নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০০ কোটি পুঁজি আবণ্টনৰ মাত্র ২৫ শতাংশ ধনহে কৰিলে ব্যয়

নিয়মীয়া বাৰ্তা ২৩ জুনঃ কৃষিৰ পাছতে ৰাজ্যখনৰ অর্থনৈতিক বিকাশ আৰু স্বাৱলম্বিতাৰ ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱাৰ প্রচুৰ সম্ভাৱনা থকা এটা অন্যতম বিভাগ হ’ল মন্ত্রী ৰঞ্জিত দত্ত নেতৃত্বাধীন হস্ততাঁত– বস্ত্র আৰু ৰেচম বিভাগ৷ ৰাজ্যখনত এক গৌৰৱময় ইতিহাসো আছে এই বিভাগটোৰ৷ কিন্তু আঁচনি ৰূপায়ণত একাংশ বিষয়া–কর্মচাৰীৰ চৰম অকর্মণ্যতা, অদূৰদর্শিতা আৰু সঠিক পৰিকল্পনা অনুযায়ী কাম কৰাৰ ব্যর্থতাৰ বাবেই বিভাগটোৰ বহু প্রত্যাশিত আছাম ছিল্ক আউটৰিট্ছ মিছন (মুগা) নামৰ আঁচনিখনৰ কার্যতঃ মৃত্যুঘণ্টা বাজিছে৷ বিভাগীয় সূত্রে লাভ কৰা তথ্য মতে, বিগত ২০১৭–১৮ চনত এই আঁচনিখন ৰূপায়ণৰ বাবে ৪৬৫.৮৫ কোটি টকা ধার্য কৰা হৈছিল৷ সেই সময়ৰ বিত্ত বিভাগৰ আয়ুক্ত ড০ ৰবি কোটাক এই আঁচনিখন সফলভাৱে ৰূপায়ণৰ তদাৰক কৰিবলৈ হস্ততাঁত–বস্ত্র আৰু ৰেচম বিভাগৰ আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছিল৷ সেই সময়ত হস্ততাঁত–বস্ত্র আৰু ৰেচম বিভাগৰ আয়ুক্ত সচিব আছিল বহু বিতর্কিত দিলীপৰঞ্জন বৰঠাকুৰ৷ কিন্তু দায়িত্ব লোৱাৰ কিছুদিনৰ পাছতে ড০ ৰবি কোটা ডেপুটেচনত দিল্লীলৈ যাব লগা হয়৷ উল্লেখ্য যে ড০ কোটাৰ প্রচেষ্টাতে ৰাজ্যৰ বিত্ত বিভাগে ২০১৭–২০১৮ বর্ষত হস্ততাঁত–বস্ত্র আৰু ৰেচম বিভাগক ইতিমধ্যে ধার্য কৰা ৪৬৫.৮৫ কোটি টকাৰ পৰা প্রথম পর্যায়ত ১০০ কোটি টকা মোকলাই দিয়ে৷ মুগা মিছন বা আঁচনিখনৰ উদ্দেশ্য আছিল ৰাজ্যৰ মুগা উৎপাদন ২০২৬ চনলৈ দহ গুণ বৃদ্ধি কৰা৷ মুগা উৎপাদন বৃদ্ধি কৰাৰ বাবে বিভাগটোৱে আছাম ছিল্ক আউটৰিট্ছ মিছন নামৰ এখন ছ’চাইটীও গঠন কৰিছিল৷ কিন্তু ইয়াৰ পাছতো ৰাজ্যত মুগা উৎপাদন বৃদ্ধি কৰাটো দূৰৈৰ কথা, মুগা মিছন তথা বিভাগটোৱে উক্ত আঁচনিখন সঠিকভাৱে কার্যকৰী কৰিব নোৱাৰিলে৷ বিভাগীয় সূত্রৰ পৰা লাভ কৰা অভিযোগ অনুসৰি আঁচনিখন ৰূপায়ণৰ দায়িত্বত সংশ্লিষ্ট বিষয়া–কর্মচাৰীৰ অকর্মণ্যতা আৰু সঠিক পৰিকল্পনাৰ অভাৱত ১০০ কোটি টকাৰ মাত্র ২৫ শতাংশ অর্থাৎ ২৫ কোটি টকাহে খৰচ কৰিবলৈ সক্ষম হয়৷ কিন্তু তাতোকৈ আশ্চর্যকৰ কথাটো হ’ল মুগা মিছনে বা ৰেচম বিভাগে মুগা উৎপাদনত খৰচ কৰা ২৫ কোটি টকাৰ ব্যৱহাৰিক প্রমাণ–পত্র যোৱা ৩ বছৰ ধৰি দিব পৰা নাই৷ ফলত চৰকাৰে বাকী ৩৬৫.