নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ এতিয়া চাৰিটা শিবিৰত বিভক্ত

বিশেষ বাৰ্তা, ১০ অক্টোবৰঃ কংগ্ৰেছ এতিয়া চাৰিটা শিৱিৰত বিভক্ত। ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্রত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে এই চাৰিটা শিৱিৰত নেতৃত্ব প্ৰদান কৰি আহিছে। এই লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই কংগ্ৰেছ দলৰ কৰ্মী সকলো এতিয়া হতাশ হৈছে। তেওঁলোকে এতিয়া নেতৃত্বৰ প্রতি মুকলিকৈ ক্ষোভ উজাৰি দলত্যাগ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই।- এই মন্তব্য প্ৰদেশ বিজেপিৰ মুখপাত্ৰ কল্যাণ গগৈৰ। আজি দলৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ মুখপাত্ৰ কল্যাণ গগৈয়ে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেল সম্বোধন কৰি তেওঁ ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তৰাজিক দূৰদৰ্শী হিচাপে অভিহিত কৰাৰ লগতে আদৰণি জনায়। তেওঁ কয়, ৰাজ্য চৰকাৰে কেবিনেটত তিনি হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এহাজাৰ কিলোমিটাৰ পথ প্ৰকল্প “হাই স্পীড ইক’নমিক কৰিড’ৰৰ নিৰ্মাণৰ বাবে নীতিগতভাৱে অনুমোদন জনাইছে। অনাগত দিনত এই প্রকল্প সম্পূৰ্ণ হৈ উঠিলে অসমৰ অৰ্থনীতি ব্যাপকভাৱে উত্তৰণ ঘটিব। এই ক’ৰিডৰ নিৰ্মাণেৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন শীৰ্ষ ৰাজ্যৰ অন্তৰ্ভূক্তিৰ যি সপোন দেখিছে, সেয়া বাস্তৱ ৰূপত গঢ় দিয়াৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰিব। ইয়াৰ পূৰ্বে প্রয়াত প্রধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে বিজেপি চৰকাৰৰ শাসনকালত ইষ্ট-ৱেষ্ট কৰিডৰ নিৰ্মাণ কৰি ভাৰতৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰখনত নৱজাগৰণৰ সূচনা কৰিছিল। মুখপাত্ৰগৰাকীয়ে সংবাদ মেলত ভূপেন বৰাক সমালোচনা কৰি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। বহুধাবিভক্ত প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত গৌৰৱ গগৈৰ গুৰুত্ব পূবৰ্তকৈ যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত ভূপেন বৰাই গাদী হেৰুৱাৰ শংকাত ভুগি নিজৰ অস্তিত্ব ৰক্ষাৰ হেতু ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে হকে বিহকে ভিত্তিহীন মন্তব্য কৰি অপপ্ৰচাৰত লিপ্ত হৈছে। কল্যাণ গগৈয়ে কয়, কংগ্ৰেছৰ শেহতীয়া সভা-মিটিং আদিত সভাপতি ভূপেন বৰাৰ পৰিৱৰ্তে গৌৰৱ গগৈৰ তৎপৰতা অধিক দেখা গৈছে আৰু প্রদেশ কংগ্ৰেছৰ কৰ্মীয়েও সভাপতিতকৈ গৌৰৱ গগৈৰ প্রতি অধিক আগ্ৰহ দেখুৱাইছে। আজি অলপ দিনৰ আগতে শিলচৰত অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ এক কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভূপেন বৰাক নিমন্ত্রিত কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত যুৱ কংগ্ৰেছে সিদ্ধান্ত সলনি কৰি গৌৰৱ গগৈক নিমন্ত্ৰণ জনাইছিল। এনেবোৰ কাৰ্যই প্ৰদেশ কংগ্ৰেছৰ সভাপতিক বিবুধিত পেলাইছে। মুখপাত্ৰগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ এতিয়া চাৰিটা শিৱিৰত বিভক্ত। ভূপেন বৰা, গৌৰৱ গগৈ, দেৱব্রত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে এই চাৰিটা শিৱিৰত নেতৃত্ব প্ৰদান কৰি আহিছে। এই লবীকেন্দ্ৰিক ৰাজনীতিৰ বাবেই কংগ্ৰেছ দলৰ কৰ্মী সকলো এতিয়া হতাশ হৈছে। তেওঁলোকে এতিয়া নেতৃত্বৰ প্রতি মুকলিকৈ ক্ষোভ উজাৰি দলত্যাগ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই।

You might also like