বিশেষ বাৰ্তা, ১৫ জুনঃ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ উদ্যোগত সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক আজি ৰাজহুৱাভাৱে অভিনন্দন জনোৱা হয় । এই উপলক্ষে আজি কুশল কোঁৱৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়তখনৰ সভানেত্ৰী নিতুমণি ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে গাওঁ পঞ্চায়তৰ সচিব ৰবীন গগৈয়ে । সভাখনত অংশগ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ, সমাজকৰ্মী, শিক্ষাবিদ, মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ ৰঞ্জিত গোহাঞিবৰুৱাই বক্তব্য প্ৰদান কৰি কয়- আমাক কৰ্ম সংস্কৃতিহে লাগে, কথা সংস্কৃতি নালাগে । কৰ্ম সংস্কৃতিৰ জৰিয়তেহে আমি নিজৰ নাম খোদিত কৰি ৰাখিব পৰাৰ লগতে সমাজৰো উত্তৰণ সাধিব পৰা যায় বুলি তেওঁ উল্লেখ কৰে । প্ৰসংগক্ৰমে তেওঁ অসমৰ উদীয়মান ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ প্ৰসংগও উত্থাপন কৰে । সভাত মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অংশগ্ৰহণ কৰি তিনিজন গুৰুক সদায় ভক্তি কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় । আদিগুৰু, শিক্ষাগুৰু আৰু ধৰ্মগুৰুক ভক্তি কৰিলে জীৱনত সফলতা লাভ কৰিব পাৰিব বুলি বক্তব্য ৰাখে । সভাত জংঘলব্লক হাইস্কুলৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱা, কৃতী শিক্ষক নগেন গগৈ, শিক্ষক-নাট্যকাৰ বিনয় শইকীয়া আদিয়ে অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। লগতে এনে অভিনন্দন অনুষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলকো উৎসাহ যোগাব বুলি মন্তব্য কৰাৰ লগতে এইদৰে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে পঞ্চায়তখনৰ সভানেত্ৰী নিতুমণি ফুকনৰ শলাগ লয় । সভাত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে বক্তব্য ৰাখে । কপিল বৰুৱাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত ১২০গৰাকী ছাত্ৰ-ছাত্ৰীৰ প্ৰতিগৰাকীকে একোটাকৈ নিমপুলি, পঢ়াৰ সামগ্ৰী, অভিনন্দন পত্ৰ, উপহাৰ আদিৰে অভিনন্দন জনোৱা হয়। অভিনন্দন অনুষ্ঠানটোত পঞ্চায়তখনৰ উপ-সভাপতি ভৱেন শইকীয়া, মধ্য নকছাৰী গাঁও পঞ্চায়তৰ সভাপতি চন্দন গগৈ, পঞ্চায়তৰ জি আৰ এছ দেৱজ্যোতি দলে, অপূৰ্ব গগৈ, প্ৰেমদা ফুকন, দীপক গৰাইট, মৃদুল গগৈ, দেৱেন গগৈ, বীৰসিং নায়ক, ৰূপেশ তাঁতী আদিৰ লগতে শতাধিক অভিভাৱক আৰু শুভাকাংক্ষী উপস্থিত থাকে । ইফালে, অনুষ্ঠানৰ আৰম্ভণিতে কৃতী ছাত্ৰ নিবিড় গগৈয়ে গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া