৮৫ কোটি টকা আজিলৈকে মোকলাই দিয়া নাই৷ এনে পৰিস্থিতিত মুগা মিছনে কেনেকৈ ৰাজ্যত মুগা উৎপাদন বৃদ্ধি কৰিব, সেয়া সহজেই অনুমেয়৷ বিভাগীয় সূত্রটোৱে জনোৱা মতে, বিভাগীয় নিয়ম মতে এনে অভিলাষী আঁচনি এখন সঠিকভাৱে ৰূপায়ণৰ বাবে যুটীয়া সচিব পর্যায়ৰ পদত আই এছ বিষয়াক নিয়োগ কৰিব লাগে৷ কিন্তু মুগা মিছনৰ উক্ত পদৰ বাবে ৰেচম বিভাগে উপযুক্ত বিষয়া বিচাৰি কর্মচাৰী বিভাগক কোনোদিনেই আবেদন নকৰিলে৷ সূত্রটোৱ অভিযোগ কৰা মতে, বিভাগীয় শীর্ষ বিষয়াৰ অমনোযোগিতা আৰু অদূৰদর্শিতাৰ বাবে মিছনৰ সঞ্চালক, যুটীয়া সঞ্চালক তথা বর্তমান ৬৯ বছৰ বয়সীয়া পৱন কুমাৰ দত্তক যোৱা বছৰ ‘কনচালটেণ্ট’ হিচাপে ঠিকাভিত্তিত এবছৰৰ কাৰণে নিযুক্তি দিয়ে৷ সূত্রটোৱে জনোৱা মতে, পৱন কুমাৰ দত্তক পুনৰ এবছৰৰ বাবে নিযুক্তি দিবলৈ মিছন সঞ্চালক আৰু মিছনৰ বিত্তীয় উপদেষ্টা মৃণালকান্তি সাহাই উঠিপৰি লাগিছে৷ চৰকাৰৰ কর্মচাৰী আৰু বিত্ত বিভাগৰ নির্দেশনা মতে ৬৫ বছৰ ঊর্ধ্বৰ অৱসৰপ্রাপ্ত বিষয়া–কর্মচাৰীক চৰকাৰী বিভাগ, সঞ্চালকালয়, নিগম, মিছন আদিত নিয়োগ কৰিব নোৱাৰি৷ এইক্ষেত্রত সঞ্চালক বর্মন আৰু উপদেষ্টা সাহাই কিয় চৰকাৰী নির্দেশনা উলংঘা কৰিছে বুলি খোদ বিভাগটোত প্রশ্ণ উত্থাপন হৈছে৷ ইফালে ৰাজ্য চৰকাৰৰ অর্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ গৱেষণা বিষয়া হিচাপে কর্মৰত হৈ থকা পংকজ গগৈ নামৰ বিষয়াজনক অতিৰিক্তভাৱে মুগা মিছনৰ ৰাজ্যিক আঁচনি বিষয়া হিচাপে ‘এটাচমেণ্ট’ কৰি দিয়াক লৈও বিভাগটোত ৰহস্য সৃষ্টি হৈছে৷ সূত্রটোৱে জনোৱা মতে, মুগা মিছনত ৰাজ্যিক আঁচনি বিষয়াৰ কোনো পদ নাই৷ এনে পৰিস্থিতিত এই পদ সৃষ্টি কৰি গগৈক কিয় সংলগ্ণ কৰা হ’ল বুলি প্রশ্ণ উত্থাপন হৈছে৷ সূত্রটোৰ মতে, গগৈয়ে ইতিমধ্যে ৰেচম সঞ্চালকালয়ত ৫ বছৰ চাকৰি