নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ পৰা পদত্যাগ ৰঞ্জন বৰাৰ

নির্বাচনৰ প্রাক্ক্ষণত অথন্তৰ

নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ এইবাৰ বিধানসভা নির্বাচনত কংগ্রেছে ব্যাপক ধনৰ বিনিময়ত দলীয় টিকট দিয়াৰ গুৰুতৰ অভিযোগ কৰিছে প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক (প্রশাসন) ৰঞ্জন বৰাই৷ বুধবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদ মেলত কংগ্রেছ নেতা বৰাই সেই গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে কংগ্রেছ দলৰ সকলো পদৰ লগতে দলৰ প্রাথমিক সদস্য পদো ত্যাগ কৰে৷ সংবাদ মেলখনত তেওঁ কয় যে বর্তমান অসম প্রদেশ কংগ্রেছ কমিটীখন এ আই চি চিৰ চাৰিজন সম্পাদকে দখল কৰিছে৷ তেওঁলোকে সমগ্র অসমখন ঘূৰি বিভিন্ন ধৰণৰ দুর্নীতিৰ আশ্রয় লৈ এইবাৰ নির্বাচনত দলীয় টিকট প্রদান কৰিছে৷ প্রদেশ কংগ্রেছত বর্তমান লবী ৰাজনীতি চলি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে দলৰ সভাপতি ৰিপুণ বৰাই এইবাৰ তেওঁক গুৱাহাটী পূব সমষ্টিত দলীয় টিকট দিব বুলি কৈ আহিছিল৷

সভাপতি বৰাৰ কথা মতে তেওঁ সমষ্টিত কাম কৰি আছিল৷ আনকি সভাপতিয়ে তেওঁক দিনৰ এবেলা ৰাজীৱ ভৱনত আৰু এবেলা সমষ্টিত কাম কৰিবলৈ দিছিল৷ সেই অনুসৰি তেওঁ এইবাৰ প্রার্থিত্ব লাভ কৰিব বুলি সম্পূর্ণ নিশ্চিত আছিল৷ কিন্তু অন্তিম মুহূর্তত ব্যাপক ধনৰ লেনদেনেৰে তেওঁক টিকটৰ পৰা বঞ্চিত কৰা হ’ল৷ এই ধনৰ লেনদেনত দুই–এগৰাকীক বাদ দি প্রায়সংখ্যক শীর্ষ নেতাই জড়িত থকাৰ গুৰুতৰ অভিযোগ কৰি তেওঁ কয় যে এনে দুর্নীতি আৰু দুর্বল নেতৃত্বৰ বাবে দলৰ ভিতৰত চলা খোৱা–কামোৰাই কংগ্রেছ দলত থাকি একনিষ্ঠভাৱে দলৰ প্রতি সেৱা আগবঢ়োৱাৰ পৰিৱেশ নোহোৱা কৰিছে৷

তেওঁ আৰু কয় যে ২০০৬, ২০১১ আৰু ২০১৬ চনৰ বিধানসভা নির্বাচনতো তেওঁ গুৱাহাটী পূব সমষ্টিৰ পৰা প্রার্থিত্বপ্রত্যাশী আছিল৷ প্রতিবাৰেই তেওঁক বিমুখ কৰা হৈছিল যদিও তেওঁ দলীয় সিদ্ধান্তৰ ৰাজহুৱাভাৱে প্রতিবাদ কৰা নাছিল৷ বৰং নিৰৱচ্ছিন্নভাৱে দলৰ হৈ সেৱা আগবঢ়াই গৈছিল৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ বিৰুদ্ধেও ক্ষোভ উজাৰি তেওঁ কয় যে সিঙে এইবাৰ কোনেও দিল্লীলৈ টিকটৰ বাবে যাব নালাগে বুলি কৈছিল৷ সমষ্টিত গৈ দলে টিকট প্রদান কৰিব বুলি কৈছিল৷ কিন্তু বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা মন্ত্রী ছুম ৰংহাঙক ডিফুত কেনেকৈ কংগ্রেছে টিকট দিলে বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷

You might also like