নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটাত বাগানে বাগানে কংগ্ৰেছ

নিয়মীয়া বাৰ্তা, ২৮ আগষ্টঃ এতিয়া অসমত উন্নয়ন আৰু চকুপানীৰ গংগা একেলগে বৈছে – এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আজি প্ৰদেশ কংগ্ৰেছৰ “বাগানে বাগানে কংগ্ৰেছ” শীৰ্ষক এক কাৰ্যসূচীৰ নেতৃত্ব লৈ মাৰ্ঘেৰিটাত আহি উপস্থিত হোৱা সভাপতি বৰাই সাংবাদিকৰে হোৱা সাক্ষাতকাৰত তেওঁ কয় – গুৱাহাটীত থাকিলে প্ৰায়ে শুনি থাকো উন্নয়নৰ গংগা বৈছে বুলি । কিন্তু কালিৰে পৰা যিমানবোৰ ককাই ভাই বাই ভনী নবৌক লগ’ পালো কথা পাতি গম পালো উন্নয়নৰ গংগা নহয় চকুপানীৰ ব্ৰক্ষ্মপুত্ৰ বৈছে। তেওঁ কয় সকলো চকুপানী লগ হ’লে উন্নয়ন আৰু চকুপানীৰ গংগা দুখন সমানে বব। বৰাই চৰকাৰে উন্নয়ন কৰা নাই বুলি নকওঁ বুলি কৈ কিন্তু সমস্যা বহুত বেছি । আমি আগলৈ আগুৱাই গৈছো কিন্তু পাছলৈ ঘুৰি চাবলৈ শিকা নাই। গুৱাহাটীত এখনৰ পিছত এখন ফ্লাই অভাৰ হৈছে। ৰাজধানী শতাব্দী চলিছে। কিন্তু আমাৰ চকুৰ পানীও নিগৰি আছে। তেওঁ পুনৰ কয়- আমি ফ্লাই অভাৰো বনাব লাগিব। শতাব্দীও চলাব লাগিব। আমি ডাঙৰ ডাঙৰ হাইড্ৰ’ ইলেক্টিচিটি প্ৰজেক্টো বনাব লাগিব। কিন্তু ইয়াৰ সমান্তৰালকৈ বাকী মানুহে বিদ্যুতৰ বিল কেনেকৈ দিব গেছ চিলিণ্ডাৰটো কেনেকৈ কিনিব ল’ৰা ছোৱালীক কেনেকৈ পঢ়ুৱাব তাৰ কথাও ভাৱিব লাগিব। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়- বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীলৈ আহি তেওঁ যান্ত্ৰনা আৰু বেদনাৰে ভাৰাক্ৰান্ত হৈছে। আজি মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত দিহিং বাগানত বৰাৰ নেতৃত্বত দলটো উপস্থিত হৈ আদিবাসী লোক সকলৰ সৈতে মত বিনিময় কৰে। প্ৰথমে কংগ্ৰেছৰ দলটোক প্ৰথমে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছতে সভাপতিগৰাকীয়ে কেবাগৰাকী চাহ জনগোষ্ঠীয় বৃদ্ধ-বৃদ্ধা তথা একাংশ অৱসৰপ্ৰাপ্ত চাহ কৰ্মচাৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। উপস্থিত একাংশ ৰাইজে সভাপতি গৰাকীক বাগানত চলি থকা অন্যায়, অত্যাধিক বৰ্ধিত বিজুলীৰ বিল, ৰেচন কাৰ্ড,ৰাস্তা পদূলীৰ বিষয়েও অভিযোগ দিয়ে। এ পি চি চি ৰ সভাপতি ভূপেন বড়াৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, লখিমপুৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ, প্ৰাক্তন বিধায়ক ৰাজু চাহু, জেষ্ঠ কংগ্ৰেছী নেতা এতোৱা মুণ্ডাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ বহুকেইজন বিষয়ববীয়াই দিহিং বাগানৰ দুৰ্গাপূজা মন্দপত অনুষ্ঠিত কৰা সভাৰ পিছতে মাৰ্ঘেৰিটা বাগান, নামদাং বাগান আৰু ডিৰক বাগানত “বাগানে বাগানে কংগ্ৰেছ” কাৰ্যসূচী ৰূপায়ন কৰি আদিবাসী লোকৰ দুখ দুদৰ্শাৰ বিষয়ে বুজ লয়। “বাগানে বাগানে কংগ্ৰেছ” কাৰ্যসূচীৰ যোগেদি কংগ্ৰেছৰ ডুবন্ত নাওখন উদ্ধাৰ কৰিব পাৰিবনে সাম্প্ৰতিক সময়ত বহু মূল্যবান প্ৰশ্ন ৰূপে বিবেচিত হৈছে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like