নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাৰ্থী কংগ্ৰেছৰ, নিৰ্বাচনী প্ৰচাৰত গুণগান গালে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ নিৰ্বাচন বুলিলে সকলো ৰাজনৈতিক দলৰে এটা বিশেষ বৈশিষ্ট্য থাকে। সেয়া হ’ল প্ৰতিপক্ষ ৰাজনৈতিক দলক দোষাৰোপ কৰা।

কিন্তু কংগ্ৰেছৰ এগৰাকী নিৰ্বাচনী প্ৰাৰ্থীক এইক্ষেত্ৰত দেখা গ’ল সম্পূৰ্ণ অন্য ৰূপত। কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে তেওঁ বিজেপিৰ নেতা তথা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যক প্ৰশংসা কৰা দেখা গ’ল।

কংগ্ৰেছৰ এই নিৰ্বাচনী প্ৰাৰ্থীগৰাকী হ’ল মৰাণ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ। ঘাটোৱাৰে চেপন চাহ বাগিচাত  নিৰ্বাচনী  প্ৰচাৰ চলাই থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাৰ কামক প্ৰশংসা কৰা দেখা গ’ল।

ঘাটোৱাৰে কয়-  ‘বিজেপিৰ সকলোতকৈ ভাল কথাটো বা এডভাণ্টেজ হৈছে আজি তেওঁলোকৰ লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰীজন হৈ গ’ল হিমন্ত বিশ্ব শৰ্মা। আজি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এফিচিয়েণ্ট মানুহ থকা কাৰণে সমষ্টিবোৰত কাম হৈছে।’

প্ৰাঞ্জল ঘাটোৱাৰৰ অকপট স্বীকাৰোক্তিৰ মাজতে অৱশ্যে মৰাণ সমষ্টিত কংগ্ৰেছৰেই চৰকাৰ হ’ব বুলি উল্লেখ কৰে তেওঁ।

You might also like