নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চ : এফালে বিজেপি শাসনাধিষ্ঠিত চৰকাৰক আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পৰাভূত কৰি অসমত পুনৰ কংগ্ৰেছী চৰকাৰ গঠনৰ বাবে কংগ্ৰেছী নেতাই সভাই সমিতিয়ে টেটু ফালি ভাষণ দি দলীয় কৰ্মীক আহ্বান জনোৱাৰ বিপৰীতে আনফালেদি দলীয় নেতাৰ নেতৃত্বৰ যুঁজত তৃণমূল কৰ্মীৰ অসহায় পৰিস্থিতি -এনে পৰিবেশ সৃষ্টি হৈছে প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত। উল্লখ্য যে, নগাঁও জিলাৰ এসময় প্ৰতাপী মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু নগাঁও লোকসভাৰ বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদৰলৈৰ মাজত চলি থকা শীতল সংঘাটে জিলাখনৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলক বিবুধত পেলাইছে। দলীয় এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰামতে দুই সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ মাজত সৃষ্টি হোৱা শীতল ৰাজনৈতিক সংঘাটে দলটোৰ তৃণমূল কৰ্মী সকলক এতিয়া তীব্ৰ সংকটত পেলাইছে বুলি জানিব দিছে। উল্লেখ্য যে, নগাঁও জিলাখন সাংসদ ৰকিবুল হুছেইনৰ গৃহজিলা হোৱাৰ লগতে জিলাখনৰ দলীয় কৰ্মী সকলৰ মাজত যথেষ্ঠ জনপ্ৰিয়তা আৰু প্ৰভাৱ আছে। কিন্তু শেহতীয়াকৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে ধুবুৰীৰ পৰা দলীয় টিকট লাভ কৰি অভিলেখ সংখ্যক ১০ লক্ষাধিক ভোটৰ ব্যৱধানত জয়ী হৈ সাংসদ হিচাপে নিৰ্বাচিত হয়। অন্যহাতে ২০১৯ চনত প্ৰথমবাৰৰ বাবে নগাঁৱৰ সাংসদ হোৱা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে ২০২৪ চনৰ নিৰ্বাচনত পুনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈ নগাঁও জিলাত আধিপত্য বিস্তাৰৰ চেষ্টা অব্যাহত ৰাখিছে। জানিব পৰামতে সাংসদ প্ৰদ্যুত বৰদলৈয়ে টিকট লাভত কংগ্ৰেছৰে একাংশই তীব্ৰ বাধাৰ সৃষ্টি কৰিছিল। আনকি সাংসদ প্ৰদ্যুত বৰদলৈক নগাঁৱৰ পৰা খেদি যোৰহাটৰ সাংসদ গৌৰৱ গগৈক নগাঁও লোকসভাত টিকট দিবলৈ দলৰ বহু হেভীৱেট নেতাই প্ৰক্ষেপ কৰিছিল বুলি খবৰ বাগৰিছিল। অন্যহাতে ন-টাকৈ বিধানসভা সমষ্টি থকা নগাঁও লোকসভা সমষ্টিৰ পৰা ৯০ শতাংশ ব্লক সমিতিয়ে সাংসদ গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ নাম প্ৰস্তাৱ কৰা পাছতো দিল্লীত নিজৰ ক্ষমতা আৰু প্ৰভুত্বৰ বাবে শেষত প্ৰদ্যুত বৰদলৈয়ে নগাঁৱ লোকসভাৰ টিকট লাভ কৰি জয়লাভ কৰাৰ পাছত যেন দলৰে বিদ্ৰোহী নেতা-কৰ্মীসকলৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে সাংসদ বৰদলৈ। শেহতীয়াকৈ নগাঁও জিলাত সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুত বৰদলৈৰ আভ্যন্তৰীণ সংঘাটে চূড়ান্ত পৰ্যায় লাভ কৰিছে বুলি দলীয় এই নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে। খবৰ অনুসৰি নিজা গৃহ জিলা তথা “লোকেল মেন” হোৱাৰ সুবাদে জিলাখনৰ দলীয় কাম-কাজ সাংসদ ৰকিবুল হুছেইনে নিজৰ মতে হোৱাটো বিচাৰে যদিও এইক্ষেত্ৰত হেঙাৰ ৰূপে থিয় দিছে নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে। এক প্ৰকাৰে সাংসদ ৰকিবুলৰ গৃহজিলাত প্ৰদ্যুতৰ দপদপনি। প্ৰাপ্তখবৰ অনুসৰি শেহতীয়াকৈ কংগ্ৰেছৰ সমূহ ব্লক আৰু জিলা সমিতিত পঞ্চাশোৰ্ধ ব্যক্তিক সভাপতি পদৰ পৰা অব্যাহতি দিয়া এক নিৰ্দেশক লৈ সাংসদ বৰদলৈয়ে নিজৰ খেয়াল সূচী মতেই ব্লক সভাপতি নিয়োগ কৰা বুলি দলীয় কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি নগাঁও