কৰিছিল৷ তেওঁ বহু চেষ্টা কৰি এইবাৰ মুগা মিছনলৈ আহিছে৷ সূত্রটোৱে লগতে জনোৱা মতে, পংকজ গগৈয়ে প্রস্তুত কৰা মুগা মিছনৰ সম্পূর্ণ প্রকল্প প্রতিবেদন (ডি পি আৰ) যোৱা ২০১৮ চনৰ মে’ মাহত অনুষ্ঠিত কৰা মুগা মিছনৰ প্রথমখন বৈঠকত নাকচ কৰা হয়৷ ছ’চাইটীৰ সিদ্ধান্তমর্মে মুগা মিছনে প্রায় ২৫ লাখ টকাত দিল্লীৰ গুৰগাঁৱৰ এটা প্রতিষ্ঠানক নতুনকৈ ডি পি আৰ প্রস্তুত কৰিবলৈ দিয়ে৷ গতিকে এনেকুৱা এজন অদক্ষ ব্যক্তিক কিয় মিছনত সংলগ্ণ কৰা হ’ল, সেয়া ৰহস্যজনক৷ এই দুই বিষয়াৰ এজনক বিদায় দি আনজনক নিজৰ বিভাগলৈ ঘূৰাই পঠিয়াই নতুনকৈ কার্যক্ষম আৰু বিশদ জ্ঞান থকা লোকক নিয়োগ নকৰিলে অসমৰ ৰাইজে কোনোকালেই মুগা মিছনৰ সুফল দেখিবলৈ নাপাব বুলি ৰেচম বিভাগৰ বহুতৰে মাজত চর্চা হৈছে৷ ইফালে ৰাজ্য চৰকাৰে মোকলাই দিয়া ১০০ কোটি টকা বিত্ত বিভাগৰ নিয়ম ভংগ কৰি ৰাষ্ট্রীয়কৃত বেংকৰ পৰিৱর্তে ব্যক্তিগত খণ্ডৰ বেংকত জমা ৰখা বুলি অভিযোগ উঠিছে৷ অভিযোগ মতে, ব্যক্তিগত খণ্ডৰ বেংকত বুজন পৰিমাণৰ ধন জমা ৰাখিলে কেইবালাখ টকা ‘কমিছন’ দিয়ে বাবে উক্ত ধনৰাশি প্রথমতে বন্ধন আৰু পৰৱর্তী সময়ত এইচ ডি এফ চি বেংকৰ ছেভিংছ একাউণ্টত জমা ৰাখে৷ নিয়ম মতে এনে ধন চৰকাৰৰ ‘কাৰেণ্ট’ একাউণ্টত জমা ৰাখিব লাগে৷ কিন্তু এনে বহু অনিয়ম আৰু আঁচনিৰ ধন লুণ্ঠনৰ অংকত পৰিকল্পনাহীনভাৱে কাম কৰা বাবেই মুগা মিছনত আজিৰ তাৰিখত কার্যতঃ মৃত্যুঘণ্টা বাজিছে বুলি অভিযোগ উঠিছে৷ উল্লেখ্য যে মুগা অসমৰ জাতীয় সম্পদ আৰু অসমীয়াৰ স্বাভিমান৷ কৃষিৰ পাছতেই অসমত হস্ততাঁত–বস্ত্র আৰু ৰেচম খণ্ডত নিয়োজিত মানুহৰ সংখ্যা সর্বাধিক৷ ক’ৰোনা ভাইৰাছৰ প্রব্রজিত শ্রমিকৰ নিয়োগৰ সমস্যাই অসমতো গভীৰ ৰূপ ধাৰণ কৰিবলৈ লোৱাৰ সময়ত ৰাজ্যৰ অর্থনৈতিক বিকাশ আৰু স্বাৱলম্বনৰ সুযোগ দিয়াত মুগা মিছনে গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে৷ এনে পৰিস্থিতিত মুগা মিছনৰ কাম–কাজ সঠিকভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্রত ৰাজ্যৰ মুখ্য সচিব তথা মুখ্যমন্ত্রীয়ে হস্তক্ষেপ কৰাটো সকলোৰে কাম্য৷

You might also like