নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত কংগ্ৰেছ-আপৰ শতাধিক কৰ্মীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে বিজেপিৰ সদস্যতাভৰ্তি অভিযান। শাসকীয় দলটোৰ এই সদস্যতা অভিযান পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে কালি কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাছা ৰঙিয়াত উপস্থিত হয়। স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে সাংসদ তাছাই এই অভিযান সন্দৰ্ভত দলীয় কৰ্মকৰ্তাৰ লগত এখন সাংগঠনিক সভাত অংশগ্ৰহন কৰে। দলটোৰ কেন্দ্ৰীয় সমিতিৰ নির্দেশমর্মে উত্তৰ কামৰূপ জিলা বিজেপিয়ে উক্ত সদস্যতা ভর্তি অভিযান ৰঙিয়াত আৰম্ভ কৰে। উক্ত কাৰ্যসূচীৰ কাম-কাজ চোৱা-চিতা কৰাৰ উদ্দেশ্যে ৰঙিয়াৰ চেপ্টিত থকা জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত সাংগঠনিক সভাত উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পালসহ বিভিন্ন মণ্ডল সভাপতি আৰু অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত সাংসদগৰাকীয়ে সদস্যতা অভিযানৰ কাম-কাজ পর্যালোচনা কৰে। উক্ত সাংগঠনিক সভাৰ অন্তত কংগ্ৰেছ আৰু আপকে ধৰি বিভিন্ন দল-সংগঠনৰ শতাধিক যুৱকে বিজেপি দলত যোগদান কৰে । ইয়াৰ পিছত সাংসদগৰাকীয়ে মধুকুছিত স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে সদস্যতা অভিযানত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সাংসদ কামাখ্যাপ্রসাদ তাছাই উত্তৰ আৰু দক্ষিণ কামৰূপ জিলাৰ লগতে গুৱাহাটী মহানগৰ জিলাৰ পৰ্যবেক্ষণৰ দায়িত্ব লাভ কৰিছে।
প্ৰেৰক ফাৰুক হুছেইন
You might also like