ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৭–১৭ জুলাইত কংগ্রেছৰ প্রতিবাদী কার্যসূচী
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ড্রাগ্ছ আৰু গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে পূর্বৰ সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ নির্বিকাৰ স্থিতি সন্দর্ভত উচ্চ পর্যায়ৰ তদন্ত দাবী জনাইছে কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত কয় যে বর্তমানৰ চৰকাৰখনে ড্রাগ্ছ আৰু গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে চলাই থকা অভিযানৰ প্রশংসা কৰিছে৷ কিন্তু ৰাজ্যখনত ড্রাগ্ছৰ বেহা–প্রচলন আৰু গৰু ছিণ্ডিকেট নতুনকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শপত গ্রহণৰ পাছত যোৱা ২ মে’ৰ পাছত আৰম্ভ হোৱা নাই৷ এই অবৈধ বেহা যোৱা ৫ বছৰ ধৰি চলি আহিছে৷ পূর্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনৰে পৰা এই কার্য চলি আহিছে৷ একেই আৰক্ষীয়ে ইতিমধ্যে উক্ত দুষ্কার্যত জড়িত বহুতকে কৰায়ত্ত কৰাৰ লগতে ঠাইবিশেষে এনকাউণ্টাৰত লিপ্ত হৈছে৷
চৰকাৰ, আৰক্ষী আৰু চৰকাৰৰ বিয়াগোম নেতা–মন্ত্রীৰ আশীর্বাদ নাথাকিলে কেতিয়াও যোৱা ৫ বছৰে অবাধে ড্রাগ্ছ–গৰুৰ সৰবৰাহ চলি থাকিব নোৱাৰিলেহেঁতেন৷ সভাপতি বৰাই কয় যে কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যত গৰু ছিণ্ডিকেটত মাহে এহেজাৰ কোটি টকাৰ লেনদেন হয় বুলি মন্তব্য কৰিছে৷ আমি যোৱা ৫ বছৰে ৰাজ্যখনত চুপাৰি, কয়লা, গৰুৰ ছিণ্ডিকেট আছে বুলি যি কথা কৈ আছিলোঁ, সেয়া সত্য প্রতিপন্ন হৈছে৷ সেয়ে তেওঁ ড্রাগ্ছ–গৰুৰ ছিণ্ডিকেটৰ বিৰুদ্ধে পূর্বৰ সোণোৱাল চৰকাৰৰ নির্বিকাৰ সন্দর্ভত উচ্চ পর্যায়ৰ তদন্ত দাবী কৰে৷
সংবাদ মেলখনত সভাপতি বৰাই কয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া ছাত্র–ছাত্রীসকলৰ শৈক্ষিক জীৱনক লৈ বর্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে ল’ৰা–ধেমালি কৰি আছে৷ চৰকাৰখনৰ শেহতীয়া কাম–কাজে প্রমাণ কৰিছে যে তেওঁলোকৰ কোনো শৈক্ষিক ধ্যান–ধাৰণা নাই আৰু ছাত্র–ছাত্রীসকলৰ ভৱিষ্যতক লৈ তেওঁলোক মুঠেও উদ্বিগ্ন নহয়৷ নিজৰ স্থিতি সঘনাই সলনি কৰি থকা চৰকাৰখনে শিক্ষার্থীসকলৰ সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ স্বার্থত এইপর্যন্ত এটা সুস্থিৰ সিদ্ধান্ত ল’ব নোৱাৰাটো আৰু এইক্ষেত্রত শিক্ষার্থীসকলক কার্যতঃ পণবন্দী কৰি ৰখাটো দুর্ভাগ্যজনক৷ এইক্ষেত্রত মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ কথাৰ অমিল আৰু বিপৰীত স্থিতিয়ে তেওঁলোকৰ মাজত যোগাযোগহীনতা আৰু চৰকাৰখনৰ অৰাজকতা প্রতিফলিত কৰিছে৷ প্রথম অৱস্থাত আমাৰ বিদ্যালয়সমূহত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা নাই বুলি কৈ পৰীক্ষা পাতিমেই বুলি আঁকোৰগোজ হৈ ৰোৱা বিজেপি চৰকাৰখনে অৱশেষত বিদ্যালয়ৰ আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিতে ফলাফল ঘোষণাৰ সিদ্ধান্ত লৈছে যদিও ইয়াৰ বাবে যি নীতি ঘোষণা কৰিলে, সেয়াই শিক্ষার্থীসকলক সকাহ দিয়াৰ সলনি অধিক মানসিক নির্যাতনহে দিছে৷ এনে পৰিস্থিতিৰ অৱসান ঘটাই অনতিপলমে শিক্ষার্থীসকলৰ শৈক্ষিক ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা এক সিদ্ধান্তত উপনীত হ’বলৈ চৰকাৰখনক দাবী জনাইছোঁ৷
আনহাতে, ‘নিয়া’ৰ আদালতে দোষমুক্ত কৰাৰ দিনাই বিধায়ক অখিল গগৈয়ে দীর্ঘদিনৰ মূৰত গুৱাহাটী চিকিৎসা মহাবিদ্যায় হাস্পতালৰ কেবিন এৰি ঘৰলৈ যোৱা প্রসংগত মন্ত্রী পীয়ূষ হাজৰিকা আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কটাক্ষ কৰি কেতবোৰ মন্তব্য সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে মন্ত্রী হাজৰিকাই স্পষ্টভাৱে কৈছে যে যি সময়ত ক’ভিড আক্রান্তৰ বাবে এটা কেবিন বিচাৰি সাধাৰণ মানুহে হাহাকাৰ কৰিবলগীয়া হৈছিল, সেই সময়ত অখিল গগৈয়ে জি এম চি এইচ কর্তৃপক্ষক কিবা ‘ফিটিং’ কৰি মাহৰ পাছত মাহ এটা কেবিন আবদ্ধ কৰি ৰাখিছিল৷ মন্ত্রীজনৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্রীগৰাকীয়েও কৈছে যে হঠাৎ এদিনতে ১২টামান বেমাৰ ভাল হৈ যোৱা এনে কি ভিটামিন জি এম চি এইচে আৱিষ্কাৰ কৰিলে তেওঁক সেইটো লাগে৷ কিন্তু অখিল গগৈয়ে নিজ ইচ্ছা মতে এইদৰে জি এম চি এইচৰ কেবিনত নাছিল৷ মেডিকেল ব’ডৰ পৰামর্শ আৰু আদালতৰ নির্দেশৰ ভিত্তিতহে তেওঁক এইদৰে কেবিনত ৰাখি চিকিৎসা কৰি থকা হৈছিল৷
তদুপৰি অখিল গগৈয়ে কাৰাবন্দী অৱস্থাত এদিৰে জি এম চি এইচৰ কেবিনত থাকি চিকিৎসা গ্রহণ কৰি থকা সময়ছোৱাত বিজেপিৰ চৰকাৰ আছিল৷ যদি কিবা ‘ফিটিং’ হৈছে, তাৰ বাবে দায়ী বিজেপি চৰকাৰেই৷ ইফালে, পেট্র’ল–ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহার্য সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদত অহা ৭ জুলাইৰ পৰা ১৭ জুলাইলৈ এলানি প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ বিষয়ে সদৰী কৰি সভাপতি বৰাই কয় যে অহা ৭ জুলাইৰ পৰা ১৭ জুলাইৰ ভিতৰত ৰাজ্যৰ প্রতি ব্লক কংগ্রেছ কমিটীৰ উদ্যোগত ক’ভিড প্রট’কল ৰক্ষা কৰি দুঘণ্টীয়া প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হ’ব৷ প্রতিবাদীসকলে কাঁহী–বাটি বজাই, ধর্ণা দি প্রতিবাদ সাব্যস্ত কৰিব আৰু ইয়াত মহিলা কংগ্রেছ, যুৱ–কংগ্রেছকে ধৰি ব্লক পর্যায়ৰ সকলো ভাতৃ–ভগ্ণী সংগঠন, বিভাগ আৰু কোষৰ নেতৃত্বই অংশগ্রহণ কৰিব৷
সেইদৰে প্রতি জিলা কংগ্রেছ কমিটীৰ উদ্যোগত জিলা আৰু মহকুমা সদৰত দলৰ নির্বাচিত জনপ্রতিনিধিৰ লগতে সকলো পর্যায়ৰ বিষয়ববীয়াৰ অংশগ্রহণেৰে নগৰাঞ্চল এলেকাত প্রতিবাদী চাইকেল সমদল উলিওৱা হ’ব৷ প্রতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত প্লে–কার্ড ব্যৱহাৰ কৰাৰ লগতে শ্লোগান দিব৷ অহা ১৭ জুলাইত ক’ভিড প্রট’কল মানি চলি প্রদেশ কংগ্রেছৰ উদ্যোগত ৰাজ্যৰ ৰাজধানী চহৰত প্রদেশ কংগ্রেছৰ সভাপতি, কংগ্রেছ বিধায়িনী দলৰ নেতা–সাংসদ–বিধায় তথা দলীয় বিষয়ববীয়াৰ অংশগ্রহণেৰে প্রতিবাদী সমদল উলিওৱা হ’ব৷ তদুপৰি প্রতি জিলা কংগ্রেছ কমিটীৰ উদ্যোগত পেট্র’ল পাম্পসমূহত গ্রাহকৰ পৰা স্বাক্ষৰ সংগ্রহ অভিযান চলোৱা হ’ব৷ সংবাদ মেলখনত সভাপতি বৰাৰ সৈতে সাংসদ গৌৰৱ গগৈও উপস্থিত থাকে৷