নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিত ফ্লপ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

🔹 এফালে কংগ্ৰেছৰ ন্যায় যাত্ৰা, আনফালে ন্যায় বিচাৰি ক্ৰন্দন একালৰ কংগ্ৰেছ নেত্ৰী অংকিতাৰ

🔹 ন্যায়তো বাদেই, সাক্ষাতেই নাপালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

🔹 অংকিতাৰ ভয়ত আমগুৰি এৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে !

বিশেষ বাৰ্তা, ১৮ জানুৱাৰী : উত্তৰ-পূবত চলি আছে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। নাগালেণ্ডত ন্যায় যাত্ৰা সামৰি আজি অসমত ন্যায় যাত্ৰাত অংশ লৈছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আজি নাগালেণ্ডৰ পৰা অসমত সোমাই শিৱসাগৰ জিলাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। পিছে আমগুৰিত ফ্লপ হ’ল কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা। অসমত প্ৰৱেশ কৰিয়েই আমগুৰিত সফল নহ’ল ৰাহুল গান্ধীৰ ন্য়ায় যাত্ৰা। শিৱসাগৰৰ আমগুৰিত আজি দেখা গ’ল এফালে কংগ্ৰেছৰ ন্যায় যাত্ৰা, আনফালে ন্যায় বিচাৰি ক্ৰন্দন একালৰ কংগ্ৰেছ নেত্ৰী অংকিতা দত্তৰ। ন্যায়তো বাদেই, সাক্ষাতেই নাপালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। অংকিতাৰ ভয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমগুৰি এৰিব লগা হয় হয় বুলি বহুতে মন্তব্য কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাক্ষাৎ বিচাৰি আজি পুৱাৰে পৰা প্ৰতিবাদত বহিছিল দলৰ পৰা নিলম্বিত অংকিতা দত্তই। একালৰ সক্ৰিয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ন্যায়ৰ অপেক্ষাত সাব্যস্ত কৰিছিল এই প্ৰতিবাদ। প্ৰতিবাদস্থলীত আমগুৰিৰ অধিকাংশ কংগ্ৰেছীয়েই ন্যায়ৰ আশাত থিয় দিছিল অংকিতাৰ কাষত। কিন্তু ভাৰত জোড়ো ন্যায় যাত্ৰাত ন্যায়ৰ পৰা বঞ্চিত হ’ল একালৰ তেওঁলোকৰে দলৰ নেত্ৰী অংকিতা দত্তই। কান্দি কান্দি সংবাদ মাধ্যমৰ আগত নিজৰ ক্ষোভ ব্যক্ত কৰে নিলম্বিত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই।

You might also like