নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ অংশীদাৰ দলৰে আসন বুজাবুজিক লৈ শাসক–বিৰোধী উভয় শিবিৰতে যুযুধান পৰিস্থিতিৰ উদ্ভৱ হৈছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে দিছপুৰ বিধানসভা সমষ্টিটো অংশীদাৰ দল আঞ্চলিক গণ মর্চাক এৰি দিব বুলি বিভিন্ন মহলত চর্চা চলি থকাৰ সময়তে দিছপুৰ কংগ্রেছে আজি প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আজি দিছপুৰ সমষ্টিৰ দিছপুৰ ব্লক, নুনমাটি ব্লক, বেলতলা ব্লক, ডিমৰীয়া ব্লক কংগ্রেছৰ শতাধিক নেতা–কর্মীয়ে ধর্ণা কার্যসূচী ৰূপায়ণ কৰি দিছপুৰ সমষ্টিটো অংশীদাৰ দলক এৰি দিয়াৰ বিৰোধিতা কৰে৷ ক্ষুব্ধ কংগ্রেছীসকলে মনজিৎ মহন্ত গ’ বেক, দিছপুৰত গণ মর্চাৰ প্রার্থী নালাগে, কংগ্রেছ জিন্দাবাদ, অকণ বৰা জিন্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ সেইদৰে হাজো সমষ্টিটো এইবাৰ বিজেপিয়ে অগপক এৰি দিব বুলি চলা চর্চাত ক্ষুণ্ণ হৈ পৰিছে সমষ্টিটোৰ বিজেপি নেতা–কর্মীসকল৷ ক্ষুব্ধ বিজেপি নেতা–কর্মীসকলে নিশাৰ ভাগত সমষ্টিটোত প্রতিবাদী কার্যসূচী গ্রহণ কৰে৷
ইপিনে ছিপাঝাৰ সমষ্টিটোও এইবাৰ বিজেপিৰ পৰিৱর্তে অগপক এৰি দিব বুলি চলা চর্চাত ক্ষুব্ধ হৈ পৰিছে সমষ্টিৰ বিজেপি নেতা–কর্মীসকল৷ আজি সন্ধিয়া মণ্ডল বিজেপিৰ কার্যালয়ত এখন সংবাদ মেল আয়োজন কৰি অগপৰ নূ্যনতম সাংগঠনিক ভেটি থকা ছিপাঝাৰ অগপক এৰি দিলে কোনো কাৰণতে সহ্য নকৰে বুলি ছিপাঝাৰ বিজেপিয়ে স্পষ্ট কৰি দিয়ে৷ তদুপৰি ব্যক্তিগত জীৱনৰ পৰা সামাজিক জীৱনলৈ কেৱল বিতর্কৰে ভৰপূৰ পৰমানন্দ ৰাজবংশীৰ নেতৃত্ব কোনো কাৰণতে মানি নলয় বুলি উল্লেখ কৰি ছিপাঝাৰৰ ৩,৯০০ পৃষ্ঠাপ্রমুখে অগপৰ হৈ নির্বাচনত সহযোগ নকৰাৰো হুংকাৰ দিয়ে৷ আনকি প্রয়োজনত ছিপাঝাৰ আৰু পাথৰিঘাট মণ্ডলৰ সকলো বিষয়াববীয়াই পদত্যাগ কৰাৰো হুংকাৰ দিয়ে৷ সন্ধিয়াৰ ভাগত দৰং বিজেপিৰ তৰফৰ পৰা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক ই–মেইলযোগে ছিপাঝাৰ সমষ্টিটোত বিজেপি প্রার্থী দিয়াৰ দাবী জনায়৷
হাজোত ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্রতিবাদ
সমাগত বিধানসভা নির্বাচনত ৫৫নং হাজো বিধানসভা সমষ্টিত দলীয় টিকটক লৈ নিশা এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ হাজো আৰু উত্তৰ হাজো মণ্ডলৰ শতাধিক বিজেপি কর্মীয়ে হাজো মণ্ডল বিজেপিৰ মুখ্য কার্যালয়ৰ সন্মুখৰ হাজো–গুৱাহাটী পথত টায়াৰ জ্ব্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে সমাগত বিধানসভা নির্বাচনত বিজেপিৰ দখলত থকা হাজো সমষ্টিটো এইবাৰ মিত্র দল অসম গণ পৰিষদক এৰি দিব বুলি ব্যাপক প্রচাৰ হোৱাত বিজেপিৰ নেতা–কর্মীসকল হতাশ হৈ পৰে৷ আজি নিশা প্রায় ৯ বজাত সমষ্টিটোৰ উত্তৰ হাজো মণ্ডলৰ শতাধিক দলীয় কার্যকর্তাই কুলহাটীৰ দমদমা চ’কত আৰু হাজো মণ্ডলৰ কার্যকর্তাসকলে হাজো বিষ্ণুপুৰত থকা বিজেপিৰ কার্যালয়ৰ সন্মুখৰ হাজো–গুৱাহাটীৰ পথত টায়াৰ জ্বলাই প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে বিজেপি জিন্দাবাদ, হাজো সমষ্টিত বিজেপিক প্রার্থিত্ব প্রদান কৰক, অগপ গ’ বেক, দলীয় কার্যকর্তাৰ আৱেগ–নুভূতিক গুৰুত্ব দিয়ক, আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে৷ এই সময়ছোৱাত উক্ত পথেৰে চলাচল কৰা শ শ যান–বাহন পথত আবদ্ধ হৈ পৰে৷