বিশেষ বাৰ্তা, ১৮ আগষ্টঃ আজি কংগ্ৰেছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। কিয়নো শাসকীয় দল বিজেপিৰ আমোলত কেইবাটাও স্পৰ্শকাতৰ আৰু আপত্তিজনক ঘটনা সংঘটিত হোৱাৰ দাবীৰে এই স্মাৰকপত্ৰ প্ৰদান কৰা হয়। অলপতে এগৰাকী বিজেপি নেত্ৰী আত্মহত্যাৰ পথ বাছি লব লগা হৈছিল। সেই প্ৰংসগত প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে তেওঁৰ আত্মাই যাতে শান্তি কামনা কৰে কংগ্ৰেছে। বিজ্ঞপ্তিত কংগ্ৰেছে কয়, আমাৰ ৰাজ্যখনৰ শাসকীয় দলটোৰ ভিতৰ চ’ৰাৰ এনে ঘটনা দেখি আমি অবাক হৈছো। আমি আচৰিত হৈছো। ই অধিক চিন্তনীয় বিষয় হৈ পৰে যেতিয়া ৰাজ্য এখন শাসন কৰি থকা দলতেই এনে লজ্জাজনক দুভাৰ্গ্যজনক ঘটনা ঘটে। এখন ৰাজ্য জনসাধাৰণৰ সদায় দৃষ্টি থাকে চৰকাৰ আৰু সেই চৰকাৰৰ দলৰ প্ৰতি। সেই দলৰ নেতা-কৰ্মীসকলৰ আচৰণে ব্যৱহাৰ, কৰ্ম-কাণ্ড প্ৰতি জনসাধাৰণে সদায় লক্ষ্য ৰাখে। তেনে ক্ষেত্ৰত আমাৰ অসমৰ শাসকীয় দলৰ নেতা-কৰ্মীয়ে আজি কি নিদৰ্শন দেখুৱাইছে? তেওঁলোক আজি এনে অসৎ অনৈতিক কাৰ্য কৰি দেখুৱাইছে যে ৰাজ্যবাসী স্তম্ভিত হৈ উঠিছে। এই বিষয়ে কবলৈ আমাৰো যেন ভাষা হেৰাই গৈছে। ইমানেই গৰ্হিত এই ঘটনা য’ত নেকি দেশৰ সেৱা কৰিম বুলি ওলাই অহা বিজেপি দলটোৰ এগৰাকী নেত্ৰীয়ে আত্মহত্যা কৰাৰ দৰে এক চৰম পথ বাচি ল’ব লগা হ’ল। আনহাতে শাসকীয় দলৰ নেতাসকলৰ মুখত অহৰহ ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা শুনি থকা যায়। ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰধান নীতিয়েই হৈছে নাৰীক সন্মান কৰা, নাৰীক সুৰক্ষা প্ৰদান কৰা। কিন্তু দুভাৰ্গ্যৰ কথা সভ্যতা সংস্কৃতিৰ কথা অহৰহ আওৰাই থকা শাসকীয় দলত আজি কি হৈছে? দলৰে নেতাই দলৰে নেত্ৰীক আত্মহত্যা কৰিবলগীয়া পৰিস্থিতি সৃষ্টি কৰিলে। কোনোবা নেতা জেললৈ যাব লগা হৈছে। কোনোবা কোনোবা পলাই থাকিব লগা হৈছে। এয়া আমাৰ ৰাজ্যৰ জনসাধাৰণৰ সন্মুখত শাসকীয় দলৰ আদৰ্শ ? এয়া ভাৰতীয় শিক্ষা ? ভাৰতীয় জ্ঞান – সভ্যতা সংস্কৃতি। ৰাইজে এই কথাবোৰ ভাবি চাওক। লগতে আমাৰ বাবে ধিক্কাৰ দিব লগা কথাটো হৈছে – এই ঘটনাৰ লগতে চাকৰি দিম বুলি বিজেপি নেতা সকলে লাখ লাখ টকা লোৱা ঘটনা পোহৰলৈ আহিল। বিজেপি দলে আমাৰ ৰাজ্যৰ শাসনভাৰ লোৱাৰে পৰা তেওঁলোকে বৰ বৰ ভাষণেৰে কোৱা আৰু আমি শুনি অহা কথাষাৰেই হ’ল দুৰ্নীতি ৰ বিৰুদ্ধে শূন্য সহনশীলতা, দুৰ্নীতি মুক্ত অসম গঢ়া । কিন্তু অনুৰাগ চলিহা, দিবন ডেকা আদি আৰু ইন্দ্ৰাণী তহবিলদাৰৰ ঘটনাই আমাক সকলোকে দেখুৱাই দিলে তেওঁলোকৰ নিজৰ দলৰ ভিতৰতে আচল দুৰ্নীতি কেনেকৈ চলি আছে। ৰাইজে দেখাকৈ কিছুমান চৰকাৰী বা বিষয়া, কৰ্মচাৰীক দুৰ্নীতিত ধৰি ফটো তুলি বাতৰি প্ৰচাৰ কৰা হয়। কিন্তু চকুৰ আঁৰত দলৰ ভিতৰত ঘটি থাকে এনেবিলাক ঘটনা। বিজেপি দল কিমান নিকা এই কথা আজি প্ৰমাণিত হ’ল।