বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : লোকসভা নির্বাচনত কংগ্রেছকে ধৰি বিৰোধী ঐক্যমঞ্চই কিমানখন আসনত জয়ী হ’ব সেই সম্পর্কে অহা ৩ ডিচেম্বৰত হিচাপ দিব প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ সংবাদ মাধ্যমৰ আগত বৰাই এই কথা সদৰী কৰে৷ উল্লেখ্য যে অহা ৩ ডিচেম্বৰত পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ ফলাফল প্রকাশ পাব৷ সেইদিনাই দিনৰ ১১.৩০ বজাত গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কংগ্রেছকে ধৰি বিৰোধী ঐক্যমঞ্চই বিজয় উৎসৱ পালন কৰিব বুলি ইতিমধ্যে প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে প্রকাশ কৰিছে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সেইদিনাই আসন্ন লোকসভা নির্বাচনত অসমত তেওঁলোকে কিমানখন আসনত জয়ী হ’ব তাৰ হিচাপ দিব৷ আনহাতে পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনত বিজেপি দলৰ ফলাফল শূন্য হ’ব বুলি দাবী কৰি বৰাই কয় যে তেলেংগানাত বিজেপি দলে দুই শতাংশহে ভোট লাভ কৰিব৷ মিজোৰামত বিজেপি দল দুখন আসনতহে প্রতিদ্বন্দ্বিতাত আছে৷ ৰাজস্থান, ছত্তিশগড়, মধ্যপ্রদেশতো বিজেপি দল পৰাস্ত হ’ব৷ ইপিনে আপৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালকো এনফ’চমেণ্ট ডিৰেক্টৰেট (ইডি)–এ জেৰাৰ বাবে চমন দিয়া কার্যক কটাক্ষ কৰি কয় যে সমগ্র ভাৰতৰ মানুহকে চিবিআই, ইডিয়ে জেৰা কৰিব লাগিব৷ বিজেপিক কিয় ভোট দিয়া নাই তাৰ বাবেই চিবিআই, ইডিয়ে সমগ্র দেশৰ মানুহকে জেৰা কৰিব লাগিব৷