কংগ্রেছে এতিয়াও চূড়ান্ত কৰিব পৰা নাই বিধায়িনী দলৰ নেতা
নিয়মীয়া বাৰ্তা ৯ মেঃ সদ্যসমাপ্ত বিধানসভা নির্বাচনত চৰম বিপর্যয়ৰ পিছতে কংগ্রেছৰ অভ্যন্তৰত বিৰাজ কৰিছে অচলাৱস্থা৷ নির্বাচনী ফলাফল ঘোষণাৰ এসপ্তাহ হৈ গ’ল যদিও এতিয়ালৈ কংগ্রেছে বাছনি কৰিব পৰা নাই বিধায়িনী দলৰ নেতা৷ ফলাফল ঘোষণাৰ পিছতেই প্রদেশ কংগ্রেছৰ উদ্যোগত গুৱাহাটীত নৱনির্বাচিত বিধায়কসকলক সম্বর্ধনা জনোৱা হয়৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক মুকুল ৱাছনিক, প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত নৱনির্বাচিত বিধায়কসকলক সম্বর্ধনা জনোৱাৰ সময়তে বিধায়িনী দলৰ নেতা, উপ–দলপতি আদি নির্বাচনৰ কর্তৃত্ব হাইকমাণ্ডক অর্পণ কৰে যদিও শনিবাৰলৈ হাইকমাণ্ডে আনুষ্ঠানিকভাৱে সেই সম্পর্কত কোনো সিদ্ধান্ত সদৰী কৰা নাই৷
দলীয় এক সূত্রৰ পৰা জানিব পৰা মতে, যোৱাবাৰৰ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াৰ নাম এইবাৰো চর্চাত আছে৷ সেইদৰে দলৰ জ্যেষ্ঠ বিধায়ক ৰকিবুল হুছেইন, ৰূপজ্যোতি কুর্মীৰ নামো চর্চালৈ আহিছে৷ একে সময়তে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ নামো চর্চাত আছে৷ মন কৰিবলগীয়া এয়ে যে কংগ্রেছ বিধায়িনী দলৰ নেতাগৰাকীয়ে এইবাৰ বিধানসভাত বিৰোধী দলপতিৰ মর্যাদা লাভ কৰিব৷
কিয়নো এইবাৰ নির্বাচনত কংগ্রেছৰ ২৯গৰাকী বিধায়ক নির্বাচিত হৈ আহিছে৷ বিৰোধী দলপতিৰ আসনখনৰ বাবে ২১গৰাকী বিধায়কৰ প্রয়োজন৷ সেয়ে স্বাভাৱিকতে কংগ্রেছৰ অভ্যন্তৰত বিধায়িনী দলৰ নেতাৰ চকীখনলৈ দেৱব্রত শইকীয়াৰ সমান্তৰালভাৱে ৰকিবুল হুছেইনৰো চকু পৰিছে৷ কংগ্রেছৰ শীর্ষ নেতৃত্বৰ জৰিয়তে ইতিমধ্যে চর্চালৈ অহা প্রায়সকলেই সেই লক্ষ্যত উপনীত হোৱাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে যোৱাবাৰ দেৱব্রত শইকীয়া বিৰোধী দলপতিৰ আসনত থকা অৱস্থাত কংগ্রেছৰ এটা অংশই শইকীয়াক আঁতৰাই ৰকিবুল হুছেইনক বিৰোধী দলপতিৰ আসনত অধিষ্ঠিত কৰাৰ চেষ্টা চলাইছিল৷
অৱশ্যে হাইকমাণ্ডে তেনে প্রচেষ্টাত সঁহাৰি নজনোৱাত শইকীয়াক আঁতৰ কৰাটো সম্ভৱ হৈ নুঠিল৷ এইবাৰো বিজেপিৰ তীব্র প্রত্যাহ্বান নেওচি শইকীয়াই নাজিৰা সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হয়৷ এনে অৱস্থাত কংগ্রেছ হাইকমাণ্ডে এইক্ষেত্রত কি সিদ্ধান্ত গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