নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ খালী হ’ব লগা অসমৰ ৰাজ্যসভাৰ আসন দুখনৰ এখন দখল কৰাৰ লক্ষ্যৰে পুনৰ এআইইউডিএফলৈ মিত্রতাৰ হাত আগবঢ়াইছে কংগ্রেছে৷ কংগ্রেছ প্রার্থীক এখন আসনত জয়ী কৰাবলৈ বদৰুদ্দিন আজমল নেতৃত্বাধন এআইইউডিএফৰ সহায় বিচাৰিলে দেৱব্রত শইকীয়াই৷ যেনে–তেনে বিজেপিক এখন আসন দখলৰ পৰা আঁতৰাই ৰখাৰ লক্ষ্যৰে বিৰোধীক ঐক্যবদ্ধ কৰাৰ প্রচেষ্টাত নামি পৰা বিৰোধী দলপতিগৰাকীৰ মন্তব্য– এইবাৰ ৰাজ্যসভাত আমাক সুযোগ দিয়ক, পৰৱর্তী সময়ত আমি সুযোগ দিম৷
উল্লেখ্য যে মার্চ মাহৰ শেষৰ ভাগত হ’বলগীয়া ৰাজ্যসভা নির্বাচনত দুয়োখন আসন দখলৰ লক্ষ্যৰে ইতিমধ্যে শাসকীয় বিজেপিয়ে আৰম্ভ কৰিছে কুচকাৱাজ৷ আনকি বিৰোধীৰ কোনো কৌশল নির্বাচনত নাখাটে বুলি দাবী কৰি বিজেপিয়ে দুয়োখন আসনতে মিত্রজোঁট প্রার্থীৰ জয় নিশ্চিত বুলি স্পষ্ট কৰি দিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছ, এআইইউডিএফ, বিপিএফ, চিপিএম আৰু নির্দলীয় বিধায়কৰ সংখ্যাৰে এখন আসন বিৰোধীয়ে দখল কৰাৰ পূর্ণ সুযোগ আছে বুলি দাবী কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই এআইইউডিএফৰ সহায় বিচাৰি কয়– যদি নির্বাচনত এআইইউডিএফে সহায়ৰ প্রতিশ্রুতি দিয়ে, তেন্তে পৰৱর্তী সময়ত আমি এআইইউডিএফৰ প্রার্থীলৈ সহায়ৰ হাত আগবঢ়াম৷ যিহেতু আমাৰ বিধায়কৰ সংখ্যা বেছি, গতিকে কংগ্রেছক এইবাৰ সহায় কৰক৷ পৰৱর্তী সময়ত আমি সহযোগিতাৰ হাত আগবঢ়াম৷
ইফালে দেৱব্রত শইকীয়াৰ এই ফর্মুলাক মুকলিকৈ সমর্থন আগবঢ়ালে এআইইউডিএফৰ বিধায়ক ৰফিকুল হুছেইনে৷ জনিয়া সমষ্টিৰ বিধায়কজনে এই সন্দর্ভত আজি সংবাদ মাধ্যমক কয়– বিৰোধী বিধায়কসকলে একত্রিতভাৱে যদি এজন প্রার্থী থিয় কৰোৱায়, তেন্তে এতিয়াও যথেষ্ট সুযোগ আছে বিজেপিৰ পৰা এখন আসন কাঢ়ি অনাৰ৷ গতিকে বিৰোধী ঐক্যবদ্ধ হোৱাৰ প্রয়োজন৷ তেতিয়াহে আমি অসমৰ স্বার্থৰ বাবে মাত দিয়া এজন প্রার্থীক জয়ী কৰব পাৰিম৷ বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে কংগ্রেছ, এআইইউডিএফে দিয়া আহ্বানৰ বিপৰীতে কিন্তু বিপিএফে আওপকীয়াকৈ বিজেপিক সমর্থন দিয়াৰ কথাহে উল্লেখ কৰিছে৷ দলৰ বিধায়ক দুর্গাদাস বড়োৱে কয় যে দলৰ সিদ্ধান্ত সম্পর্কত ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক অৱগত কৰা হৈছে৷ বিপিএফে চৰকাৰখনৰ লগত থাকি বিটিচিৰ উন্নয়নৰ বাবে কাম কৰাৰ ইচ্ছা৷
ৰাজ্যসভাৰ নির্বাচনক লৈ চলি থকা এনে কুচকাৱাজৰ সময়তে কংগ্রেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কংগ্রেছ ত্যাগ কৰাৰ ইংগিত দিছে৷ আনকি বিৰোধী দলপতি দেৱব্রত শইকীয়াই শ্বেৰমান আলী আহমেদে কংগ্রেছ এৰাটো নিশ্চিত বুলি ক’লে৷ দেৱব্রত শইকীয়াই আজি স্পষ্ট কৰে যে সংখ্যালঘুৰ হকে মাত নামাতিবলৈ কংগ্রেছে শ্বেৰমান আলী আহমেদৰ ওপৰত যি চর্ত দিয়া বুলি কৈছে সেয়া সম্পূর্ণ মিছা কথা৷ এনেধৰণৰ কোনো চর্চ দিয়া নাই কংগ্রেছে৷ শ্বেৰমান আলীক ১৯খন পঞ্চায়তৰ ১৬খন পঞ্চায়তে কংগ্রেছ এৰাৰ সপক্ষে মত দিয়া বুলি কৈছে৷ গতিকে তেওঁ কংগ্রেছ এৰাটো নিশ্চিত৷