নেতৃত্ব সলনিঃ পর্যবেক্ষক জিতেন্দ্র সিঙৰ উপস্থিতিতে বিধায়ক ৰূপজ্যোতিৰ মুকলি বিদ্রোহ
ডিব্রুগড়ত কংগ্রেছৰ চাহ জনগোষ্ঠীৰ নেতৃত্ব–চাহ মজদুৰ সংঘৰ বৈঠক
নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ অসমত কংগ্রেছ দলৰ সাংগঠনিক স্থিতি অধ্যয়ন আৰু মহাজোঁট গঠন প্রক্রিয়াত ছীল–মোহৰ মৰাৰ উদ্দেশ্যে আজিৰে পৰা সাতদিনীয়া অসম ভ্রমণৰ কার্যসূচী লৈ ৰাজ্যখনত উপস্থিত হৈছে প্রদেশ কংগ্রেছৰ নৱনিযুক্ত পর্যবেক্ষক জিতেন্দ্র সিং৷ দেওবাৰে নতুন দিল্লীৰ পৰা পোনে পোনে ডিব্রুগড়ত কংগ্রেছ নেতা সিং উপস্থিত হয়৷ ডিব্রুগড়ত কংগ্রেছ নেতা সিং উপস্থিত হোৱাৰ সময়তে কংগ্রেছ দলৰ জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ দাবীত মুকলি বিদ্রোহ কৰে৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষকগৰাকীয়ে ডিব্রুগড়ৰ ইণ্ডিয়া ক্লাবত দলৰ চাহ জনগোষ্ঠীৰ বিধায়ক, প্রাক্তন বিধায়ক, প্রাক্তন সাংসদ, পঞ্চায়ত প্রতিনিধি আদিৰ সৈতে আয়োজন কৰা বৈঠকত অংশগ্রহণ কৰিবলৈ যোৱাৰ পূর্বে বিধায়ক কুর্মীয়ে সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ দাবী উত্থাপন কৰি কয় যে নেতৃত্ব সলনি সময়ৰ আহ্বান৷ যুৱ চামৰ আহ্বান৷ কেন্দ্রীয় নেতৃত্বয়ো এই কথা বুজা উচিত৷ ৰাজ্যিক নেতৃত্বয়ো এই কথা চিন্তা কৰি যুৱ চামক নেতৃত্ব এৰি দিব লাগে৷ কাৰণ চাহ জনগোষ্ঠীৰ ভোটাৰৰ ওপৰত ৰাজ্যখনৰ ৩২টাৰ পৰা ৪০টা সমষ্টিৰ নির্বাচনী ফলাফল নির্ভৰ কৰে৷ এ আই ইউ ডি এফৰে নির্বাচনী মিত্রতাৰো বিৰোধিতা কৰি তেওঁ কয় যে ১৩৬ বছৰীয়া কংগ্রেছ দলে নিজৰ ওপৰত আত্মবিশ্বাসী হ’ব লাগে৷ কংগ্রেছৰ বিসম্বাদৰ প্রসংগতো বিধায়ক কুর্মীয়ে কয় যে কংগ্রেছত বিসম্বাদ পূর্বতেও আছিল, এতিয়াও আছে৷ প্রয়াত হিতেশ্বৰ শইকীয়াৰ দিনতো কংগ্রেছত বিসম্বাদ আছিল, তৰুণ গগৈৰ দিনতো বিসম্বাদ আছিল আৰু এতিয়াও আছে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ইণ্ডিয়া ক্লাবত আয়োজিত বৈঠকখনত অংশগ্রহণ কৰি পর্যবেক্ষক সিঙে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে কেৱল ধনৰ বলত ৰাজপাট চলাইছে৷ নির্বাচনৰ সময়ত ৰাইজক দিয়া প্রতিশ্রুতি পাহৰি পেলালে৷ অসমত আজিৰ তাৰিখত বহু সমস্যা আছে৷ তাৰ ভিতৰত চাহ জনগোষ্ঠীৰ শ্রমিকসকলৰ সমস্যা অন্যতম৷ অসমৰ চাহ শ্রমিকসকলে আজিও বহু কম মজুৰিত শ্রমদান কৰিব লগাটো অতি দুর্ভাগ্যজনক৷ চাহ শ্রমিকৰ সমস্যা সমাধানত গুৰুত্ব দিব বুলি কৈ শাসনৰ গাদীত বহা বিজেপিয়ে এতিয়া সেইবোৰ বিষয়ত গুৰুত্ব নিদিয়া হ’ল৷ কিন্তু কংগ্রেছ চৰকাৰ আহিলে সকলো সমস্যা সমাধানত গুৰুত্ব দিব৷ চাহ যেনেকৈ অসমৰ পৰিচয়, ঠিক তেনেকৈয়ে এই চাহ শ্রমিকসকলো অসমৰ এক পৰিচয়৷ অসমত ২০২১ত কংগ্রেছ চৰকাৰ হ’লে চাহ শ্রমিকৰ মজুৰি ৩৬০ টকালৈ বৃদ্ধি কৰা হ’ব বুলিও প্রকাশ কৰি বিজেপিৰ ভুৱা প্রতিশ্রুতিত ভোল নাযাবলৈ তেওঁ আহ্বান জনায়৷ আনহাতে, চাহ মজদুৰসকলৰ দুখ–দুর্দশা নিজে বুজিবলৈ আজি তেওঁলোকৰ গৃহত নিশাটো কটাব বুলিও সিঙে সাংবাদিকক জানিবলৈ দিয়ে৷ প্রদেশ কংগ্রেছৰ অসম চাহ আৰু প্রাক্তন চাহ মজদুৰ বিভাগৰ উদ্যোগত আয়োজিত আজিৰ এই বৈঠকখনত তত্ত্বাৱধায়ক সিঙৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, উপ–দলপতি ৰকিবুল হুছেইন, সাংসদ প্রদ্যুৎ বৰদলৈ, অসম চাহ মজদুৰ সংঘৰ সভাপতি তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ, বিধায়ক ৰূপজ্যোতি কুর্মী, বিধায়িকা ৰ’জলিনা তির্কী, বিধায়ক দুর্গা ভূমিজ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্রাক্তন মন্ত্রী পৃথিৱী মাঝি, প্রণতি ফুকন, প্রাক্তন বিধায়ক ভূপেন বৰা, ৰাজু চাহু, সুশান্ত বুঢ়াগোহাঁই, ৰাণা গোস্বামী, চাহ মজদুৰ সংগৰ সম্পাদক ৰূপেশ গোৱালা, অসম প্রদেশ চাহ আৰু প্রাক্তন চাহ মজদুৰ কংগ্রেছৰ সভাপতি মনোজ ধানোৱাৰ, ডিব্রুগড় জিলা কংগ্রেছৰ সভাপতি এতোৱা মুণ্ডা আদি উপস্থিত থাকে৷ ইফালে সেই বৈঠকৰ পাছতেই নিশাৰ ভাগত নিখিল ভাৰত কংগ্রেছ কমিটীৰ অসমৰ পর্যবেক্ষক সিঙে অসম চাহ মজদুৰ সংঘৰ নেতৃত্বৰ লগতে উজনি অসমৰ জিলাসমূহৰ কংগ্রেছ নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হৈ অঞ্চলটোত দলৰ সাংগঠনিক স্থিতিৰ পর্যালোচনা কৰে৷