নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ কেইবাটাও নিৰ্বাচনত মুখথেকেচা খোৱাৰ পিছত প্ৰায় তথৈবচ অৱস্থা হোৱা কংগ্ৰেছে আজি ধুবুৰী ৰাজীৱ ভৱনত সংবাদ মেল অনুষ্ঠিত কৰি লোকসভা নিৰ্বাচনত প্ৰায় ৮-৯খন আসন লাভৰ আশা প্ৰকাশ কৰে। ‘‘কোনো কাৰণতেই এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ ৰাজনৈতিক বুজাবুজি নহয়। বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে নিবিচাৰে এআইইউডিএফৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক থকাটো; বুজাবুজি থকাটো আৰু আমাৰ হাই কমাণ্ডে সেয়া মানি লৈছে।’’ এই ভাষ্য এপিচিচিৰ মিডিয়া কোষৰ অধ্যক্ষ মনজিৎ মহন্তৰ। আজি ধুবুৰীৰ ৰাজীৱ ভৱনত সংবাদ মেলত এআইইউডিএফ চুপ্ৰিমো তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক আক্ৰমণৰ লক্ষ্য কৰি তেওঁ আৰু কয় যে, ‘‘সমগ্ৰ অসমৰ এশ শতাংশ মুছলমান ধৰ্মাৱলম্বী লোকে বদৰুদ্দিন আজমলক তেওঁলোকৰ নেতা বুলি মানি লোৱা নাই; মানি নলয়। আৰু যিসকলৰ তেখেতৰ ওপৰত সামান্য আস্থা আছিল ২০২১ৰ নিৰ্বাচনৰ পিছত তেওঁলোকৰো বদৰুদ্দিন আজমলৰ ওপৰত আস্থা হেৰুৱাইছে। তেওঁলোকে কৈছে যে, এওঁ ভাঙিবলৈ আহিছে; পাতিবলৈ অহা নাই।’’ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছে কোনেও ভাৱিব নোৱাৰাকৈ ভাল ফল লাভ কৰিব বুলিও উল্লেখ কৰে তেওঁ। আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪খন লোকসভা আসনৰ ৮/৯ আসন পাব বুলিও তেওঁ আশা কৰে। সংবাদ মেলখনত তেওঁ অহা ১ নৱেম্বৰ পৰা ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ সৱিশেষ সদৰি কৰে। প্ৰায় দুমাহ ধৰি চলিবলগীয়া ৮৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ সেই যাত্ৰাপথত দৈনিক একেৰাহে ১২/১৫ কিলোমিটাৰ পদব্ৰজে যাত্ৰা কৰাৰ বাবে ইতিমধ্যে দল এটি সাঁজু কৰা হৈছে বুলি জনায় তেওঁ আৰু ল’গতে সেই যাত্ৰাই স্পৰ্শ নকৰা জিলাসমূহৰ কংগ্ৰেছ নেতা–কৰ্মীসকলেও আহি আমন্ত্ৰিত অতিথি ৰূপে সেই যাত্ৰাত অংশ ল’ব বুলিও কয়। তেওঁ ধুবুৰীৰ পৰা আৰম্ভ হ’বলগীয়া তেওঁলোকৰ ‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত দলটোৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ কেইবাগৰাকী নেতাৰ উপৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়াংকা গান্ধীও উপস্থিত থকাৰ বিষয়টো লৈ কথা–বতৰা চলি থকা বুলি উল্লেখ কৰে। সংবাদ মেলত এপিচিচিৰ জ্যেষ্ঠ মুখপাত্ৰ মেহদি আলম বৰা, মুখপাত্ৰ কুশল শৰ্মা আৰু ড৹ অশ্বিন কুমাৰ মহন্ত, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ চামছুল হ’ক, গোলকগঞ্জৰ বিধায়ক সোৱাহান আলী সৰকাৰ প্ৰমুখ্যে জিলা কংগ্ৰেছৰ কেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী