নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ এটা গাড্ডাৰ-বিশ্বাসঘাতক দল : অখিল গগৈ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : বিলাসীপাৰাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৰ্জন। ২৬ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাঙালিপাৰাত অনুষ্ঠিত কৰে এক বিশাল জনসভা। বিলাসীপাৰা জিলা সমিতিৰ সভাপতি জামাল হকৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত অখিল গগৈয়ে শাসক দলৰ লগতে অসম কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। বিলাসীপাৰাত ২৬ৰ বিধানসভাৰ চূড়ান্ত পৰিকল্পনা ঘোষণা ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈৰ। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২৬টা বিধানসভা সমষ্টিতেই প্ৰাৰ্থী দিয়াৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাইজৰ দলে। অবশ্যে বন্ধু দলবিলাকৰ লগত বন্ধুত্ব থাকিলে কিছু আসন ভাগ বতৰা হ’ব বুলি কয় অখিল গগৈয়ে। কংগ্ৰেছৰ কৰ্মকাণ্ড সন্দৰ্ভত অখিল গগৈৰ মন্তব্য- কংগ্ৰেছ হৈছে এটা গাড্ডাৰ দল, বিশ্বাসঘাতক দল। এইবাৰ যিহেতু নিৰ্বাচনৰ পূৰ্বেই কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে, গতিকে কংগ্ৰেছৰ পৰা এতিয়াই সতৰ্ক হৈছোঁ। মুঠৰ ওপৰত ১২৬টা বিধানসভা সমষ্টিতেই ৰাইজৰ দলে নিৰ্বাচন খেলাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ইফালে দীঘলীপুখুৰী পাৰৰ শতবৰ্ষ গৰকা গছ কেতিয়াও কাটিব দিয়া নহ’ব। শতবৰ্ষ গৰকা দীঘলীপুখুৰী পাৰৰ এজোপাও গছ কাটিলেও বুজিম যে, এইখন চৰকাৰ সম্পূৰ্ণ ৰূপে প্ৰকৃতি বিৰোধী। উল্লেখ্য যে ৰাইজৰ দলৰ সভাখনত সহস্ৰাধিক লোক উপস্থিত থাকে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like