জিলাত সাংসদ ৰকিবুল হুছেইনক নসাৎ কৰিবলৈ ব্লক সমিতি সমূহত নিজৰ পচণ্ডৰ ব্যক্তিক সভাপতি পদত অধিষ্ঠিত কৰোৱাক লৈ দলৰ অভ্যন্তৰত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ফলত বৰ্তমান জিলাখনৰ ব্লক সমিতি সমূহৰ পৰা আতৰি গৈছে বহু কংগ্ৰেছ কৰ্মী। আনহাতে একাংশ দলীয় কৰ্মীৰ মতে জিলাখনত সাংসদ বৰদলৈৰ নিৰ্দেশ মতে কাম নকৰিলেই সাংসদ গৰাকীৰ দৃষ্টিত তেঁও হৈ পৰে এলাগী। অন্যহাতে পূৰ্বৰ পৰা নগাঁও জিলাৰ দায়িত্বত থকা বৰ্তমান ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ কথামতেও কাম নকৰিলে সাংসদ গৰাকীৰ দৃষ্টিত তেঁও হৈ পৰে এলাগী। এতিয়া এজন দলীয় কৰ্মীয়ে দুজন সাংসদৰ দুটা বিপৰীত নিৰ্দেশ কেনেকৈ গ্ৰহণ কৰিব বা মানিব তাকৈ লৈ বিমোৰত পৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি অৱশেষত কংগ্ৰেছ দলকে ত্যাগ কৰিব লাগিব বুলি মন্তব্য কৰিছে। অন্যহাতে শেহতীয়াকৈ যোৱা ১৬ মাৰ্চত ৰহাত অনুষ্ঠিত এখন সাংগঠনিক সভাত দুই সাংসদৰ এনে আভ্যন্তৰীণ শীতল যুঁজৰ স্পষ্ট ছবি প্ৰত্যক্ষ কৰে দলীয় কৰ্মী সকলে। উল্লেখ্য যে, যোৱা ১৬ মাৰ্চত ৰহা বিধানসভা সমষ্টিৰ ৰহা আৰু পাখিমৰীয়া ব্লক কংগ্ৰেছৰ উদ্যোগত ৰহাত অনুষ্ঠিত এক যোগদান সভাত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু নগাঁৱৰ স্থানীয় সাংসদ প্ৰদ্যুত বৰদলৈ। কিন্তু উক্ত সভাত উপস্থিত নাছিল নগাঁওৰ স্থানীয় কংগ্ৰেছ নেতা, সাংসদ ৰকিবুল হুছেইন, সাংসদ গৌৰব গগৈ অথবা স্থানীয় কোনো কংগ্ৰেছী বিধায়ক সকল। দলীয় এক সূত্ৰে জানিব দিয়ামতে দলীয় আভ্যন্তৰীণ সংঘাটৰ বাবে সাংসদ ৰকিবুল হুছেইন ,গৌৰৱ গগৈক ৰহাৰ সভালৈ আমন্ত্ৰণ নজনালে স্থানীয় সাংসদ প্ৰদ্যুত বৰদলৈয়ে! আনকি নগাঁৱৰ কংগ্ৰেছী বিধায়ক,নেতা সকলেও উক্ত সভালৈ নিমন্ত্ৰণ নাপালে বুলি খবৰ পোৱা গৈছে। উল্লেখযোগ্য যে, সেই দিনটোতে সাংসদ গৌৰৱ গগৈয়ে নগাঁৱত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, আৰু তিনিগৰাকী কংগ্ৰেছী বিধায়ক আৰু একাংশ দলীয় নেতাৰ সৈতে এক আলোচনাত মিলিত হৈছিল বুলি জানিব পৰা গৈছে। তদুপৰি মনকৰিবলগীয়া যে, স্বয়ং প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিত থকা সভাখনত কেৱল সাংসদ বৰদলৈৰ বাহিৰে স্থানীয় এজনো বিধায়ক, সাংসদ উপস্থিত নথকা বিষয়টোৱে সচেতন দলীয় কৰ্মী সকলৰ মাজত যথেষ্ঠ চৰ্চিত হৈছে আৰু বিষয়টোৱে চিন্তিত কৰি তুলিছে। তদুপৰি শেহতীয়াকৈ কোনো দলীয় সভা অনুষ্ঠিত নকৰাকৈ সাংসদ বৰদলৈয়ে নিজা খেয়াল-খুচী মতে ব্লক সমিতিৰ সভাপতি নিযুক্তি দিয়াৰ অভিযোগ তুলি এই কাৰ্যক সহজ ভাৱে ল’ব নোৱাৰি বহু নিষ্ঠাবান দলীয় কৰ্মীয়ে হতাশাত ভুগিছে বুলি মন্তব্য কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগে-পাছত যদি শুধৰণি নহয়,তেন্তে সমষ্টিয়ে সমষ্টিয়ে বহু কংগ্ৰেছ কৰ্মীয়ে দলত্যাগ কৰিব বুলি এক সূত্ৰই মত প্ৰকাশ কৰিছে। উল্লেখ্য যে, লোকসভা সমষ্টি হিচাপে সাংসদ বৰদলৈয়ে জয়লাভ কৰিলেও আগন্তুক বিধানসভা নিৰ্বাচনত বিধানসভা সমষ্টিবোৰত কংগ্ৰেছ দল জয়লাভৰ বাবে ইমান সহজ হৈ থকা নাই। সেই সূত্ৰে যদিহে নগাঁৱৰ সাংসদ গৰাকীয়ে দলীয় সচেতন কৰ্মী সকলে উত্থাপিত অভিযোগ পুনৰ বিবেচনা নকৰে, তেন্তে পঞ্চায়ত নিৰ্বাচনৰ আগে পিছে নগাঁও লোকসভা সমষ্টিৰ সকলো বিধানসভা সমষ্টিত বহু তৃণমূল কংগ্ৰেছ কৰ্মীয়ে দল এৰাটো প্ৰায় নিশ্চিত বুলি জানিব দিছে। পাছে দলীয় উৰ্ধতন নেতৃত্বই বিষয়টো কেনেদৰে গ্ৰহণ কৰে সময়তহে দেখা যাব।
প্ৰেৰক ভৱজয় ডেকা