বিৰোধী ৰাজনীতিত দলত্যাগৰ ধুমুহাঃ ৰিপুণৰ অদক্ষতাত কংগ্রেছত বিপর্যয়
মুখ্যমন্ত্রী–বিত্তমন্ বৈঠকৰ পাছতে বিজেপিত যোগদান কৰিবলৈ সাজু অজন্তা নেওগঃ বিধায়ক তেৰছ গোৱালাৰ মুখত ৰ’জলীনা তির্কী–ৰাজদীপ গোৱালা–ৰূপজ্যোতি কুর্মী–ৰকিবুল হুছেইন–ৰেকিবুদ্দিন আহমেদ–কমলাক্ষ দে’ পুৰকায়স্থৰো নামঃ নিজৰ ব্যর্থতা ঢ়াকি প্রদেশ কংগ্রেছৰ সভাপতিয়ে ক’লে– ‘এয়া অতি বিশ্বাসঘাতকতা’
নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ বিজেপি নেতৃত্বাধীন মিত্রজোঁটক ২০২১ চনৰ সমাগত বিধানসভা নির্বাচনত উৎখাত কৰি পুনৰ অসমৰ ক্ষমতা দখলৰ সপোন দেখা কংগ্রেছৰ আভ্যন্তৰীণ সংঘাতৰ তীব্রতৰ ৰূপত বহিঃপ্রকাশ ঘটিছে৷ অকল বহিঃপ্রকাশ ঘটাই নহয়, নির্বাচনৰ পূর্বে এই সংঘাত কার্যতঃ পর্যবসিত হোৱাৰ উপক্রম হৈছে দলত্যাগৰ ধুমুহালৈ৷ মিছন ১০+ৰ লক্ষ্যৰে ইতিমধ্যে ৰণক্ষেত্রত নামি পৰা বিজেপিৰ দুৱাৰত কংগ্রেছৰ বহুকেইজন বিধায়ক–নেতাই অৱস্থান কৰিছে৷ অতি কম দিনৰ ভিতৰতে এইসকল কংগ্রেছী বিধায়ক–নেতাই বিজেপিত যোগদান কৰিব বুলি ইতিমধ্যে লাভ কৰিছে ব্যাপক চর্চা৷ ইয়াৰ লগে লগে প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈৰ নেতৃত্বত বিগত ২০০১ৰ পৰা ২০১৬ চনলৈ ক্রমাগতভাৱে তিনিটাকৈ কার্যকাল শাসনত থকা তথা বর্তমানৰ প্রধান বিৰোধী দলটো ৰাজ্যৰ ৰাজনীতিত একপ্রকাৰ অপ্রাসংগিক হোৱাৰ দিশে গতি কৰিছে৷ বিগত ২০১৪ চনৰ লোকসভা নির্বাচনৰ পৰা ধাৰাবাহিকভাৱে দেশৰ লগতে অসমতো মুখথেকেচা খাই অহা কংগ্রেছৰ শেহতীয়া আভ্যন্তৰীণ সংঘাতৰ মূলতে নেতৃত্বৰ অদক্ষতা আৰু বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফৰ সৈতে হলি–গলি৷ প্রদেশ কংগ্রেছৰ বর্তমানৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ নেতৃত্বৰ সক্ষমতাক লৈ একাংশ বিধায়ক–নেতাই মুকলিকৈয়ে বিষোদগাৰ প্রকাশ কৰি আহিছে৷ আনকি দলৰ হাইকমাণ্ড তথা প্রদেশ কংগ্রেছৰ নৱনিযুক্ত পর্যবেক্ষক জিতেন্দ্র সিঙে এইক্ষেত্রত জাৰি কৰা নির্দেশনাও এইসকল বিধায়ক–নেতাই মনা নাই৷ তেওঁলোকে মুকলিকৈয়ে অসমত দলৰ তথা প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনি কৰাৰ দাবী উত্থাপন কৰি আহিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এ আই ইউ ডি এফৰে মিত্রতাৰ পক্ষত অৱস্থান কৰা বিষয়টো সহজভাৱে ল’ব পৰা নাই বহু বিধায়ক–নেতাই৷ বিশেষকৈ উজনি অসমৰ কংগ্রেছী বিধায়কসকলে কোনো কাৰণতে আজমলৰ দলৰে মিত্রতা বিচৰা নাই৷
