নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৯ বছৰীয়া প্রতীক্ষাৰ অন্তঃ অৱশেষত ৰূপসী বিমান বন্দৰলৈ উৰিল যাত্রীবাহী বিমান

নিয়মীয়া বাৰ্তা ৯ মেঃ দীর্ঘ প্রায় ৩৯ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই কালিৰে পৰা আৰম্ভ হ’ল বিটিআৰৰ পর্বতঝোৰা মহকুমাৰ অন্তর্গত ৰূপসী বিমানবন্দৰৰ পৰা যাত্রীবাহী বিমানৰ চলাচল৷ শনিবাৰে গুৱাহাটীৰ পৰা ৩৪জন যাত্রী কঢ়িয়াই লৈ দিনৰ ১১.৪০ বজাত ৰূপসী বিমানবন্দৰত অৱতৰণ কৰে ফ্লাইবিগ এয়াৰাইনছৰ এটিআৰ–৭২ বিমানখনে৷ এতিয়াৰে পৰা দৈনিক গুৱাহাটীৰ পৰা ৰূপসী বিমানবন্দৰ হৈ কলকাতালৈকে আৰু কলকাতা–ৰূপসী–গুৱা মাজত ফ্লাইবিগ এয়াৰলাইনছৰ যাত্রীবাহী বিমান চলাচল কৰিব৷

উল্লেখ্য যে প্রায় ৩৯ বছৰ পিছত ৰূপসী বিমানবন্দৰৰ পৰা যাত্রীবাহী বিমান সেৱা আৰম্ভ হোৱাত নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ ৰাইজে সন্তোষ প্রকাশ কৰা দেখা গৈছে৷ ২০১৮ চনৰ মে’ মাহৰ পৰাই বিমানবন্দৰটোৰ পুনৰ নির্মাণৰ কাম আৰম্ভ কৰা হৈছিল৷ বর্তমান বিটিএডিৰ কোকৰাঝাৰ জিলাৰ অন্তর্ভুক্ত এই বিমানবন্দৰটো আকৌ ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ অধীনত আছে৷ ব্রিটিছে নির্মাণ কৰা বিমানবন্দৰটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামৰিক বাহিনীৰ অস্ত্র–শস্ত্র আৰু যুদ্ধৰ আন আন সা–সামগ্রী অনা–নিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল৷

১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰে ৰূপসী বিমানবন্দৰটো অসামৰিক বিমানবন্দৰ হিচাপে ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল৷ তেতিয়াৰে পৰা ৰূপসী বিমানবন্দৰৰ পৰা অসমৰ বাহিৰৰ বিভিন্ন স্থানলৈ বয়–বস্তু, সা–সামগ্রী আদি অনা–নিয়াৰ বাবে বিমানবন্দৰটো ব্যৱহাৰ হৈ আছিল৷ ১৯৮০ চনত প্রথমবাৰৰ বাবে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা ৰূপসী বিমানবন্দৰলৈ বিমান সেৱা আৰম্ভ হৈছিল যদিও ১৯৮২ চনৰ পৰা বিমানবন্দৰটোত বিমানৰ উৰণ–ৱতৰণ বন্ধ হৈ পৰিছিল৷

শেহতীয়াকৈ ভাৰত চৰকাৰে উড়ান আঁচনিৰ অধীনত ৰূপসী বিমানবন্দৰটো পুনর্নির্মাণৰ কথা ঘোষণা কৰিছিল আৰু ২০১৮ চনৰ মে’ মাহৰ পৰাই বিমানবন্দৰটোৰ পুনর্নির্মাণৰ কাম আৰম্ভ কৰা হয়৷ আনহাতে এই বিমানবন্দৰটোৱে অকল অসমকে নহয় চুবুৰীয়া ৰাজ্য পশ্চিমবংগকো উপকৃত কৰি তুলিব৷

স্মর্তব্য যে ৰূপসী বিমানবন্দৰৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ফ্লাইবিগ এয়াৰলাইনছৰ মুখ্য কার্যবাহী বিষয়া সৌৰভ ৰাথোড়, ইউপিপিএলৰ বিধায়ক ইউ জি ব্রহ্ম, গৌৰীপুৰৰ এআইইউডিএফৰ বিধায়ক নিজানুৰ ৰহমান আদি৷ তদুপৰি দীর্ঘবিৰতিৰ অন্তত ৰূপসী বিমানবন্দৰত  বিমান অৱতৰণৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল আন বহুজন৷

You might also like