নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক জয় কৰিলে ১০০ বছৰীয়া আইতা মাই সন্দিকৈয়ে

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ক’ৰোনাক লৈ ভয় সকলোৰে। আতংকৰ অন্য নাম যেন ক’ৰোনা। কিন্তু এনে কাল ক’ৰোনাকে পৰাজিত কৰি আহিল আমাৰ অসমৰে ১০০ বছৰীয়া এগৰাকী আইতাই।

তেওঁৰ নাম মাই সন্দিকৈ। মাডাৰ্ছ অ’ল্ড এজ হোম নিৱাসী আইতা মাই সন্দিকৈ আক্ৰান্ত হৈছিল ক’ৰোনাত। নিয়ম অনুসৰি তেওঁক ভৰ্তি কৰোৱা হৈছিল মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত। আৰু ১০ দিন পিছত ১০০ বছৰীয়া মাই সন্দিকৈয়ে ক’ৰোনাক পৰাজয় কৰি পুনৰ ঘৰমুখী যাত্ৰা কৰে।

হাস্পতালখনৰ চিকিৎসক-নাৰ্চ সমন্বিতে সকলোৱে তেওঁক অনুষ্টুপীয়াকৈ সম্বৰ্ধনাও জ্ঞাপন কৰে। অনুষ্ঠানত মাই সন্দিকৈয়েও গায় দুই-চাৰিটা পুৰণি অসমীয়া গানো।

বয়সৰ হিচাপত অতি বৃদ্ধ মাই সন্দিকৈক লৈ প্ৰথম অৱস্থাত চিন্তিত হৈছিল হাস্পতালখনৰ নাৰ্ছ-চিকিৎসক। কিন্তু আইতা সন্দিকৈৰ আগত ক’ৰোনা ভাইৰাছে অতি সাধাৰণ ৰোগৰ দৰে বিদায় লয় ১০ দিনৰ মূৰত।

কোনো ভয়-শংকাৰ পৰিৱৰ্তে হাস্পতালৰ দিনকেইটা আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰা মাই সন্দিকৈ হ’ব পাৰে ক’ৰোনাক জয় কৰা এগৰাকী আদৰ্শনীয় যোদ্ধা।

You might also like