নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতবৰ্ষত এইবাৰ কংগ্ৰেছে ২০খনো আসনো নাপায় : জয়ন্ত মল্ল বৰুৱা

নিয়মীয়া বাৰ্তা, ৩ মে’ : নৱগঠিত নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত লাউতোলা গাঁৱত আজি বৰপেটা লোকসভাৰ বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিৰ্বাচনী প্ৰচাৰ চলায়। লোহাৰকাঠা গাঁৱৰ পৰা বিশাল বাইক ৰেলীৰে উপস্থিত হৈ লাউতোলাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অঞ্চলটোৰ কেইবাজনো বিভিন্ন দলৰ লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত কয় যে এইবাৰ ফণীভূষণ চৌধুৰীৰ জয় নিশ্চিত। বিজেপি চৰকাৰে সংখ্যালঘুৰ কাৰণে আটাইতকৈ বেছি কাম কৰিছে। যোৱা দহটা বছৰত বিজেপি চৰকাৰে ২০ লাখ মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে, তাৰ ভিতৰত ১১ লাখতকৈ বেছি মানুহ সংখ্যালঘু সম্প্ৰদায়ৰ। এচাম মানুহে ধৰ্মৰ কথা কৈ সংখ্যালঘু ৰাইজক বিপথে পৰিচালিত কৰি আছিল। আজি সংখ্যালঘু ৰাইজে সেই কথাটো বুজি উঠিছে আৰু সেইকাৰণে বিজেপিৰ পক্ষত থিয় দিছে। এইবাৰ ভাৰতবৰ্ষত কংগ্ৰেছে ২০খনৰ তলত আসন পাব। চৰকাৰী আঁচনি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অহা আগষ্ট মাহৰ আগতে মহিলাসকলে লাখপতি বাইদেউ আচঁনিৰ ১০ হাজাৰকৈ টকা লাভ কৰিব। বছৰি ইনকাম চাৰিলাখ টকাৰ তলৰ সকলোৱে ৰেচন কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে আয়ুষ্মান কাৰ্ড লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাই অৰুণোদয় লাভ কৰিব। প্ৰতিটো পৰিয়ালৰে মূল উপাৰ্জনকাৰী পুৰুষজনক ২ লাখ টকাৰ প্ৰধানমন্ত্ৰী জীৱন বীমা আচঁনি আৰু ২ লাখ টকাৰ প্ৰধানমন্ত্ৰী দুৰ্ঘটনা বীমা আচঁনি কৰি দিব। উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰা ছোৱালীক ১০ হাজাৰ টকা, স্নাতকত নামভৰ্তি কৰা ছোৱালীক ১২,৫০০ টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছোৱালীক ২৫,০০০ টকা প্ৰদান কৰিব বুলি ভষণ প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আনহাতে বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীয়ে কমেও ৫ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। তৃতীয়া পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনত বিজেপি আৰু আমাৰ মিত্ৰশক্তিৰ প্ৰাৰ্থীয়ে চাৰিওখন আসন লাভ কৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে। ধুবুৰীত মিত্ৰজোঁটৰ যথেষ্ট ভাল যাৰ বাবে বদৰুদ্দিন আজমলে ভয় খাই মানুহ মাৰিবলৈ আৰম্ভ কৰিছে, মাইক দলিয়াবলৈ আৰম্ভ কৰিছে। বাঁহজানী মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত সভাখনত উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বিভিন্ন বিষয়ববীয়া।

প্ৰেৰক প্ৰদীপ কুমাৰ কলিতা

You might also like