নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গঠন হ’ব মহাজোঁট ৰাহুল গান্ধী দিল্লীলৈ উভতি আহিলেই আলোচনালৈ মাতিব আজমলক

; হাগ্রামাৰ বিপিএফো মহাজোঁটলৈ অহাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ অহা ১৫ ফেব্রুৱাৰীৰ ভিতৰত কংগ্রেছ–এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতাই আনুষ্ঠানিক ৰূপ পাব৷ এই সময়ৰ ভিতৰতে গঠন হ’ব মহাজোঁটো৷ –এই মন্তব্য এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক (সংগঠন) আমিনুল ইছলামৰ৷ আজি ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ইছলামে কয় যে বর্তমান কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ লগতে আঞ্চলিক গণ মর্চা, বাঁওপন্থী দল, এল ডি পিৰে মহাজোঁট গঠন প্রক্রিয়া ইতিবাচক দিশেৰে আগবাঢ়ি আছে৷

এইবাৰ কংগ্রেছৰে এ আই ইউ ডি এফৰ মিত্রতাক লৈ সম্পূর্ণ আশাবাদী বুলি ব্যক্ত কৰি ইছলামে কয়– এ আই ইউ ডি এফ দল যোৱা ১৫ বছৰে কেন্দ্রত ইউ পি এৰ লগত আছে৷ দলৰ সভাপতি, সাংসদ বদৰুদ্দিন আজমলৰ লগত ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীকে ধৰি নিখিল ভাৰত কংগ্রেছ কমিটীৰ নেতৃবৃন্দৰ লগত সেইসূত্রে সু–সম্পর্ক আছে৷ কংগ্রেছ নেতা ৰাহুল গান্ধী বর্তমান দেশৰ বাহিৰত আছে৷ এ আই চি চিৰ লগতে প্রদেশ কংগ্রেছৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰাহুল গান্ধী নতুন দিল্লীলৈ উভতি অহাৰ পাছতেই আজমলক মাতি পঠিয়াব৷ সেই আলোচনাতেই কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই আনুষ্ঠানিকতা লাভ কৰিব বুলি আশা কৰিছোঁ৷ অহা ১৫ ফেব্রুৱাৰীৰ ভিতৰত এই মিত্রতাই আনুষ্ঠানিকতা লাভ কৰিব বুলি আশাবাদী৷ এই প্রসংগতে তেওঁ আৰু কয় যে ২০১৬ চনৰ বিধানসভা নির্বাচন আৰু ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়তো এ আই ইউ ডি এফে বিজেপিক প্রতিহত কৰাৰ স্বার্থত কংগ্রেছৰে মিত্রতা কৰাৰ লগতে সমভাবাপন্ন দল–সংগঠনৰ লগত মহাজোঁট গঠনৰ প্রস্তাৱ দিছিল৷ কিন্তু কংগ্রেছৰ প্রতাৰণাৰ বাবেই সেই দুয়োটা নির্বাচনত কংগ্রেছৰে মিত্রতা সম্ভৱ হৈ নুঠিল৷ এইবাৰ কংগ্রেছে পূর্বৰ দৰে তেওঁলোকক প্রতাৰণা নকৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ তেওঁ আৰু কয় যে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে ইতিমধ্যে এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰা আৰু মিত্রতাৰ সমর্থন কৰা উভয় পক্ষৰে বিশ্লেষণ গ্রহণ কৰাৰ লগতে বুদ্ধিজীৱী, ছাত্র সংগঠন, সাংবাদিক আদিৰ পৰাও মতামত গ্রহণ কৰিছে৷

সেয়ে তেওঁ এ আই ইউ ডি এফৰে মিত্রতাৰ প্রয়োজন প্রকৃততে আছে নে নাই, তাৰ বাস্তৱ ছবিখন অনুধাৱন কৰিব পাৰিব৷ তদুপৰি প্রদেশ কংগ্রেছৰ তিনিগৰাকী জ্যেষ্ঠ পর্যবেক্ষক ভূপেশ ৱাঘেল, মুকুল ৱাচনিক, চাকিল আহমেদ খান কাইলৈ গুৱাহাটীত উপস্থিত হৈ দলৰ সাংগঠনিক দিশ পর্যালোচনাৰ লগতে মিত্রতাৰ দিশসমূহো বিশ্লেষণ কৰিব৷ সেয়ে এ আই ইউ ডি এফে এইবাৰ কংগ্রেছৰ সৈতে মিত্রতা হোৱাক লৈ সম্পূর্ণ আশাবাদী৷ ইপিনে, কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটত এ আই ইউ ডি এফ, আঞ্চলিক গণ মর্চা, বাঁওপন্থী দল, এল ডি পিৰ লগতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলেও অংশগ্রহণ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ ৰাজ্যখনত নতুনকৈ আত্মপ্রকাশ কৰা আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ স্বার্থতে মহাজোঁটত অংশগ্রহণ কৰিবলৈ এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদকগৰাকীয়ে আহ্বান জনায়৷

You might also like