কংগ্রেছৰ গৰিষ্ঠসংখ্যকেই বিচাৰিছে ইউডিএফৰে মিত্রতাঃ গগৈ
কেন্দ্রৰ ধনঃ চৰকাৰৰ পৰা শ্বেতপত্র বিচাৰিলে ৰিপুণ বৰাই
নিয়মীয়া বাৰ্তা ২৩ জুনঃ বর্তমান কেন্দ্রৰ পৰা অসমে কোন কোন শিতানত কিমান টকা পাবলৈ বাকী আছে, সেই সম্পর্কত ৰাজ্য চৰকাৰক এখন শ্বেতপত্র প্রকাশৰ দাবী জনাইছে কংগ্রেছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত সেই দাবী উত্থাপন কৰি কয় যে বিজেপিয়ে অসমক সদায় বঞ্চনা কৰি আহিছে৷ প্রধানমন্ত্রীৰ গৰিব কল্যাণ আঁচনিত অসমক সন্নিৱিষ্ট কৰা নহ’ল৷ ৫০ হাজাৰ কোটি টকাৰ সেই আঁচনিত ছখন ৰাজ্য ৰাজস্থান, উত্তৰ প্রদেশ, মধ্যপ্রদেশ, বিহাৰ, ওড়িশা আৰু ঝাৰখণ্ডৰ ১১৬খন জিলা সামৰি লোৱা হৈছে৷ কেন্দ্রই অসমত টোলগেট বহুৱাইছে, কিন্তু উন্নয়নৰ বাবে ধন নিদিয়ে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রৰ সেই বৈষম্যৰ বিৰুদ্ধে কিয় প্রতিবাদ কৰা নাই, কিয় প্রধানমন্ত্রীক সৈমান কৰাব পৰা নাই, এই সম্পর্কত প্রশ্ন উত্থাপন কৰে৷ ইপিনে, মণিপুৰত উদ্ভৱ হোৱা শেহতীয়া ৰাজনৈতিক পৰিস্থিতি অধ্যয়নৰ বাবে ৰাজ্যখনত উপস্থিত হোৱা কংগ্রেছ নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী অজয় মাকেন আৰু সাংসদ গৌৰৱ গগৈক কোৱাৰেণ্টাইন কৰা কার্যত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি সভাপতি বৰাই কয় যে কোৱাৰেণ্টাইনক বিজেপিয়ে ৰাজনৈতিক হাথিয়াৰ কৰি লৈছে৷ অসমৰ বিজেপি সাংসদসকল দিল্লীৰ পৰা অহাৰ পাছতো তেওঁলোককো কোৱাৰেণ্টাইন কৰা হোৱা নাছিল৷
সেইদৰে ভাৰত–চীন সীমান্তৰ উত্তেজনা সম্পর্কত বৰাই কয় যে চৰকাৰে যেনেধৰণে প্রত্যুত্তৰ দিব লাগিছিল, তেনেদৰে দিব পৰা নাই৷ প্রধামনমন্ত্রীয়ে সমগ্র বিষয়টোত জনতা আৰু বিৰোধীক অন্ধকাৰত ৰাখিছে৷ প্রধামন্ত্রী নৰেন্দ্র মোদীয়ে কয় এটা, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে কয় আন এটা৷ নেপালৰ উভয় সদনে ভাৰতৰ ভূখণ্ডও নেপালৰ বুলি মানচিত্রত উল্লেখ কৰাৰ পাছতো ভাৰত চৰকাৰে কোনো ব্যৱস্থা ল’ব পৰা নাই৷ দেশ ৰক্ষাত মোদী চূড়ান্তভাৱে ব্যর্থ হৈছে৷ ইপিনে, আসন্ন বিধানসভা নির্বাচনৰ পূর্বে কংগ্রেছ দলে বিজেপি আৰু মিত্রজোঁটৰ বিধায়ক–মন্ত্রীসকলৰ বিৰুদ্ধে অভিযোগনামা প্রস্তুত কৰিব বুলি সদৰী কৰি সভাপতি বৰাই কয় যে এই অভিযোগনামাসমূহ ৰাজহুৱাভাৱে প্রচাৰ কৰা হ’ব৷ কংগ্রেছৰ মণ্ডল কমিটীসমূহে সেই অভিযোগনামসমূহ ৰাজহুৱা কৰিব৷
ইফালে, কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা সম্পর্কত সোমবাৰে সংবাদ মাধ্যমৰ আগত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে কয় যে দলৰ দুই–একে বিৰোধিতা কৰিলেও এআইইউডিএফৰে মিত্রতা হ’বই৷ যিসকলৰ সমষ্টি হেৰুৱাৰ ভয় আছে, তেওঁলোকে বিৰোধিতা কৰিবই৷ কিন্তু কংগ্রেছৰ বেছিভাগেই মিত্রতাৰ সপক্ষে আছে৷ অৱশ্যে এই মুহূর্তলৈ বিষয়টো অসম প্রদেশ কংগ্রেছ কমিটী বা নিখিল ভাৰত কংগ্রেছ কমিটী পর্যায়ত আলোচনা হোৱা নাই৷ আজমলৰ সৈতেও তেওঁ এতিয়ালৈ বিষয়টো আলোচনা কৰা নাই৷ আনহাতে, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ প্রসংগত গগৈয়ে কয় যে ৰাষ্ট্রীয় ৰাজনীতি বাদ দি তেওঁ আঞ্চলিকতাবাদলৈ যোৱাৰ প্রশ্ণই নুঠে৷ মহন্তকহে কংগ্রেছৰ ওচৰলৈ অহাৰ আহ্বান জনাই তেওঁ কয় যে অগপৰ আঞ্চলিকতাবাদ নামতহে চলি আছে৷ দল দুভাগ হোৱাৰ পাছত মহন্ত কংগ্রেছৰ কাষলৈ নাহি ক’লৈ যাব বুলিও উল্লেখ কৰে৷