নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভাৰ উপাধ্যক্ষক কংগ্ৰেছৰ আক্ৰমণ, ধুবুৰীত বিজেপিৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক আক্ৰমণ কৰাৰ ঘটনাৰ প্ৰতিবাদত আজি ধুবুৰী জিলা বিজেপিৰ উদ্যোগত ধুবুৰী চহৰৰ মাজমজিয়াৰ পাঁচমোৰত এক প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়িত হয়। এই প্ৰতিবাদী কাৰ্যসূচীত নুৰুল হুদা হায় হায়, কংগ্ৰেছ বিধায়ক হুঁচিয়াৰ, কংগ্ৰেছ বিধায়কৰ গুণ্ডাগিৰী নচলিব আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদথলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদী অৱস্থান কাৰ্যসূচীত ধুবুৰী জিলা বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ ৰায়, দলটোৰ জ্যেষ্ঠ নেতা ডাঃ দেৱময় সান্যাল প্ৰমুখ্যে বিজেপিৰ বিভিন্ন স্তৰৰ স্থানীয় কাৰ্যকৰ্তাসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like