ইয়াৰ বিপৰীতে কিন্তু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই মিত্রতাৰ বিষয়টোক লৈ আজিপর্যন্ত স্থিতি স্পষ্ট নকৰিলে৷ কেতিয়াবা মিত্রতাৰ বিষয়টোত নৰম হোৱাৰ বিপৰীতে কেতিয়াবা আকৌ তেওঁ এ আই ইউ ডি এফৰে কোনোধৰণৰ বুজাবুজি হোৱা নাই বুলি সংবাদ মাধ্যমত প্রকাশ কৰি আহিছে৷ খোদ প্রদেশ কংগ্রেছৰ সভাপতিজনৰেই এনেধৰণৰ কথা–বতৰাই উজনি অসমৰ বিধায়কসকলৰ মনত নিশ্চিতভাৱে সন্দেহ সৃষ্টি কৰিছে৷ কিয়নো তেওঁলোকে ভালকৈয়ে বুজি উঠিছে যে এ আই ইউ ডি এফৰে মিত্রতা হ’লেই নির্বাচনত উজনি অসমৰ কংগ্রেছী ভোটবেংকত নিশ্চিতভাৱে বিৰূপ প্রভাৱ পৰিব৷ উজনি অসমৰ কংগ্রেছী বিধায়ক–নেতাসকলে আৰম্ভণিৰে পৰা এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধ কৰি আহিছে৷ যোৱা আগষ্ট মাহৰ প্রথম ভাগত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীয়ে এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ প্রস্তাৱত অনুমোদন দিয়াৰ পাছতেই ইয়াৰ বিৰোধিতা কৰি গোলাঘাটৰ বিধায়িকা তথা প্রাক্তন মন্ত্রী অজন্তা নেওগ আৰু এ আই চি চিৰ সম্পাদক ৰাণা গোস্বামীয়ে প্রাক্তন মুখ্যমন্ত্রী প্রয়াত তৰুণ গগৈক সাক্ষাৎ কৰিছিল৷ সেই সময়ত তেওঁলোকে মিত্রতাৰ বিৰোধিতা কৰাৰ বিপৰীতে মহাজোঁটৰ সপক্ষেহে মত আগবঢ়াইছিল৷ মিত্রতাৰ বিষয়টোক লৈ এনেদৰে কংগ্রেছৰ ভিতৰচ’ৰাত সংঘাত সৃষ্টি হোৱাৰ মাজতে দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কৰা এক মন্তব্যই দলত বিৰূপ প্রতিক্রিয়া সৃষ্টি কৰে৷ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে মিত্রতাৰ প্রসংগত উজনিক বাদ দিয়াৰ কথা কৈছিল এখন ৰাজহুৱা সভাত৷ এনেধৰণৰ সংঘাতৰ সময়তো কিন্তু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দক্ষতাৰে সকলোকে লগত লৈ আগবাঢ়ি যোৱাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে দলৰ বাহিৰে–ভিতৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বৰ এনে অদক্ষতাৰ পৰিণতিতে এতিয়া দলটোলৈ নামি আহিছে চৰম বিপর্যয়৷
ইতিমধ্যে বহু জ্যেষ্ঠ নেতাই দলত্যাগ কৰাৰ পাছত এইবাৰ আন একাংশই নির্বাচনৰ পূর্বে কংগ্রেছ এৰি বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে৷ এইক্ষেত্রত প্রথম শাৰীত আছে প্রয়াত তৰুণ গগৈ চৰকাৰৰ তিনিওটা কার্যকালৰ মন্ত্রী তথা বর্তমানৰ গোলাঘাটৰ বিধায়িকা অজন্তা নেওগ৷ যোৱা কেইমাহমান ধৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱনীয়তাক লৈ চর্চা অব্যাহত থকাৰ মাজতে অজন্তা নেওগে কালি সন্ধিয়াৰ ভাগত