নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰেংগী উচ্চ বিদ্যালয়ত ২১ কীৰ্তিমানক অভিনন্দন জ্ঞাপন

মহানগৰ বাৰ্তা, ২৮ জুনঃ নাৰেংগী উচ্চ বিদ্যালয়ৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২১গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি অভিনন্দন জনাায় বিদ্যালয় পৰিচালনা সমিতিয়ে।নাৰেংগী উচ্চ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰতিমা দাস কাৰ্জিয়ে সভাপতিত্ব কৰা সভাখনত কীৰ্তিমানকেইগৰাকীক ফুলাম গামোচা, গ্ৰন্থ, কলম আৰু মোমেণ্টোৰে অভিনন্দন জনায়। এই অনুষ্ঠানতে ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ আঁৰত থকা শিক্ষাগুৰুসকলকো সম্বৰ্ধনা জনায় পৰিচালনা সমিতিয়ে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত গুৱাহাটী কমাৰ্চ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ পূৰ্ণ ভট্টাচাৰ্য, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গোকুল গোস্বামী, উপ-সভাপতি প্ৰদীপ কলিতা, বিশিষ্ট সমাজকৰ্মী যোগেন চন্দ্ৰ কলিতা, ভবেন কুমাৰ, বিদ্যালয়ৰ অৱসৰী শিক্ষয়িত্ৰী ৰুণজুণ শইকীয়াৰ উপৰি প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক ৰাজু ক্ৰ উপস্থিত থাকে।উল্লেখ্য যে এইবাৰ বিদ্যালয়খনৰ পৰা ১১২গৰাকী ছাত্ৰ-ছাত্ৰী শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।ইয়াৰে ১১১গৰাকীয়ে উত্তীৰ্ণ হয়।

প্ৰেৰক বিভাষ দাস

You might also like