সভাপতি–কেন্দ্রীয় পর্যবেক্ষকৰ সন্মুখতে প্রচণ্ড হতাহতিত লিপ্ত কংগ্রেছ কর্মী
ৰিপুণ বৰাৰ গৃহ জিলাতে কংগ্রেছৰ তীব্র অন্তঃকন্দলৰ বহিঃপ্রকাশ
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ আজি পুনৰ লবীকেন্দ্রিক সংঘাতৰ বহিঃপ্রকাশ ঘটিল প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ গৃহ জিলা বিশ্বনাথত৷ কংগ্রেছৰ শীর্ষনেতাজনৰ উপস্থিতিতেই দুর্বাদল কাজিয়াত লিপ্ত হয় কংগ্রেছৰ দুটা ফৈদ৷ উল্লেখ্য যে আজি বিশ্বনাথ জিলা কংগ্রেছৰ এখন বর্ধিত কার্যনির্বাহক সভা ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, নিখিল ভাৰত কংগ্রেছ কমিটীৰ পর্যবেক্ষক তথা নেতা বিকাশ উপাধ্যায়, জিলা সভাপতি দিলীপ বৰুৱা, সাধাৰণ সম্পাদক অঞ্জন বৰা, প্রাক্তন বিধায়ক বর্ণবাস তাঁতী, জ্যেষ্ঠ নেতা দীপক দাস, সঞ্জু বৰুৱা আদিয়ে অংশগ্রহণ কৰা সভাখনত জিলা কংগ্রেছৰ কাম–কাজত ক্ষুব্ধ হৈ একাংশই প্রশ্ণ তোলে৷ ইয়াৰ পিছতে পর্যবেক্ষকৰ উপস্থিতিত প্রথমে তীব্র বাক্–বিতণ্ডা আৰু পিছলৈ হতাহতিত লিপ্ত হয় কংগ্রেছ কর্মীসকল৷ অভিযোগ উঠা মতে কংগ্রেছৰ চাহ কোষৰ কর্মীসকলক কংগ্রেছৰ শীর্ষনেতা এজনৰ সমর্থকে তীব্র বাক্যবাণেৰে অপদস্থ কৰাৰ ফলতে এই কাজিয়াৰ সূত্রপাত ঘটে৷ পিছত পৰিস্থিতি নিয়ন্ত্রণাধীন কৰা হয় যদিও চাহ কোষৰ কর্মীসকলক কটু মন্তব্য কৰা যুৱ কংগ্রেছীজনক শীঘ্রে ক্ষমা খোজাৰো দাবী উঠিছে৷ ইফালে এই বর্ধিত কার্যনির্বাহকত প্রাক্তন মন্ত্রী নুৰজামাল পন্থীৰ লোকক আমন্ত্রণ জনোৱা হোৱা নাই বুলি অভিযোগ উঠিছে৷ নির্বাচনলৈ মাত্র কেইটামান মাহ বাকী থকা অৱস্থাত কংগ্রেছৰ লবীকেন্দ্রিক ৰাজনীতিৰ বহিঃপ্রকাশে কর্মীসকলক হতাশ কৰি তুলিছে৷ ইফালে, কংগ্রেছৰ সভাত মাৰপিটৰ ঘটনা অস্বীকাৰ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু জিলা সভাপতি দিলীপ বৰুৱাই৷ অৱশ্যে তর্কাতর্কিত লিপ্ত হোৱা আৰু সভালৈ নমতাৰ বাবেই এনে পৰিস্থিতি হোৱা বুলি দাবী কৰিছে কংগ্রেছ নেতৃবৃন্দই৷