হঠাতে উপস্থিত হয় খাৰঘুলিস্থিত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱন ব্রহ্মপুত্র অতিথিশালাত৷ বিধায়িকা অজন্তা নেওগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত বহে৷ ইয়াক লৈ বর্তমান পর্যন্ত বিধায়িকা অজন্তা নেওগে মুখ খোলা নাই যদিও তেওঁ বিজেপিত যোগদান কৰাটো ইতিমধ্যে নিশ্চিত হোৱা বুলি ব্যাপক চর্চা চলিছে৷
অহা ২৬ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ চর্চা অনুসৰি কেন্দ্রীয় গৃহমন্ত্রীজনৰ অসম ভ্রমণসূচীৰ সময়তে বা তাৰ পূর্বেই শীর্ষ কংগ্রেছ নেত্রীগৰাকীয়ে বিজেপিত যোগদানৰ সম্ভাৱনা আছে৷ অজন্তা নেওগৰ উপৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱনাক লৈ আন কেইবাজনো কংগ্রেছী বিধায়কৰ নামো চর্চিত হৈছে৷ এই সন্দর্ভত বিজেপি বিধায়ক তেৰছ গোৱালাই আগবঢ়াইছে এক তাৎপর্যপূর্ণ মন্তব্য৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয়– অজন্তা নেওগৰ লগতে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তির্কী আৰু লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাও বিজেপিলৈ আহিব৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীও অহাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে কথা–বতৰা চলি আছে বুলি গম পাইছোঁ৷ ডুমডুমাৰ বিধায়ক দুর্গা ভূমিজ অহাৰ সম্ভাৱনা থকাৰ কথাও শুনিছোঁ৷ বিধায়ক ৰকিবুল হুছেইন–ৰেকিবুদ্দিন আহমেদ–কমলাক্ষ দে’ পুৰকায়স্থৰ লগতে আন কেইবাজনৰো কথা সংবাদ মাধ্যমত ওলাইছে৷ বিজেপি বিধায়কজনৰ মতে, কংগ্রেছত ২০১৪ চনতে খহনীয়া আৰম্ভ হৈছিল৷ ২০১৬ চনত ই চূড়ান্ত হৈছিল আৰু এতিয়া কংগ্রেছ একেবাৰেই নিঃশেষ হ’ব৷ ১৯৫২ চনৰ পৰা কংগ্রেছে দিল্লী–দিছপুৰৰ শাসনত থাকি অসম আৰু অসমীয়া ৰাইজক প্রতাৰণা আৰু বিশ্বাসঘাতকতা কৰাৰ বাবে দলটোক ৰাইজে গ্রহণ নকৰে বুলি তেওঁ মন্তব্য কৰে৷ আন এজন কংগ্রেছ বিধায়ক মৃণাল শইকীয়াৰ ভাষ্যতো বিধায়িকা অজন্তা নেওগৰ বিজেপিত যোগদানৰ উমান পোৱা গ’ল৷ বিধায়ক মৃণাল শইকীয়াই কয় যে অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি বহু দিনৰ পৰা আলাপ–আলোচনা হৈ আছিল৷ কালি মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীৰ লগত তেওঁৰ আলোচনা হ’ল৷ তৰুণ গগৈৰ মৃত্যুৰ পাছত তেওঁক এতিয়া কংগ্রেছৰ এক নম্বৰ বুলিয়েই ক’ব পাৰি৷ সেই কাৰণে তেওঁৰ যোগদান উচ্চ পর্যায়ৰ পৰা হ’ব৷ অহা ২৬ ডিচেম্বৰত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আহিব৷ হয়তো তেতিয়াই বা তাৰ আগতে আনুষ্ঠানিক যোগদান হ’ব৷ অকল অজন্তা নেওগ বুলিয়েই নহয়, কংগ্রেছৰ তৃণমূল পর্যায়ৰো নেতা–কর্মীয়ে বিজেপিত যোগদান প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে বুলি তেওঁ দাবী কৰি পুনৰ কয় যে আত্মসন্মানবোধ থকা কোনো নেতাই এতিয়া কংগ্রেছত থাকিব নোৱাৰে৷ যদিহে চর্চা চলাৰ দৰে উক্ত কংগ্রেছী বিধায়কসকলে বিজেপিত যোগদান কৰে, তেন্তে ই ৰাজ্যৰ প্রধান বিৰোধী দলটোৰ বাবে নিশ্চিতভাৱে মোক্ষম আঘাত হ’ব৷ উজনি অসমৰ লগতে বৰাক উপত্যকাতো ইয়াৰ প্রভাৱ পৰিব৷ কিয়নো লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালাৰ বৰাক উপত্যকাৰ কংগ্রেছী ৰাজনীতিত এক সবল গণভিত্তি আছে৷ বিধায়ক ৰাজদীপ গোৱালাক দলত ৰখাৰ উদ্যোগ গ্রহণৰ পৰিৱর্তে বিজেপিৰে সম্পর্ক ৰক্ষাৰ অভিযোগত শেহতীয়াকৈ কংগ্রেছৰ পৰা বহিষ্কাৰ কৰা হৈছিল৷
উত্থাপিত অভিযোগ অনুসৰি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ ইংগিততেই এই সিদ্ধান্ত গ্রহণ কৰিছিল এ আই চি চিয়ে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– দলত্যাগকেন্দ্রিক চর্চাক সবল নেতৃত্বৰে চম্ভালি লোৱাৰ বিপৰীতে বিধায়িকা অজন্তা নেওগক যেন দলৰ পৰাই বিদায় দিলে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ বিধায়িকা অজন্তা নেওগৰ বিজেপিত যোগদানৰ সম্ভাৱনাক লৈ অব্যাহত থকা চর্চা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিবলৈ গৈ আজি প্রদেশ কংগ্রেছৰ সভাপতিজনে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এইদৰে– এইটো আমি কেতিয়াও আশা কৰা নাছিলোঁ৷ তেওঁ (অজন্তা নেওগ) আদর্শগতভাৱে যদি কংগ্রেছত থাকিলেহেঁতেন, কেতিয়াও নগ’লহেঁতেন৷ তেওঁ আদর্শগতভাৱে কংগ্রেছত নাছিল, ব্যক্তি স্বার্থৰ বাবেহে আছিল৷ কিন্তু কংগ্রেছে তেওঁক আদর্শগতভাৱে সন্মান দিছিল৷ তেওঁৰ স্বামীয়ে কংগ্রেছৰ আদর্শৰ কাৰণে কম্প্রমাইজ কৰা নাছিল৷ পিছে স্বামীৰ আদর্শ পত্নীয়ে আজি ৰাখিব নোৱাৰিলে৷ যদি তেওঁ সঁচাকৈ বিজেপিলৈ যায়, তেন্তে স্বামীৰ আদর্শক জলাঞ্জলি দিলে৷ কংগ্রেছে স্বামীৰ ত্যাগৰ বাবেই তেওঁক স্বীকৃতি দিছিল৷ অজন্তা নেওগক কংগ্রেছে বুটলি আনিছিল তেওঁৰ স্বামীৰ মহান ত্যাগৰ বাবে৷ কংগ্রেছে অজন্তা নেওগক যথেষ্ট দিছে৷ তিনিটা কার্যকালৰ চৰকাৰত তেওঁক অতি গুৰুত্বপূর্ণ পদবী দিয়া হৈছিল৷ তেওঁক যে কংগ্রেছে অৱহেলা কৰিছে, তেনেকুৱা যুক্তি দিব নোৱাৰে৷ এয়া অতি বিশ্বাসঘাতকতা৷ এনেকুৱা এগৰাকী অজন্তা নেওগ নালাগে, ১০গৰাকী গ’লেও সাময়িকভাৱে হয়তো আমি মনত দুখ পাম৷ কিন্তু কংগ্রেছৰ কোনো ক্ষতি নহয়৷ নিজৰ ব্যর্থতা ঢ়াকিবলৈ প্রদেশ কংগ্রেছৰ সভাপতিজনে এনেধৰণৰ মন্তব্য কৰিলেও তেওঁৰ নেতৃত্বৰ অদক্ষতা ফুটি উঠিছে শেহতীয়া বিটিচি নির্বাচনতে৷ বিটিচি নির্বাচনত কংগ্রেছে ১৩টা আৰু এ আই ইউ ডি এফে ৭টা পৰিষদীয় সমষ্টিত মিত্রতাৰে প্রতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু ইয়াৰে মাত্র এটা পৰিষদীয় সমষ্টিহে দখল কৰিবলৈ সক্ষম হয়৷ শ্রীৰামপুৰ পৰিষদীয় সমষ্টিত জয়ী হৈছিল কংগ্রেছ প্রার্থী সজল কুমাৰ সিন্হা৷ কিন্তু নির্বাচনৰ ফলাফল প্রকাশৰ পাছতে সজল কুমাৰ সিন্হাই যোগদান কৰে বিজেপিত৷ অর্থাৎ নিজৰ দলৰ একমাত্র পাৰিষদজনকো ধৰি ৰাখিবলৈ সক্ষম নহ’ল প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ পৰিণতিত বিটিচিত অস্তিত্বহীন হৈ পৰিল স্বাধীনতাৰ পাছত দীর্ঘসময় ধৰি ৰাজ্যৰ ক্ষমতাত থকা দলটো৷ তদুপৰি বিটিচি নির্বাচনৰ ফলাফলৰ পাছতে প্রদেশ কংগ্রেছৰ মুখপাত্র তথা আৰ টি আই কোষৰ অধ্যক্ষ কমল কুমাৰ মেধিয়ে দলত্যাগ কৰাৰ সমান্তৰালভাৱে মিডিয়া কোষৰ অধ্যক্ষ ড০ ভগীৰথ কৰণ, তথ্য–প্রযুক্তি বিভাগৰ অধ্যক্ষ অপূর্ব কুমাৰ ভট্টাচার্যই দলীয় বিষয়বাব ত্যাগ কৰিছে৷ ইফালে দলত উদ্ভৱ হোৱা এনে অস্থিৰতাৰ মাজতে পূর্বনির্ধাৰিত অসম ভ্রমণসূচী বাতিল কৰিছে প্রদেশ কংগ্রেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক তথা এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে৷ তেওঁ অহা ২০ৰ পৰা ২২ ডিচেম্বৰলৈ অসম ভ্রমণসূচী স্থিৰ কৰিছিল৷ কিন্তু শেহতীয়াকৈ এই ভ্রমণসূচী বাতিল কৰা হৈছে৷ সাম্প্রতিক কংগ্রেছী ৰাজনীতিৰ প্রেক্ষাপটত এই বিষয়টো তাৎপর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷
কংগ্রেছ নেতৃত্বক জ্যেষ্ঠ নেতাৰ দলত্যাগ ৰোধৰ আহ্বান আজমলৰ
ৰাজ্যৰ গৰিষ্ঠসংখ্যক কংগ্রেছ নেতৃত্বই বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি অহাই নহয়, দলটোৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকে ধৰি একাংশ নেতাই চলাই অহা হলি–গলিত হতাশাগ্রস্ত হৈ নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ স্বার্থতে দল ত্যাগৰ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ পিছে ইমানৰ পাছতো অহা বিধানসভা নির্বাচনত কংগ্রেছৰে মিত্রতাক লৈ আশাবাদী হৈ আছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমল৷ আজিৰ দিনটোতো আজমলে সংবাদ মাধ্যমৰ আগত বহুচর্চিত