নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কবিতা আবৃত্তিক সাংস্কৃতিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ চিন্তা-চৰ্চা

বিশেষ বাৰ্তা, ৩ আগষ্ট : কবিতা আবৃত্তিক এক সাংস্কৃতিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তর্ভুক্তি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত আজি দিছপুৰত এখন বৈঠক অনুষ্ঠিত হয়। বিষয়টো সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিখনৰ সদস্য ক্ৰমে আবৃত্তিকাৰ উপম শইকীয়া, শেফালিকা শীল, অৱনী বৰা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালিকা মীনাক্ষি দাস নাথ, সাংস্কৃতিক বিভাগৰ উপ সচিব অনুৰাগ ফুকনকে ধৰি কেইবাগৰাকীও বিষয়াৰ উপস্থিতিত আবৃত্তিক এক সাংস্কৃতিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তর্ভুক্তি কৰাৰ সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰা হয়। বৈঠকত আবৃত্তিকাৰ উপম শইকীয়াই দেশৰ কোনো বিশ্ব বিদ্যালয়ৰে পাঠ্যক্ৰমত অন্তর্ভূক্ত হোৱা নাই বুলি জানিবলৈ দিয়াৰ লগতে কবিতাৰ আবৃত্তিয়ে শব্দ উচ্চাৰণ, সংলাপ প্ৰক্ষেপণৰ ক্ষেত্রত স্পষ্টতা তথা কণ্ঠ কলাৰ অন্যান্য বিভাগসমূহত ছাত্র ছাত্রীসকলক কিদৰে সহায় কৰে সেই বিষয়ে কয়। সভাত প্ৰাথমিক বিদ্যালয় পৰ্যায়ত বিষয়টো অন্তর্ভুক্তি সন্দৰ্ভতো মতামত আগবঢ়োৱা হয়। আবৃত্তি বিষয়টোক এক সাংস্কৃতিক বিষয় হিচাপে পাঠ্যক্ৰমত অন্তর্ভুক্তিৰ বাবে সংগীত নাটক একাডেমীলৈ এক প্ৰস্তাৱ প্ৰেৰণৰ বাবে সাংস্কৃতিক বিভাগ আৰু শিক্ষা বিভাগৰ মন্ত্রী পৰ্যায়ত আলোচনাৰ বাবে এই সন্দৰ্ভত এক বিস্তৃত টোকা প্ৰস্তুত কৰিবলৈ সাংস্কৃতিক সঞ্চালকক প্ৰধান সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ বাবে ৫ আগষ্টত সাংস্কৃতিক সঞ্চালক পৰ্যায়ত এক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।

You might also like