নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছত বঙহৰ যুঁজ, বিধায়িকা নন্দিতা–শিৱামণিৰ বিৰুদ্ধে অনুশাসন ভংগৰ অভিযোগ আনিব সভাপতি ভূপেন বৰাই

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মাৰ্চঃ লবীকেন্দ্রিক ৰাজনীতি, আভ্যন্তৰীণ বাদ–বিসম্বাদত জর্জৰিত ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত চলি অহা বঙহৰ যুঁজে ভয়ানক ৰূপ ধাৰণ কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি পদৰ পৰা ভূপেন বৰাক অপসাৰিত কৰি সাংসদ গৌৰৱ গগৈক সভাপতি পদত অধিষ্ঠিত কৰিবলৈ কংগ্রেছৰ এটা চক্র যোৱা লোকসভা নির্বাচনৰ পিছৰে পৰা তৎপৰ হৈ পৰিছে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ তত্ত্বাৱধায়ক তথা এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে অহা বিধানসভা নির্বাচনৰ পূর্বে প্রদেশ কংগ্রেছৰ সভাপতি সলনি নহয় বুলি স্পষ্ট কৰি দিয়াৰ পিছতো দলৰ ভিতৰচ’ৰাত ভূপেন বৰাবিৰোধী অভিযান অব্যাহত আছে৷ শেহতীয়াকৈ ভূপেন বৰাবিৰোধী অভিযানত হাত উজান দিছে দলটোৰ দুই বিধায়িকা নন্দিতা দাস আৰু শিৱামণি বৰাই৷ ব্লক কংগ্রেছৰ সভাপতি নিযুক্তিত হোৱা অনিয়মক লৈ যোৱা ২১ মার্চৰ পৰা নতুন দিল্লীত বাহৰ পাতি আছে দুই বিধায়িকাই৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙকে ধৰি দলৰ শীর্ষ নেতৃত্বক লিখিত অভিযোগ দিয়াৰ বাবেই তেওঁলোক দিল্লীত বাহৰ পাতি আছে৷ এই সম্পর্কত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে হাইকমাণ্ডলৈ চিঠি দিয়াত আপত্তি কৰিবলগীয়া একো নাই৷ দলৰ সকলোৱে হাইকমাণ্ডক সাক্ষাৎ কৰি অভিযোগ আদি দিব পাৰে৷ ইয়াত আপত্তি কৰিবলগীয়া নাই৷ কিন্তু তেওঁলোকে দলৰ শীর্ষ নেতৃত্বলৈ লিখা চিঠি ৰাজহুৱা হোৱাটো ভাল কথা হোৱা নাই৷ এনে কার্যই তেওঁলোকৰ দলৰ প্রতি থকা আস্থা–নিষ্ঠাৰ প্রতি প্রশ্ণ তোলে৷ এই বক্তব্যৰ জৰিয়তে সভাপতি বৰাই বিধায়িকা নন্দিতা দাস আৰু শিৱামণি বৰাৰ বিৰুদ্ধে দলীয় অনুশাসন আৰু শৃংখলা ভংগৰ অভিযোগ উত্থাপনৰেই ইংগিত বহন কৰিছে৷ ইপিনে সভাপতি বৰাৰ গৃহ জিলা লখিমপুৰৰ ঢ়কুৱাখনা সমষ্টিত কংগ্রেছ কর্মীৰ মাজত সংঘটিত মাৰপিটৰ ঘটনায়ো দলটোৰ ভিতৰত জোকাৰণিৰ সৃষ্টি কৰিছে৷ এই ঘটনা সম্পর্কত সভাপতি বৰাই কয় যে ঢ়কুৱাখনা ব্লক কংগ্রেছৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ মুঠতে ৰাভা হাছং স্বায়ত্ত পৰিষদৰ নির্বাচন আৰু পঞ্চায়ত নির্বাচনৰ প্রাক্ক্ষণত বিৰোধী দল কংগ্রেছৰ ভিতৰচ’ৰাত বঙহৰ যুঁজ অধিক তীব্র হৈ পৰিছে৷

You might also like