মিত্রতাৰ প্রসংগত কয় যে মিত্রতাৰ প্রক্রিয়া চলি আছে৷ মিত্রতা আগুৱাই আছে৷ কংগ্রেছত সম্প্রতি চলি থকা দলত্যাগৰ প্রসংগত আজমলে একপ্রকাৰ বিগ ব্রাদাৰৰ ভূমিকা লৈ কংগ্রেছ নেতৃত্বক দলত্যাগ ৰোধ কৰিবলৈ আহ্বান জনায়৷ আজমলৰ মতে, কংগ্রেছত যি দলত্যাগ আৰম্ভ হৈছে, ই দলটোৰ ক্ষতি কৰিব৷ দলৰ জ্যেষ্ঠ নেতাসকলৰ দলত্যাগ ৰোধ কৰিব লাগে৷ সেয়া নিয়ন্ত্রণ কৰিব নোৱাৰিলে কংগ্রেছৰ যথেষ্ট ক্ষতি হ’ব৷ আজমলে লগতে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই কোনোটো দলৰে ক্ষতি নকৰে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আজমলৰ সেই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিছে– সংখ্যালঘু অধ্যুষিত সমষ্টিক লৈয়ে আজমলে অহা বিধানসভা নির্বাচনত সাফল্য লাভ কৰাৰ অংক কৰিছে৷ মন কৰিবলগীয়া এয়ে যে কিছুদিন পূর্বে কংগ্রেছ নেতা বিধায়ক ৱাজেদ আলী চৌধুৰীয়েও সংখ্যালঘু অধ্যুষিত সমষ্টিক মূল ভেটি হিচাপে লৈ অহা বিধানসভা নির্বাচনত এ আই ইউ ডি এফৰে কংগ্রেছৰ মিত্রতাৰ পোষকতা কৰিছিল৷ ইপিনে বিজেপিয়ে ৬৫ শতাংশ আৰু ৩৫ শতাংশৰ প্রসংগৰে চলাই অহা প্রচাৰৰ প্রসংগতো কটাক্ষ কৰি আজমলে কয়– বিজেপিৰ ১০+ এইবাৰ সফল নহয়৷ এইবাৰৰ নির্বাচনত আমি ৬৫ পাম৷ বিজেপিয়ে ৩৫ পাব৷ তাৰ বাবেই বিজেপিয়ে ৬৫ঃ৩৫ৰ কথা কৈ আহিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে যোৱা কেইমাহমান ধৰি কংগ্রেছৰে মিত্রতাৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰি আহিছে৷ বিভিন্ন সময়ত প্রদেশ কংগ্রেছৰ নেতৃত্বক সম্পূর্ণৰূপে উলাই কৰি আজমলে নতুন দিল্লীত কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰে আলোচনাত মিলিত হৈ তেওঁলোকৰ মিত্রতা চূড়ান্ত কৰিব বুলি ৰাজহুৱাভাৱে ঘোষণাও কৰিছে৷ আজমলৰ তেনে তৎপৰতাৰ অংশ হিচাপেই প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ অনুমোদন অবিহনে সদ্যসমাপ্ত বিটিচি নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ মাজত মিত্রতা হৈছিল৷ বিটিচি নির্বাচনী ফলাফলৰ পাছতেই কংগ্রেছ দলৰ সেই ভূমিকাক লৈ দলৰ অভ্যন্তৰত তীব্র প্রতিক্রিয়াৰো সৃষ্টি হৈছে৷ কংগ্রেছত এফালে হোৱা বিদ্রোহ–সন্তুষ্টিৰ বিপৰীতে পূর্বৰ স্থিতিতেই অটল থকা আজমলে আজি পুনৰ তেওঁলোকৰ মিত্রতা চলি আছে আৰু মিত্রতাৰ বিষয়টো আগুৱাই আছে বুলি কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ এক কথাত ক’ব লাগিলে সম্প্রতি ৰাজ্যৰ কংগ্রেছ দল আজমলৰ চক্রবেহুত সোমাই পৰিছে৷