নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ “আজি ৭৫ বছৰৰ ভিতৰত কংগ্ৰেছ কিমান দিন ৰাজত্ব কৰিছে? মাথোঁ দুটা কাৰ্যকাল মহন্ত চাহাবে কৰিছে; এটা কাৰ্যকালৰ আধা শৰৎ সিংহ চাহাবে কৰিছে – বাকী সকলো সময কংগ্ৰেছে কৰিছে। কংগ্ৰেছে ইমান দিন ৰাজত্ব কৰিছে – ৯০ শতাংশ ভোট আমাৰ মানুহৰ লৈ কৰিছে। আমাৰ মানুহসকলক কি দিছে? ডি ভোটাৰ দিছে, এনআৰচি দিছে, ডিটেনচন কেম্প দিছে। সকলো কংগ্ৰেছে দিছে। মাটিৰ পট্টা দিছে নেকি আজিলৈ? বানপানী-গৰাখহনীয়া ৰোধৰ কিবা ব্যৱস্থা কৰিছে নেকি আজিলৈকে? কৰা নাই।” এই ভাষ্য ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। আজি ধুবুৰীৰ নিউ মাৰ্কেটৰ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এইআইইউডিএফ দলৰ সভাপতি আজমলে কংগ্ৰেছ দলক আক্ৰমণ কৰি আৰু কয় যে, “কোনো বিশ্ববিদ্যালয় কংগ্ৰেছৰ ৰাজত্বকালত হৈছে নেকি? কংগ্ৰেছে নিৰ্মাণ কৰিছে নেকি? কোনো এগৰাকী মুখ্যমন্ত্রীয়ে বনোৱা নাই। মেডিকেল কলেজ কিমান হৈছে? দিয়া নাই। আমাৰ মহাবিদ্যালয় কেইখন দিছে? বিদ্যালয় কেইখন নিৰ্মাণ কৰিছে? যি বিদ্যালয় কেইখন তেওঁলোকে নিৰ্মাণ কৰিছিল – বিদ্যালয় থাকিলে দুৱাৰ নাই, দুৱাৰ থাকিলে তৰ্জা নাই, তৰ্জা থাকিলে শিক্ষক নাই। এনেকৈ চলাইছিল। বনভূমি টুকুৰা টুকুৰা কৰি বিক্ৰী কৰি দিছে।” আনহাতে বিৰোধী ঐক্যজোঁট INDIAৰ সৈতে চামিল হোৱাৰ এতিয়াও আশা পালি থকাৰ বিষয়টো উন্মোচিত কৰি তেওঁ কয়, “সৰ্বভাৰতত INDIAৰ সৈতে আমি আছোঁ – যিয়েই যি কওক-নকওক কিয়।” আগন্তুক লোকসভা নিৰ্বাচনত INDIA গোট জিকিব লাগে বুলি মন্তব্য কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি তেওঁৰ মন্তব্য “তাৰ পিছততো মোদীজী যাব; আমাৰ ইয়াৰ পৰা হিমন্ত চাহাব যাব।” কিন্তু যাব মানে বিদায় ল’ব নেকি ক’ব বিচাৰিছে নেকি বুলি সাংবাদিকে তেওঁৰ স্পষ্ট ভাষ্য বিচৰাত আজমলৰ কুঁহেলিকাময় উত্তৰ, “যাব য’ত যাব লাগে। সেইটো মই নাজানো। তেওঁলোক পয়চাৱালা মানুহ।” লগতে তেওঁৰ মন্তব্য, “মোদীজী বেনাৰসলৈ গৈ ৰাম মন্দিৰত পূজা কৰি থাকিব।” সংবাদ মেলখনত কংগ্ৰেছ দলক উদ্দেশ্যি তেওঁৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য, “তেওঁলোকে কয় ইউডিএফ অহাৰ কাৰণে বিজেপি আহিছে। ইউডিএফ হোৱাৰ পিছত আমি যেতিয়া ১০খন আসন পাইছিলোঁ; কংগ্ৰেছে ৭৮খন আসন পাইছে। মেঘালয়ত কাৰ চৰকাৰ? অৰুণাচলত কাৰ চৰকাৰ? মণিপুৰত কাৰ চৰকাৰ? উত্তৰ পূৰ্বাঞ্চলৰ সকলোতে বিজেপি চৰকাৰ। কংগ্ৰেছে কি কৰিলে? কিয় কংগ্ৰেছে ৰাজত্ব বনাব পাৰা নাই? আমিতো তাত নাই।” আজিৰ সেই সংবামেলখনত আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত তেওঁ অনায়াসে বিজয়ী হ’ব বুলি দাবী কৰাৰ সমান্তৰালকৈ নগাওঁ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতো তেওঁলোক বিজয়ী হ’ব বুলিও কয় সাংসদ গৰাকীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী