পাথাৰকান্দিক খহিল কংগ্ৰেছৰ দুৰ্গ, ৫০০ কংগ্ৰেছীয়ে পিন্ধিলে বিজেপিৰ বসন
নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ২০২১ৰ নিৰ্বাচনক লৈ সাজু হৈছে সকলো। প্ৰতিদিনে সলনি হ’ব ধৰিছে ৰাজনৈতিক প্ৰেক্ষাপট। বিধানসভা নিৰ্বাচনক লৈ আৰম্ভ হোৱা ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতাৰ মাজতে আজি পাথাৰকান্দিত খহিল কংগ্ৰেছৰ দুৰ্গ।
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে ভেটি মজবুত কৰাৰ বাবে ৰণকৌশল প্ৰস্তুত কৰি থকাৰ সময়তে ঘটিল এনে ঘটনা। পাথাৰকান্দিত প্ৰায় ৫০০ কংগ্ৰেছ কৰ্মীয়ে নিজ দল এৰি যোগদান কৰিলে বিজেপিত।
পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ নিজা বাসভৱনলৈ আহি কংগ্ৰেছ কৰ্মীসকলে আনুষ্ঠানিকভাৱে পৰিধান কৰিলে গেৰুৱা বসন। সকলো নৱ বিজেপিক স্বাগতম জনাই বিধায়ক কৃষ্ণেন্দু পালে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবে আহ্বান জনায়।