? বিগত দুলীয়াজান অধিৱেশনৰ সময়ত অৱসৰ ল’ব বুলি আগতীয়াকৈ ঘোষণা কৰাৰ পিছত প্ৰবল অনুৰোধৰ বাবে আছুতে পুনৰ থাকি যোৱা নেতাগৰাকীক লৈ এনে প্ৰশ্ন উঠিছে আজি ছাত্ৰ সন্থাৰ সম্পাদকে সম্বোধন কৰা এখন সংবাদমেলৰ পিছতে।

আজি তেজপুৰত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্য়োতি বৰুৱাই এখন সংবাদমেলত কয়- ‘সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ব্যক্তিগতভাৱে মন্তব্য দিব পাৰে, তেওঁৰ মন্তব্য আছুৰ মঞ্চৰ পৰা দিয়া মন্তব্য নহ’ব। কিয়নো এতিয়ালৈ তেওঁ আছুৰ কোনো পদবীতে সাংবাধানিকভাৱে নাই বা কাৰ্যনিৰ্বাহক সমিতিয়ে এতিয়ালৈ তেখেতক উপদেষ্টা বা মুখ্য উপদেষ্টা ৰূপে দায়িত্ব প্ৰদান কৰা নাই।’

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে আছুৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহকত এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। কিন্তু বৰ্তমান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আছুৰ মঞ্চত থাকি বৰ্তমান কোনো স্থিতি প্ৰকাশ কৰা নাই।

এনেদৰে সাংবাধানিকভাৱে আছুৰে সম্পৰ্কিত নোহোৱা বাবে আছুৰ শীৰ্ষ নেতাগৰাকীৰ ক্ষেত্ৰত একপ্ৰকাৰ নিষেধাজ্ঞা আৰোপ কৰিলে ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত কাৰ্যনিৰ্বাহকে।

You might also like